পাঁচ মাহতে কাজিৰঙা দৰ্শন আঢ়ৈ লাখৰো অধিক পৰ্যটকৰ
অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ ভিতৰত ৯,৭১১ গৰাকী আছিল বিদেশী পৰ্যটক ।

Published : March 3, 2025 at 7:20 PM IST
কাজিৰঙা: দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বিগত পাঁচ মাহত কাজিৰঙা দৰ্শন আঢ়ৈ লক্ষাধিক পৰ্যটকৰ ৷ আনকি কেৱল কাজিৰঙাতে পাঁচ মাহত বন বিভাগে ৰাজহ হিচাপে সংগ্ৰহ কৰিছে ৬ কোটি ৮৪ লাখ টকা ৷ লকডাউনৰ কঠিন সময়ৰ পৰা ক্ৰমান্বয়ে ঠন ধৰি উঠা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত দুটা বৰ্ষৰ লগতে চলিত বৰ্ষতো উৎসাহিত ৰূপত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা । বিশেষকৈ এশিঙীয়া গঁড়, বনৰীয়া হাতী, ম'হৰ লগতে ঢেঁকীয়াপতীয়াৰ সুলভ বিচৰণৰ দৃশ্যই পৰ্যটকক আকৰ্ষিত কৰিছে ৷
কাজিৰঙাৰ প্ৰতি আগ্ৰহ বৃদ্ধি
এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' অৰুণ ভিগনেছে কয়, "২০২৪ চনৰ অক্টোবৰ মাহত আৰম্ভ হৈছিল কাজিৰঙা পৰ্যটনৰ ২০২৪-২৫ বৰ্ষ ৷ ইতিমধ্যে ফেব্ৰুৱাৰী মাহ পৰ্যন্ত যথেষ্ট পৰ্যটকৰ আগমন ঘটিছে ৷ বিগত ৫ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে আঢ়ৈ লক্ষাধিক পৰ্যটকে ৷ বিপৰীতে ৰাজহ সংগ্ৰহ হ'ল ৬.৮ কোটি টকা ৷" তেওঁ লগতে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে ৯ সহস্ৰাধিক বিদেশী পৰ্যটকে ৷ বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ পৰ্যটকৰ সংখ্যা বৃদ্ধিত সহায়ক হৈছে ৷"
দেশী-বিদেশী পৰ্যটকৰ আগমন
উল্লেখ্য যে ২০২৪ বৰ্ষৰ অক্টোবৰ মাহত উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ পাছতে অক্টোবৰত ৫৯৩ গৰাকী বিদেশী আৰু ২৮,৯৮৬ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ২৯,৫৭৯ গৰাকী, নৱেম্বৰত ২,৮৬৯ গৰাকী বিদেশী আৰু ৪৯,১৫২ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ৫২,০২১ গৰাকী, ডিচেম্বৰত ২,০৪৮ গৰাকী বিদেশী আৰু ৭৮,০৫৭ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ৮০,১০৫ গৰাকী, জানুৱাৰীত ২,০০৬ গৰাকী বিদেশী আৰু ৬২,৮৩৮ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ৬৪,৮৪৪ গৰাকী আৰু ফেব্ৰুৱাৰী মাহত ২,১৯৫ গৰাকী বিদেশী পৰ্যটক আৰু ৩১,১৪৮ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ৩৩,৩৪৩ গৰাকী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে । অৰ্থাৎ বিগত ৫ মাহত ৯,৭১১ গৰাকী বিদেশী পৰ্যটক আৰু ২,৫০,১৮১ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ২,৫৯,৮৯২ গৰাকী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷
যাৰ বাবে অক্টোবৰ মাহত ৬৫,৪৭,৮১৫ টকা, নৱেম্বৰত ১,৪৮,০৩,৭৫৩ টকা, ডিচেম্বৰত ২,০৫,৮০,৭৭২ টকা, জানুৱাৰীত ১,৬১,৪৩,০১১ টকা আৰু ফেব্ৰুৱাৰী মাহত ১,০৩,২৯,৩৪২ টকাসহ বিগত ৫ মাহত ৬,৮৪,০৪,৬৯৩ টকা ৰাজহ সংগ্ৰহ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
লগতে পঢ়ক :অসমৰ খেলপথাৰ-খেলুৱৈৰ প্ৰশংসাত পঞ্চমুখ পি টি উষা - P T USHA

