ETV Bharat / state

আগষ্টত অসম সাহিত্য সভাই লাভ কৰিব নতুন সংবিধান: ড৹ বসন্ত কুমাৰ গোস্বামী

সাহিত্য সভাৰ সকলো লেনদেন চলিব ডিজিটেল পদ্ধতিৰে ৷ চিনাক্ত কৰা হ'ব ভুৱা শাখা ৷

ASAM SAHITYA SABHA MEETING
আগষ্টত অসম সাহিত্য সভাই লাভ কৰিব নতুন সংবিধান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 8:20 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: "ডিমাপুৰ, ক'হিমা, শিলচৰ, হাফলং আৰু চচলত থকা অসম সাহিত্য সভাৰ ভূমি সংৰক্ষণ কৰা হ'ব । অসম সাহিত্য সভাৰ আৰ্থিক লেনদেন ডিজিটেল পদ্ধতিত কৰা হ'ব ।" এই মন্তব্য় অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ । অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ।

দেওবাৰে অসম সাহিত্য় সভাৰ নতুন সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু ন-পুৰণি কাৰ্যনিৰ্বাহকৰ যুটীয়া বৈঠক সভাৰ মুখ্য কাৰ্যালয় দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ইপিনে, অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিত বৰা আৰু উপ-সভাপতি পদুম ৰাজখোৱাৰ উপস্থিতিত নতুন সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় ।

সাহিত্য সভাৰ সকলো লেনদেন চলিব ডিজিটেল পদ্ধতিৰে (ETV Bharat Assam)

২০২৫-২০২৭ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ নতুন সমিতিয়ে আজি কাৰ্যনিৰ্বাহক সভাতেই দায়িত্বভাৰ গ্ৰহণ কৰে । নতুন সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ অন্তত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "আগষ্টত অসম সাহিত্য সভাৰ নতুন সংবিধান আৰু বিত্তীয় লেনদেন ডিজিটেল কৰা হ'ব ।" সভাপতিগৰাকীয়ে লগতে কয় যে জুলাই মাহৰ ভিতৰত সাহিত্য সভাৰ সংবিধান সংশোধন কৰা হ'ব আৰু আগষ্টত সভাই নতুন সংবিধান লাভ কৰিব ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচনাৱলী হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়, "সভাৰ ৱেবছাইট শীঘ্ৰে সক্ৰিয় কৰাৰ লগতে এতিয়াৰে পৰা সভাৰ আজীৱন সদস্য পদ অনলাইন যোগে লোৱাৰ ব্যৱস্থা কৰা হ'ব ।" লগতে সভাপতিগৰাকীয়ে কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত ইংৰাজী শিক্ষক নিযুক্তি দিয়া, তিনি তৰপীয়াকৈ ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন আদি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।

তেওঁ কয়, "অসমত প্ৰতিষ্ঠা কৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পত থলুৱা লোকৰ নিযুক্তি, এডভান্টেজ আছামৰ কাৰ্যসূচী যদি সফল হয় সেই উদ্যোগসমূহত অসমৰ যুৱশক্তিক নিয়োগ কৰা হওক ৷ চৰকাৰী কৰ্মচাৰীয়ে গ্ৰন্থ ক্ৰয় কৰিবৰ বাবে অসম কৰ্মচাৰী পৰিষদৰ সৈতে আলোচনা কৰা হৈছে । ইয়াৰ লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অসম সাহিত্য সভাৰ শাখা গঠন কৰা হ'ব আৰু ভুৱা শাখা চিনাক্তকৰণৰ বাবে ব্য়ৱস্থা কৰা হ'ব । অসম সাহিত্য সভাৰ পৰা যিসমূহ তথ্য লাগে সেইসমূহ অসমৰ ৰাইজে বিচাৰিলে পোনপটীয়াকৈ লাভ কৰিব ।"

অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিয়ে সাহিত্য সভাৰ পূ্ৰ্বৰ গৰিমা ঘূৰাই আনি সাহিত্য সভাক নতুনত্ব প্ৰদান কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলিও কয় সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:কিতাপ নপঢ়াকৈ বঁটা প্ৰদান কৰিলে অসম সাহিত্য সভাই: নুৰুল চুলতান - SAHITYA SABHA AWARD CONTROVERSY

বঁটা লাভ কৰি আনন্দিত মৃণালিনী দেৱী আৰু কামদেৱ দাস - ASAM SAHITYA SABHA SESSION 2025