ETV Bharat / state

শান্তিপূৰ্ণভাৱে সম্পন্ন উৰিয়ামঘাটত প্ৰথম দিনৰ উচ্ছেদ অভিযান

ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ বজাৰত ব্যাপক উচ্ছেদ অভিযান । প্ৰশাসনে প্ৰকাশ কৰিলে প্ৰেছ বাৰ্তা ।

First day of the eviction operation at Uriamghat was completed peacefully
সফলতাৰে সম্পন্ন উৰিয়ামঘাটৰ উচ্ছেদ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 10:22 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত উৰিয়ামঘাটৰ বিদ্যাপুৰ বজাৰত মঙলবাৰে চলোৱা হয় এক বৃহৎ উচ্ছেদ অভিযান । গোলাঘাট জিলা প্রশাসন আৰু গোলাঘাট আৰক্ষীৰ সক্রিয় সহযোগত অসমৰ বন বিভাগৰ নেতৃত্বত তথা নাগালেণ্ড চৰকাৰ আৰু নাগালেণ্ড আৰক্ষীৰ ঘনিষ্ঠ সমন্বয়ত এই অভিযান সফলতাৰে সম্পন্ন কৰা হয় ।

এই অভিযানৰ সময়ত প্রায় ৪.২ হেক্টৰ বনাঞ্চলত বিস্তৃত প্রায় ১২০ টা অবৈধ বাণিজ্যিক প্রতিষ্ঠান ভংগ কৰা হয় । এই পদক্ষেপ বেদখল কৰা সংৰক্ষিত বনাঞ্চলৰ ভূমি পুনৰ উদ্ধাৰ আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ এক সংহত প্ৰচেষ্টাৰ অংশ আছিল ।

First day of the eviction operation at Uriamghat was completed peacefully
মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় ধনশিৰি, সৰুপথাৰৰ প্ৰেছ বাৰ্তা (ETV Bharat Assam)

এই অভিযানত বৃহৎ পৰিসৰত যন্ত্রপাতি, বনকর্মী, প্রশাসনিক বিষয়া নিয়োগ কৰা হৈছিল । বিশেষ মুখ্য সচিব এম কে যাদৱৰ নেতৃত্বত আৰু অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক, গোলাঘাটৰ জিলা আযুক্তগৰাকী, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তথা অতিৰিক্ত জিলা আযুক্ত আৰু কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া সহযোগিতাত এই অভিযান সম্পন্ন কৰা হয় ।

অভিযান শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ আৰক্ষী আৰু চি আৰ পি এফৰ বাহিনী মোতায়েন কৰে প্ৰশাসনে । এই উচ্ছেদ অভিযানে সংৰক্ষিত বনাঞ্চলত অবৈধ বেদখল ৰোধ কৰাৰ লগতে অঞ্চলটোৰ পৰিৱেশ সংৰক্ষণৰ প্ৰসাৰৰ বাবে অসম চৰকাৰৰ অব্যাহত থকা প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে বুলি এক বিবৃতিতযোগে সদৰী কৰে প্ৰথমটো দিনৰ প্রেছ বার্তাত ।

First day of the eviction operation at Uriamghat was completed peacefully
মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় ধনশিৰি, সৰুপথাৰৰ প্ৰেছ বাৰ্তা (ETV Bharat Assam)

উল্লেখ্য যে উৰিয়ামঘাটৰ সীমান্তত ১১,০০০ বিঘা ভূমি উচ্ছেদৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান । হাজাৰ হাজাৰ আৰক্ষী-প্ৰশাসনৰ লোকৰ কটকটীয়া নিৰাপত্তাৰ মাজত চলে উচ্ছেদকাৰ্য । বিদ্যাপুৰ নামেৰে এখন বৃহৎ বজাৰ নিৰ্মাণ কৰিছিল বেদখলকাৰীসকলে । সেই বজাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো মহতিয়াই নিলে প্ৰশাসনৰ এক্সকেভেটৰে । ধংসস্তূপত পৰিণত হ'ল বিদ্যাপুৰ চহৰৰ লগতে বেদখলকাৰীৰ বাসগৃহসমূহ ।

লগতে পঢ়ক: মোৰ ঘৰ ভঙা ভিডিঅ'টো কৰিব নোৱাৰিলো... উৰিয়ামঘাটত উচ্ছেদিতৰ কান্দোনৰ ৰোল - URIAMGHAT EVICTION

গৰম কমাৰ যেন কোনো লক্ষণেই নাই, গ্ৰীষ্ম বন্ধৰ পাচতো পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব পাঠদান - SCHOOLS TIMING