ETV Bharat / state

গ্ৰন্থই পৃথিৱীক কেতিয়াও বিশ্বাসঘাতকতা নকৰে: কলিয়াবৰ গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ সভাপতি

'প্ৰজন্ম কলিয়াবৰ'ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰ আয়োজন । স্থানীয় বিধায়ক কেশৱ মহন্তই উদ্বোধন কৰা গ্ৰন্থমেলাত উপস্থিত অসম সাহিত্য সভাৰ সভাপতি ।

Kaliabor Book Fair
প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচনৰ এক দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 8:38 AM IST

2 Min Read
Choose ETV Bharat

কলিয়য়াবৰ : "সমগ্ৰ পৃথিৱীখন গ্ৰন্থই শাসন কৰি আছে । গ্ৰন্থ হৈছে অমৃত কুম্ভ । যাৰ পৰা আমি অমৃত আশা কৰিব পাৰোঁ । বৰ্তমানৰ যুৱ প্ৰজন্ম গ্ৰন্থ অধ্যয়নৰ পৰা আঁতৰি অহা বুলি যি ধাৰণা আছিল, তাক কলিয়াবৰত যুৱকসকলৰ দ্বাৰা গঠিত 'প্ৰজন্ম' নামৰ অনুষ্ঠানটোৱে এইবাৰ গ্ৰন্থমেলা পাতি ভুল বুলি প্ৰমাণ কৰিলে ।" কলিয়াবৰত এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ ৷

মঙলবাৰৰ পৰা কলিয়াবৰত আৰম্ভ হৈছে 'কলিয়াবৰ গ্ৰন্থমেলা' । প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী ।

কলিয়াবৰত প্ৰথমবাৰৰ বাবে আয়োজন গ্ৰন্থমেলা (ETV Bharat Assam)

কলিয়াবৰত পোনপ্ৰথমবাৰৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান 'প্ৰজন্ম কলিয়াবৰ'এ এই গ্ৰন্থমেলা আয়োজন কৰাত সন্তুষ্টি প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয়, "পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ বন্ধুজনেই হ'ল গ্ৰন্থ । কিয়নো গ্ৰন্থই পৃথিৱীক কেতিয়াও বিশ্বাসঘাতকতা নকৰে । আজিৰ সমাজে সম্পাদকবিহীন ডিজিটেল মাধ্যমক বিশ্বাস নকৰে । তাৰ প্ৰমাণ শেহতীয়া অসম গ্ৰন্থমেলাই দিছে ।"

Kaliabor Book Fair
গ্ৰন্থমেলাস্থলীত অসম সাহিত্য সভাৰ সভাপতি, কলিয়াবৰৰ বিধায়ক তথা অন্যান্যসকল (ETV Bharat Assam)

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে মঙলবাৰৰ পৰা কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত ছদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 'প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা' । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰা গ্ৰন্থমেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী । আনহাতে, গ্ৰন্থমেলা উদ্বোধনী সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ।

Kaliabor Book Fair
গ্ৰন্থ উন্মোচন (ETV Bharat)

গ্ৰন্থমেলা উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই কয়, "কলিয়াবৰত আমি সকলো গোট খাওঁতে এই কথাটো আলোচনা হয় যে গ্ৰন্থমেলাখন হ'ব লাগিছিল । কিন্তু আগভাগ ল'বলে বৰ বিশেষ উদ্যোগ হোৱা নাছিল । কিন্তু প্ৰজন্মই এইটোত আগভাগ ল'লে । তেওঁলোকক মই এইটো কথাত ধন্যবাদ দিছোঁ । যদিও প্ৰজন্মই ইয়াৰ উদ্যোগ লৈছে কলিয়াবৰৰ যিখিনি লোকে এই কথাটোৰ লগত সদায় জড়িত সেইখিনি ব্যক্তিয়ে ইয়াৰ নেতৃত্ব লৈছে ।"

লগতে পঢ়ক :বিশ্ব ৰেকৰ্ডৰ অংশীদাৰ হ'বলৈ সাজু অখ্যাত বাগিচাৰ এগৰাকী যুৱতী - JHUMUR DANCE WORLD RECORD
লগতে পঢ়ক :টেট পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব কেতিয়া ? ক'লে শিক্ষামন্ত্ৰীয়ে - TET TEST RESULT