ETV Bharat / state

মোৰ ঘৰ ভঙা ভিডিঅ'টো কৰিব নোৱাৰিলো... উৰিয়ামঘাটত উচ্ছেদিতৰ কান্দোনৰ ৰোল

"১৯৭৪ চনত মোৰ দাদাৰ হাত কাটি দিছিল নগাই । সেই তেতিয়াৰে পৰাই ইয়াত আছো ।" আৱেগিক মন্তব্য এজন উচ্ছেদিতৰ ।

Uriamghat eviction
উৰিয়ামঘাটত চলিত প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 8:05 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত মঙলবাৰে শতাধিক বুলড'জাৰেৰে চলিল উচ্ছেদ । ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম দিনটোৰ উচ্ছেদকাৰ্য । উৰিয়ামঘাটৰ সীমান্তত ১১,০০০ বিঘা ভূমি উচ্ছেদৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।

হাজাৰ হাজাৰ আৰক্ষী-প্ৰশাসনৰ লোকৰ কটকটীয়া নিৰাপত্তাৰ মাজত চলে উচ্ছেদকাৰ্য । বিদ্যাপুৰ নামেৰে এখন বৃহৎ বজাৰ নিৰ্মাণ কৰিছিল বেদখলকাৰীসকলে । সেই বজাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো মহটিয়াই নিলে প্ৰশাসনৰ এক্সকেভেটৰে । ধংসস্তূপত পৰিণত হ'ল বিদ্যাপুৰ চহৰৰ লগতে বেদখলকাৰীৰ বাসগৃহসমূহ ।

উৰিয়ামঘাটত উচ্ছেদিতৰ কান্দোনৰ ৰোল (ETV Bharat Assam)

ইপিনে বেদখলকাৰীক উচ্ছেদ কৰি থকাৰ সময়তেই এজনে কান্দি কান্দি সাংবাদিকৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে । কেতিয়াৰ পৰা সীমান্তত আছে তেওঁলোক ? নগাৰ সৈতে কি কি হৈছিল ? নগাই তেওঁলোকক কি অত্যাচাৰ কৰিছিল ? এফালৰ পৰা কান্দি কান্দি কৈ গৈছে তেওঁ । উচ্ছেদস্থলীত কান্দোনৰ ৰোল, বেদখলকাৰীৰ চকুত চকুলো ।

Uriamghat eviction
উৰিয়ামঘাটত চলিত বুলড'জাৰ (ETV Bharat Assam)

সুঁৱৰিলে ইতিহাস

কান্দি কান্দি এজন উচ্ছেদিতই কয়, "মোৰ দাদা (ককা) ১৯৭৪ত অহা । ১৯৭৪ত মোৰ দাদাৰ হাত কাটি দিছিল নগাই । সেই তেতিয়াৰে পৰাই ইয়াত আছো । নগাৰ পৰা মোৰ দাদাই জমিনখিনি বচাই ৰাখিছিলে । আমি ইয়াত কিমান দিনৰ পৰা আছো । এতিয়া বন বিভাগে জাননী দিছে ।"

Uriamghat eviction
উৰিয়ামঘাটত চলিত বুলড'জাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "অন্তত আমাৰ নথিপত্ৰসমূহ চাওক তেওঁলোকে । ১৯৭৯ত ফৰেষ্টৰ মানুহে নথি-পত্ৰ দিছে আমাক । সকলো নথি-পত্ৰৰ লগতে প্ৰমাণ-পত্ৰও আছে ।"

নথি-পত্ৰ নোচোৱাকৈ উচ্ছেদ কৰা কাৰ্যত আক্ষেপ কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰীৰ কথা আমি মানিছো । যদি নতুন মানুহ বনাঞ্চলত সোমাইছে জৰীপ কৰক, ঘৰে ঘৰে যাওক নতুবা এটা কেন্দ্ৰ খোলক, সকলোৰে নথি-পত্ৰসমূহ চাওক । তাকে নকৰি আমাৰ ঘৰে ঘৰে আহিছে আৰু আমাৰ নাম সুধিছে । দেউতাৰ নাম সুধিছে, তাৰ পিছতেই জাননী দি গৈছে । আমাৰ পৰিয়াল ইয়াতেই আছে, আমি ক'ত যাম ।"

নগা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমি নগাক কিয় টেক্স দিম । আমাৰ নথি-পত্ৰ সকলো অসমৰ । আমি বাস কৰিছো অসমৰ ভূমিত । অসমত ভোট দিওঁ । ওলোটাই আমিহে এই মাটি নগাৰ আগ্ৰাসনৰ পৰা বচাই ৰাখিছো ।"

Uriamghat eviction
এফালৰ পৰা বেদখলকাৰীক উচ্ছেদ উৰিয়ামঘাটত (ETV Bharat Assam)

নগাৰ উপদ্ৰৱ সন্দৰ্ভত কয়, "এই তিনিদিন আগতে নগাৰ মানুহ আহি ইয়াৰ পৰা বুঢ়ী মানুহ এগৰাকীক ধমকি দি চাৰিটা ছাগলী লৈ গৈছে । দুদিন পূৰ্বে এই অঞ্চলত নগাৰ চাৰিজন লোক আহি বজাৰত মদ খাই আছে । ইমানখিনি তেওঁলোকৰ ক্ষমতা বাঢ়িছে ।"

Uriamghat eviction
উৰিয়ামঘাটত উচ্ছেদৰ পিছৰ দৃশ্য (ETV Bharat Assam)

তেওঁ পুনৰ ক্ৰোধেৰে কয়, "এতিয়া চৰকাৰে চাওক আমাৰ কি নথি নাই । কি লাগে আপোনালেকক । ১৯৭৪ ৰ নথিও আছে । ফৰেষ্টৰ পঞ্জীয়ন হৈছে আমাৰ । আমাক ১৫ দিনৰ সময় দিব লাগে ঘৰ খালী কৰিবলৈ । ৭ দিনৰ সময় দিছে । ঘৰে ঘৰে গৈ আমাক আৰক্ষীয়ে ধমকি দিছে কিয় খালী কৰা নাই ।"

Uriamghat eviction
উৰিয়ামঘাটত চলিত বুলড'জাৰ (ETV Bharat Assam)

তেওঁ পুনৰ আৱেগিক হৈ কয়, "মোৰ ঘৰৰ ভিডিঅ'টো, ভঙা ভিডিঅ'টো কৰিব নোৱাৰিলো । মোৰ মোবাইলটো আপোনালোকৰ সন্মুখত লৈ গৈছে ।"

লগতে পঢ়ক :শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান, উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতি: আই জি পি অখিলেশ কুমাৰ সিং - URIAMGHAT EVICTION
লগতে পঢ়ক :এক্সকেভেটৰে এফালৰ পৰা মহতিয়াই নিছে ঘৰ-বাৰী, আৰম্ভ চৰকাৰৰ উচ্ছেদ অভিযান - URIAMGHAT EVICTION