ETV Bharat / state

গমেই নাপালো মোৰ ওচৰতেই ভগৱান আছিল, ভগৱানৰ আত্মা আছিল: গৰিমা গাৰ্গ

"কেৱল মানুহ আছিল জুবিনৰ কাষত । মোৰ কাষতো জুবিনৰ বাবে আজি সকলো আহিছে আৰু আছে ।"

Garima Garg on Zubeen
জুবিন গাৰ্গৰ বাসগৃহত পিতৃৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 8:45 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : "মোৰ ওচৰত যে ভগৱান আছিল, মই গমেই পোৱা নাছিলোঁ ।" জুবিন গাৰ্গ সন্দৰ্ভত এই মন্তব্য পত্নী গৰিমা গাৰ্গ শইকীয়াৰ । আপোনৰো আপোন মানুহজনৰ মৃত্যুৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে গৰিমা গাৰ্গ শইকীয়াই ।

বুধবাৰে কাহিলিপাৰাৰ বাসগৃহত সাংবাদিকৰ আগত গৰিমা গাৰ্গে কয়, "সি ভালপোৱা সকলো মই সংৰক্ষণ কৰিম । ১০ দিনৰ আৰু ১১ দিনৰ কাম কৰিম । তাৰ পাছত ১৩ দিনত ধৰ্মীয় ৰীতি-নীতিৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হ'ব । আমি যোৰহাটত নিয়মখনি কৰিম বুলি মনত ভাবিছোঁ । জুবিন যেনেকৈ থাকে তেনেকৈ বিদায় দিয়া হৈছে । তেওঁ ব্যৱহাৰ কৰা সকলোখিনি বস্তু আমি সংৰক্ষণ কৰিম ।"

জুবিনৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা গাৰ্গৰ (ETV Bharat Assam)

গৰিমা গাৰ্গে চকুলো বোৱাই কয়, "মোৰ ওচৰত যে ভগৱান আছিল, মই গমেই পোৱা নাছিলোঁ । মোৰ ওচৰতে ভগৱানৰ আত্মা আছিল গমেই নাপালোঁ । আমি ইমানখিনিলৈকে জুবিনক চিনিয়ে পোৱা নাছিলোঁ । জুবিনে যিদৰে মানুহক ভাল পাইছিল সেই মৰম আৰু ভালপোৱা মানুহৰ পৰা আমি ভাবিব নোৱৰাকৈ পাইছোঁ । তাৰবাবে মই বিশ্ববাসীৰ ওচৰত কৃতজ্ঞ ।"

তেওঁ লগতে কয়, "ইমান মৰম দিছে, মই নিজে আচৰিত । জুবিনে কোৱা 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই'ৰ দৰেই সকলো ওলাই আহিছিল । কেৱল মানুহ আছিল জুবিনৰ কাষত । মোৰ কাষতো জুবিনৰ বাবে আজি সকলো আহিছে আৰু আছে ।"

জুবিন গাৰ্গৰ আধৰুৱা কাম সন্দৰ্ভত গৰিমা গাৰ্গে কয়, "জুবিনৰ খুব হেঁপাহৰ আছিল 'ৰৈ ৰৈ বিনালে..'। মোৰ দুখ থাকি গ'ল কামখিনি নহ'ল । ছিংগাপুৰৰ পৰা আহি কৰাৰ কথা আছিল । চিনেমাখনৰ কাম যি পাৰোঁ কৰিম । ৩১ তাৰিখে ৰিলিজ কৰাটো তেওঁ বিচাৰিছিল । তাৰ বাবে ৰাজেশকে ধৰি সকলো লাগি আছে । তেওঁ ভালপোৱা সকলো মই সংৰক্ষণ কৰিম ।"

আদ্যশ্ৰাদ্ধ সন্দৰ্ভত তেওঁ কয়, "১৩ দিনত অনুষ্ঠিত হ’ব ধৰ্মীয় ৰীতি-নীতিৰে আদ‍্যশ্ৰাদ্ধ । আমি যোৰহাটতো নিয়ম কৰিম বুলি মনত ভাবিছোঁ ।"

ইফালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰসংগত গৰিমা গাৰ্গে কয়, "বৰ্তমানলৈ সিদ্ধাৰ্থ‌ই মোৰ লগত যোগাযোগ কৰা নাই । মোৰ আইনৰ ওপৰত আস্থা আছে আৰু সকলো আইনে কৰিব । বাকী এই বিষয়ে মই একো নাজানো ।"

জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত ৰাজ্যপালৰ উপৰি বহু গুণমুগ্ধ আৰু শুভাকাংক্ষী

ইফালে মঙলবাৰে সোণাপুৰৰ কামাৰকুছিৰ হাতীমূৰাত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হৈ যোৱাৰ পাছতো আজিও সেই শেষকৃত্যস্থলীলৈ অনুৰাগীৰ আগমন ঘটিয়েই আছে । ওৰে নিশা সেই শেষকৃত্যস্থলীত থাকি অনুৰাগীয়ে জুবিনৰ চিৰসেউজ গীতবোৰ গাই কান্দোনত ভাঙি পৰাৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে । অনুৰূপ ধৰণেই কাহিলিপাৰাৰ বাসগৃহলৈয়ো অনুৰাগীৰ আগমন ঘটিয়েই আছে ।

বুধবাৰে কাহিলিপাৰৰ বাসগৃহত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । ৰাজ্যপালগৰাকীয়ে জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ আৰু গৰিমা গাৰ্গক সাক্ষাৎ কৰি তেওঁলোকৰ খা-খবৰ লয় । ৰাজ্যপালে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

আনহাতে, জুবিন গাৰ্গৰ গৃহলৈ বুধবাৰে আহে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও । আজি বিদ্যালয় খুলিছে যদিও কাহিলিপাৰাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীও শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে আহি জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা জনায় ।

উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰত এইসকল শিশুৰ সৈতেই সময় পাৰ কৰিছিল জুবিন গাৰ্গে । কাহিলিপাৰাৰ বাসগৃহত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা কফিনটো । এই কফিনলৈয়ো চাই অনুৰাগীসকলে শ্ৰদ্ধা জনাইছে ।

ইফালে জুবিন গাৰ্গৰ শেষকৃত্যৰ অনুষ্ঠানলৈ গৈ অধিক অসুস্থ হৈ পৰা পিতৃ কপিল ঠাকুৰৰ শাৰীৰিক অৱস্থা এতিয়া কিছু সুস্থিৰ হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

ব্ৰহ্মপুত্রত জুবিন গাৰ্গৰ পিণ্ডদান

মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছত বুধবাৰে জুবিন গাৰ্গৰ পিণ্ডদান কৰা হয় । শুক্লেশ্বৰ ঘাটত পিণ্ডদান দিয়াৰ পৰ্ব আজি সম্পন্ন কৰা হয় । জুবিন গাৰ্গে যিহেতু তেওঁক ব্ৰহ্মপুত্ৰতেই উটুৱাই দিবলৈ কৈ গৈছিল, সেয়ে তেওঁৰ ইচ্ছা অনুসৰিয়েই তেওঁৰ পিণ্ডদান ব্ৰহ্মপুত্ৰতেই সম্পন্ন কৰা হয় । জুবিন গাৰ্গৰ মুখাগ্নি কৰা ঋতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে শুক্লেশ্বৰ ঘাটত পিণ্ডদান পৰ্ব সম্পন্ন কৰে ।

বহু শিল্পী আৰু কলা-কুশলীৰ আগমন কাহিলিপাৰাৰ বাসগৃহত

বুধবাৰে পুৱাৰে পৰাই শিল্পী, কলা-কুশলীকে ধৰি বিভিন্ন লোকৰ সমাগম ঘটিছে কাহিলিপাৰাৰ ঘৰখনলৈ । সকলোৱে পৰিয়ালটোৰ খবৰ লৈছে । পৰিয়ালটোৰ খবৰ ল'বলৈ অহা অভিনেতা যতীন বৰাই সংবাদ মাধ্যমৰ আগত কয়, "জুবিনক ব্যৱহাৰ কৰা হ'ল, জুবিন অবিহনে মই আধৰুৱা হৈ ৰ'লোঁ । গৰিমাক আপোনালোকে অকলশৰীয়া নকৰিব, সাহস দিয়ক । ছিংগাপুৰৰ পৰা ঘূৰি আহি দুটা গীত গোৱাৰ কথা আছিল জুবিন গাৰ্গে । জুবিনক আচলতে ব্যৱহাৰ কৰিলে । জুবিনৰ মৃত্যুৰ আমাক ন্যায় লাগিব ।"

আনহাতে, পৰিচালক ৰাজেশ ভূঞাই কয়, "৩১ অক্টোবৰত মুক্তি পাব জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখন । ছবিখন সকলোৱে চাবলৈ এখন চিঠি লিখি থৈ গৈছিল জুবিনে । জুবিনৰ ইচ্ছামতেই নিৰ্দিষ্ট দিনটোত মুক্তি পাব ছবিখন । ছবিখনৰ বাকী থকা কামখিনি একাংশ জুবিনৰ বন্ধুৱে কৰিব । ১৫ ছেপ্টেম্বৰত ছবিখনৰ ‘সপোন সপোন' শীর্ষক গানটো গাইছিল জুবিনে । পৰিকল্পনা কৰিছিল ছবিখনৰ মুক্তিৰ দিন । টিজাৰ মুকলি, গান মুকলিৰ দিনো জুবিনে ঠিক কৰিছিল । আমি জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰোঁ ।"

ইফালে বিশিষ্ট কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই কয়, "চৰকাৰে তদন্ত সোনকালে কৰিব লাগে । কাৰ হাতত জুবিনৰ গীতৰ কপিৰাইটছ আছে মই নাজানো । গৰিমাৰ হাতত কপিৰাইটছ থাকিলে ভাল । মই গৰিমাক মাতটো দিবলৈ আহিলোঁ । আমি সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰোঁ ।"

সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হোৱাটো বিচাৰিছে । সকলোৱে জানিব বিচাৰে কি পৰিস্থিতিত আৰু কাৰ ভুলৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :চৰকাৰে জুবিনদাৰ সৃষ্টিসমূহ অথলে যাবলৈ নিদিয়ে: কাহিলিপাৰাৰ বাসগৃহত মন্ত্রী পীযুষ হাজৰীকা
লগতে পঢ়ক :জুবিনৰ মৃত্যু ৰহস্যক লৈ মুখ খুলিলে ড০ সঞ্জীৱ নাৰায়ণে