ETV Bharat / state

বড়োসকলৰ প্ৰথমগৰাকী বিচপ নিত্যানন্দ বৰগয়াৰী আৰু নাই

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম আছিল বিচপ নিত্যানন্দ বৰগয়াৰীৰ । বহু বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল তেওঁ । পেষ্টৰ হিচাপে আমেৰিকাৰ গীৰ্জাতো আগবঢ়াইছিল সেৱা ।

First Bishop of Bodo Nityananda Bargayari has passed away
নিত্যানন্দ বৰগয়াৰী আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 9:19 PM IST

4 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : দেশে-বিদেশে প্ৰখ্যাত খ্ৰীষ্ট্ৰীয় ধৰ্মযাজক তথা বড়োসকলৰ প্ৰথম বিচপ ৰেভাৰেণ্ড নিত্যানন্দ বৰগয়াৰী আৰু নাই । খ্ৰীষ্টীয় ধৰ্মযাজকগৰাকীয়ে সহস্ৰলোকক কন্দুৱাই সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ । বাৰ্ধক্যজনিত কাৰণৰ লগতে বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে নিত্যানন্দ বৰগয়াৰীয়ে । বৰগয়াৰী শৱ দেহ সোমবাৰে বালাজান তিনালী আহি পোৱাৰ পিছত মঙলবাৰে কেইবা সহস্ৰাধিক লোকে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কান্দোনত ভাগি পৰে ।

First Bishop of Bodo Nityananda Bargayari has passed away
বড়োসকলৰ প্ৰথমগৰাকী বিচপৰ মৃত্যু (ETV Bharat Assam)

মৃতকক পুষ্পসজ্জিত বাহনত উঠাই গুণমুগ্ধসকলে নিজ গৃহ মাইনাওবিলিৰ পৰা বালাজান তিনালী হৈ গৌৰাং মিচনলৈ এক বৃহৎ শোক সমদল বাহিৰ কৰে । উক্ত সমদলত বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, বহুসংখ্যক ধৰ্মজাজক, গুণমুগ্ধ, স্থানীয় জনসাধাৰণে স্বতঃস্ফুতভাৱে অংশগ্ৰহণ কৰে ।

কেইবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত শোক সমদলটোৱে বালাজান তিনালী হৈ গৌৰাং মিচনৰ এনইএলচি গীৰ্জাত উপস্থিত হয় আৰু তাতেও বহুসংখ্যক লোকে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তদুপৰি মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে গৌৰাং মিচন এনইএলচি গীৰ্জাত শোকসভা অনুষ্ঠিত হয় আৰু মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে ধৰ্মীয় প্ৰথা অনুসৰি প্ৰাৰ্থনা গোৱা হয় । ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকৰ উপস্থিতত গৌৰাং মিচন এনইএলচি গীৰ্জাৰ শ্মশানথলীত ৰেভাৰেণ্ড বিচপ নিত্যানন্দ বৰগয়াৰীক সমাধি দিয়া হয় ।

First Bishop of Bodo Nityananda Bargayari has passed away
নিত্যানন্দ বৰগয়াৰীৰ শেষ যাত্ৰা (ETV Bharat Assam)

উল্লেখ্য যে, ৰমেন্দ্ৰ বৰগয়াৰী আৰু পুণ্যশ্ৰী বৰগয়াৰীৰ ঔৰষত ১৯৪৯ চনৰ ৩১ অক্টোবৰত নিত্যানন্দ বৰগয়াৰীৰ জন্ম হৈছিল । বৰ্তমানৰ বঙাইগাঁও জিলাৰ লাডাংগুৰীত জন্ম হোৱা নিত্যানন্দ বৰগয়াৰীয়ে গোলাডাংগী আৰু মাকটাইগাঁৱত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত গৌৰাং হাইস্কুলৰ পৰা ১৯৬৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ।

ইয়াৰ পিছতে ১৯৭৩ চনত ৰান্সিৰ বেচেলৰ অব থিয়লজি আৰু ১৯৭৫ চনত কলিকতাৰ পৰা বেচেলৰ অব ডিভাইনিটি ডিগ্ৰী লাভ কৰে । ১৯৭৫ চনৰ পৰা ১৯৮০ চনলৈ গৌৰাং মিচনত প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা নিত্যানন্দ বৰগয়াৰী পিছলৈ ধৰ্মীয় ক্ষেত্ৰত অধিক মনোনিৱেশ কৰে আৰু বড়োসকলৰ প্ৰথম বিচপ ৰূপে স্বীকৃতি লাভ কৰে ।

তেওঁ এনইএলচিৰ অন্তৰ্গত অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ডৰ মডাৰেটৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰোপৰি বঙাইগাঁও ডায়োচিৰ সভাপতি, ৰাষ্ট্ৰীয় খ্ৰীষ্টিয়ান কাউন্সিলৰ সদস্য আদিকে ধৰি বিভিন্ন পদত অধিষ্ঠিত হৈছিল ।

First Bishop of Bodo Nityananda Bargayari has passed away
নিত্যানন্দ বৰগয়াৰী আৰু নাই (ETV Bharat Assam)

গৌৰাং মিচনত ধৰ্মীয় সংস্থা কাছাৰ(নৰৱে) সহযোগত বেচি মেমোৰিয়েল ইংৰাজী বিদ্যালয়, বঙাইগাঁৱত নৰৱেৰ/ নৰাৰ্ডৰ সহযোগত ট্ৰিনিটি ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল । ডেনমাৰ্কৰ ওৱাইএমচিএ-ৰ সহযোগত পাৰ্কিজুলিত জিৰণিচৰা, খ্ৰীষ্টান হাস্পতাল নিৰ্মাণ কৰাৰ লগতে নৰৱেৰ খ্ৰীষ্টানৰুচেনৰ সহযোগত বড়ো বাইবেল স্কুল বিল্ডিং, আমেৰিকাৰ ট্ৰিনিটি লুথেৰান গীৰ্জা মিলাকাৰ সহযোগত অধ্যক্ষৰ কোৱাৰ্টাৰ আদিকে ধৰি বহু উন্নয়নমূলক কাম কৰাৰ লগতে বড়ো -খ্ৰীষ্টান ৰেডিঅ' মিনিষ্টি প্ৰতিষ্ঠা কৰিছিল ।

উল্লেখ্য যে, মষ্ট ৰেভাৰেণ্ড বিচপ নিত্যানন্দ বৰগয়াৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কাৰ্যনিৰ্বাহ কৰাৰ কগতে সুখ্যাতি অৰ্জন কৰিছিল । আমেৰিকাৰ তিনিখন গিৰ্জাত পেষ্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ডেনমাৰ্ক, নৰৱে, চুইডেনকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰ ধৰ্মীয় কাৰণত ভ্ৰমণ কৰাৰ উপৰিও লজ এঞ্জেলচত আয়োজিত হোৱা ধৰ্মীয় অধিৱেশনত দুবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

First Bishop of Bodo Nityananda Bargayari has passed away
নিত্যানন্দ বৰগয়াৰী আৰু নাই (ETV Bharat Assam)

বিভিন্ন সামাজিক ক্ষেত্ৰতো সেৱা আগবঢ়োৱা নিত্যানন্দ বৰগয়াৰী মৃত্যুৰ পূৰ্বে পত্নী, দুগৰাকী কন্যা, এজন পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক ইহ জগতত এৰি থৈ যায় ।

ইপিনে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৰেভাৰেণ্ড বিচপ নিত্যানন্দ বৰগয়াৰীৰ শেষকৃত্য অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত থাকি সংবাদমাধ্যমৰ আগত কয়, ''মষ্ট ৰেভাৰেণ্ড বিচপ নিত্যানন্দ বৰগয়াৰীৰ মৃত্যু সমাজৰ বাবে এক বৃহৎ ক্ষতি । শান্তিৰ বাবে কাম কৰা, সৎ আৰু সততাৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকোৱা, শিক্ষাক অগ্ৰাধিকাৰ দিয়া, শিক্ষানুষ্ঠান নিৰ্মাণ কৰা আদি কামবোৰ নিত্যানন্দ বৰগয়াৰীয়ে কৰিছিল ।''

''১৯৯৬ চনত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত ইণ্টাৰ চাৰ্চ মিচন সংস্থা গঠন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সেৱা আগবঢ়াইছিল । সমাজৰ প্ৰতি তেওঁৰ অৱদান কৈ শেষ কৰিব নোৱাৰি ।'' তেওঁ কয় । লগতে নিত্যানন্দ বৰগয়াৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে ।

First Bishop of Bodo Nityananda Bargayari has passed away
নিত্যানন্দ বৰগয়াৰীক শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

উল্লেখ্য যে, শেষকৃত্য অনুষ্ঠানত কেবাগৰাকী বিধায়ক, বিটিচিৰ কেবাগৰাকী পাৰিষদ, ধেমাজিৰ পৰা কোকৰাঝাৰ লৈ কেবা সহস্ৰাধিক গুণমুগ্ধই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে... ধেমালি ধেমালিতেই যেন ছাই হৈ গ'ল জীয়া কলিজা !