৮ ছেপ্টেম্বৰত নুমলীগড়ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ প্ৰথমটো বায়'-ৰিফাইনেৰী: মুখ্য়মন্ত্ৰীৰ ঘোষণা
গোলাঘাটত স্থাপন হ'ব ভাৰতবৰ্ষৰ প্ৰথমটো বায়'-ৰিফাইনেৰী প্ৰকল্প । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই ৰিফাইনেৰী ।

Published : June 30, 2025 at 9:59 PM IST
গোলাঘাট : অসম চুক্তিৰ আধাৰত স্থাপন হোৱা গোলাঘাটৰ নুমলীগড় শোধনাগাৰত স্থাপন কৰা হ'ব দেশৰ প্ৰথমটো বায়'-ৰিফাইনেৰী প্ৰকল্প । সোমবাৰে এই প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই বায়'-ৰিফাইনেৰী প্ৰকল্প । তেওঁৰ এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ অৱতৰণ কৰিবলগা হেলিপেড পৰিদৰ্শন কৰাৰ লগতে শোধনাগাৰৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে ।
আনহাতে, সাংবাদিকৰ সৈতে মত বিনিময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ত 2G ইথানল উদ্যোগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এনেধৰণৰ বায়'-ৰিফাইনেৰী দেশৰ ভিতৰতে প্ৰথম । এই প্ৰয়োগ যদি আমি সফল কৰিব পাৰোঁ, তেন্তে অনাগত দিনত অসমত বাঁহৰ পৰা আৰু ইথানল উৎপাদন কৰা উদ্যোগ স্থাপন কৰাৰ ব্যৱস্থা কৰিব পাৰিম । যাৰবাবে নুমলীগড়ৰ এই প্ৰয়াস সফল হোৱাটো আমি কামনা কৰিছোঁ ।"
নুমলীগড় ৰিফাইনেৰীৰ কেইবাটাও প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আলোকপাত
তেওঁ লগতে কয়, "ইয়াৰ উপৰি নুমলীগড় শোধনাগাৰে এডভাণ্টেজ আছাম ৩.০-ৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ আৰু কেইবাটাও নতুন উদ্যোগ স্থাপন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত নামৰূপত ৬.৫০ কোটি টকা ব্যয়সাপেক্ষে এটা প্ৰকল্প স্থাপন কৰা হ'ব । ইয়াত প্ৰধানমন্ত্ৰীয়ে ফিটা কাটিব আৰু গুৱাহাটীত ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব ।"

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ মূল উদ্দেশ্য হৈছে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী । নুমলীগড়ৰ পৰা গুৱাহাটীলৈ গৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰিব ।"
সেউজীয়া সোণ হ'ব বাঁহ
বায়'-ৰিফাইনেৰী প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "কোভিড মহামাৰীৰ বাবে দুটা বছৰ পিছুৱাই গ'ল আৰু তাৰ পাছত ভাৰত চৰকাৰে অনুমোদন দিলে । নুমলীগড়ত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ কাম আৰম্ভ হৈ গ'ল । প্ৰথমতে বায়'-ৰিফাইনেৰী আছিল । তাৰ পাছত সম্প্ৰসাৰণ হ'ল, তাৰ পিছত আকৌ পেট্ৰোকেমিকেল ।"
বায়'-ৰিফাইনেৰীৰ ভৱিষ্যত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "এই বায়'-ৰিফাইনেৰীয়ে অসমত এখন ডাঙৰ বাঁহৰ বজাৰ গঢ়ি তুলিব । নুমলীগড়ৰে ৫০ টা অঞ্চলত বাঁহৰ চিপছ প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰিব । গাঁৱৰ ৰাইজে বাঁহ বিক্ৰী কৰিব আৰু চিপছ প্ৰস্তুত কৰি ইয়ালৈ লৈ আনিব । ইয়াৰ দ্বাৰা অসমৰ বাঁহৰ খেতিয়কসকলক বহু সহায় কৰিব । পূৰ্বতে অসমত বাঁহৰ মূল্য থাকিব বুলি কোনেও ভবা নাছিল । কিন্তু এতিয়া নতুনকৈ সেউজীয়া সোণ হৈ আহিব ।"

যোৰহাট-মাজুলী সংযোগী দলং সন্দৰ্ভত মুখ্যমন্ত্ৰী
ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে কয়, "যোৰহাট-মাজুলী সংযোগী দলঙৰ টেণ্ডাৰ জুলাইত খুলিব । আৰু পানী কমাৰ লগে লগে দলঙৰ কাম আৰম্ভ কৰা হ'ব । নুমলীগড়-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া সুৰংগৰ কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে আমাক ভূমি অধিগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।"
ইয়াৰ উপৰি হাতী-মানুহৰ সংঘাত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে জংঘলৰ ভিতৰত হাতীৰ খাদ্য প্ৰস্তুত কৰিব পাৰি । কাৰণ হাতী-মানুহৰ সংঘাত একেদিনাই নিৰ্মূল কৰিব পৰাটো সম্ভৱ নহয় ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ পৰিসৰত শোধনাগাৰত কৰ্মৰত আবাসীসকলৰ বাবে ধনশিৰি নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বিপৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

