ETV Bharat / state

জ্বলন্ত ইঞ্জিনেৰে চলন্ত ৰে'ল, লখিমপুৰত অঘটন

লখিমপুৰত মালবাহী ৰে'লৰ ইঞ্জিনত লাগিল জুই । বাল্টিয়ে বাল্টিয়ে পানী ঢালিহে জুই নুমুৱালে ।

Fire broke out in the engine of a freight train in Lakhimpur
মালবাহী ৰে'লৰ ইঞ্জিনত লাগিল জুই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 8:53 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: লখিমপুৰত অঘটন । মালবাহী ৰে'লৰ ইঞ্জিনত লাগিল জুই । সাহসেৰে চালকে এটা ষ্টেচনত ৰখালেগৈ ৰে'লখন, অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিলে জুই । শনিবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই ঘটনা । দুপৰীয়াৰ ভাগত লখিমপুৰত হঠাৎ জ্বলি উঠে এখন মালবাহী ৰে'লৰ ইঞ্জিন । চলন্ত অৱস্থাতে জ্বলি উঠে ৰে'লখনৰ ইঞ্জিনটো । লখিমপুৰৰ পৰা মালবাহী নামনিমুৱা WDG4G-49342 নম্বৰৰ ৰে'লখনৰ ইঞ্জিনত জুই জ্বলি উঠে ।

লখিমপুৰ পৰা ৰঙিয়া অভিমুখে গৈছিল মালবাহী ৰে'লখন । কিন্তু লখিমপুৰ ষ্টেচন এৰাৰ কিছু সময়ৰ পাছতে ৰে'লখনৰ ইঞ্জিনত জুই জ্বলি উঠে । এই ঘটনাত ধৈর্য ধৰি চালকে জ্বলন্ত ইঞ্জিনৰ ৰে'লখন আগুৱাই নি জিলাখনৰ কঠালপুখুৰী ষ্টেচনত ৰখাই দিয়ে । ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত বাল্টিঙেৰে পানী ঢালি ইঞ্জিনৰ জুই নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হয় ।

মালবাহী ৰে'লৰ ইঞ্জিনত লাগিল জুই (ETV Bharat Assam)

খন্তেক পিছতেই অগ্নিনির্বাপক বাহিনীৰ গাড়ী ষ্টেচনটোত উপস্থিত হয় । আৰক্ষীৰ লগতে ৰে'ল বিভাগৰ উচ্চপদস্থ বিষয়াও ঘটনাস্থলীত উপস্থিত হয় । অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যাৰ বাবে কথমপি এক ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰে'লখন ৰক্ষা পৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা সোমবাৰে নামনিমুৱা ত্ৰিবান্দ্ৰম এক্সপ্রেছত জিলাখনৰ টিপলিং ষ্টেচনত শেষৰ দবাত জুই লাগিছিল । সেই ঘটনাত কোনোমতে ৰক্ষা পৰিছিল ৰে'লখনৰ সহস্রাধিক যাত্রী । আজিৰ ঘটনাটো ইঞ্জিনৰ বিজুতিৰ বাবে সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । এনেধৰণৰ ৰে'লৰ ইঞ্জিন অথবা দবাত জুই লগা ক্ৰমবৰ্ধমান ঘটনা প্ৰৱাহত উদ্বেগ প্রকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: গুৱাহাটীৰ নৃশংস হত্য়াকাণ্ডত জড়িত ৮ অভিযুক্তক গ্ৰেপ্তাৰ

বাণ ৰজাৰ ৰাজধানীত উচুপনি: অস্তিত্বৰ সংকটত ঊষা-অনিৰুদ্ধৰ মিলনথলী