ETV Bharat / state

চিতাৰ জুই জ্বলি থাকোতেই জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ চি আই ডিৰ; গ্ৰহণ কৰিলে বিভিন্নজনৰ ভাষ্য়

ছিংগাপুৰত শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক আমন্ত্ৰণ কৰি নিছিল । ইয়াৰ পিচতেই ঘটিল কোনোৱে নভবা ঘটনাটো ।

ZUBEEN GARG
যোৰহাটত চি আই ডিয়ে গ্ৰহণ কৰিলে বিভিন্নজনৰ ভাষ্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 8:20 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: জনতাৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই আজি সকলো ম্ৰিয়মান । ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুক আজিও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে । সোণাপুৰৰ সেউজীয়াৰ মাজত আপোন শিল্পীগৰাকী বিলীন হোৱাৰ পিচতো তেওঁৰ মৃত্য়ুক লৈ সকলোৱে সৰৱ হৈ পৰিছে ।

ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ ভিডিঅ' সামাজিক মাধ্য়মত প্ৰচাৰ হোৱাৰ পিচত সকলোৱে তেওঁৰ মৃত্য়ুক লৈ কৰিছে সন্দেহ । ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ সহায়ক সিদ্ধাৰ্থ শৰ্মা, অভিমন্যু তালুকদাৰৰ লগতে আন কেইবাজনলৈ অনুৰাগীয়ে টোৱাইছে সন্দেহৰ আঙুলি । সেইবাবে ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাট জিলাৰ কেইবাঠাইতো এইসকলৰ বিৰুদ্ধে তৰা হৈছে গোচৰ ।

যোৰহাটত চি আই ডিয়ে গ্ৰহণ কৰিলে বিভিন্নজনৰ ভাষ্য় (ETV Bharat Assam)

শিল্পী জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয় । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জুবিন গাৰ্গৰ গৃহ জিলা যোৰহাটৰ একাংশ ৰাইজৰ উপৰি কেইবাটাও সামাজিক, সাংস্কৃতিক অনুষ্ঠান আৰু জুবিন গাৰ্গ ফেন ক্লাবে জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । শিল্পী গৰাকীৰ শেষকৃত্য় সম্পন্ন হোৱাৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি বিভিন্নজনে দিয়া এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দুজনীয়া চি আই ডিৰ দল এটা মঙলবাৰে যোৰহাটত উপস্থিত হয় ।

প্ৰথমতে এই দলটো উপস্থিত হয় যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত । তাতেই কেন্দুগুৰি কলা সংস্কৃতিৰ তৰফৰ পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি দিয়া এজাহাৰৰ ভিত্তিত তেওঁলোকৰ পৰা চি আই ডিৰ দলটোৱে ভাষ্য গ্ৰহণ কৰে ।

এই দলটোৱে বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰিছে । আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰা অধিবক্তা বিজয় শংকৰ বৰবৰাই কয়,"আচলতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকালতে মৃত্যু হ'ল, সেই লৈ ৰাজ্যবাসীৰ লগতে আমিও শোকত আছো । সেয়েহে আমি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ভোগদৈ আৰক্ষী চকীত কেন্দুগুৰি কলা সংস্কৃতিৰ তৰফৰ পৰা এখন এজাহাৰ দিছিলো । মুখ্যমন্ত্ৰীগৰাকীৰ তাৎক্ষণিক তৎপৰতাত বৰ্তমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।"

তেওঁ পুনৰ কয়, "গুৱাহাটীৰ পৰা এগৰাকী মহিলা চি আই ডি বিষয়াৰ নেতৃত্বত অহা দলটো যোৰহাটত উপস্থিত হয় আৰু আমাক যোৰহাট ভোগদৈ আৰক্ষী চকীলৈ ভাষ্য গ্ৰহণ কৰিবৰ বাবে মাতি পঠায় । কেন্দুগুৰি কলাকৃষ্টি কেন্দ্ৰৰ চাৰিজনীয় দলটো ভোগদৈ আৰক্ষী চকীত উপস্থিত হয় আৰু চি আই ডিৰ দলটোৱে আমাৰ পৃথকে পৃথকে ভাষ্য গ্ৰহণ কৰে । আমিও দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াও । যিখিনি ক'বলগীয়া আছে,সকলো বিবৰি ক'লো । শেষকৃত্য় সম্পন্ন কৰাৰ পিচতেই মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা এনে তৎপৰতাক আমি ধন্যবাদ জনাইছো আৰু ঘটনাত জড়িত থকা সকলে শাস্তি পাব । পুনৰ প্ৰয়োজনত চি আই ডি দলটোৱে আমাক গুৱাহাটীলৈ যাব লাগিব পাৰে বুলিও কৈছে । "

লগতে পঢ়ক:জুবিনক হত্যা কৰা হৈছে ! এই দাবীৰে চি আই ডিৰ সন্মুখত ভাষ্য দিলে অনুৰাগীয়ে

জুবিন যুগৰ যৱনিকা ! শ্যামকানু-সিদ্ধাৰ্থৰ তদন্তৰ ভাৰ চি আই ডিলৈ; তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা