যোৰহাটত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন অনুৰাগীৰ
ৰাজ্যজুৰি জুবিন ফেন ক্লাব, অনুৰাগীৰ শ্যামকানু মহন্ত তথা নৰ্থ-ইষ্ট ফেষ্টিভেল টীমৰ বিৰুদ্ধ এজাহাৰ দাখিল । যোৰহাটত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে হিতেন্দ্ৰনাথ গোস্বামীৰ আহ্বান ।

Published : September 20, 2025 at 8:18 PM IST
যোৰহাট : জুবিন আছিল অসমৰ অমূল্য সম্পদ । এই অমূল্য সম্পদক হেৰুৱাই দিশহাৰা ৰাজ্যবাসী । লগতে দিশহাৰা জুবিন অনুৰাগী আৰু জুবিন ফেন ক্লাব । আনহাতে, জুবিন গাৰ্গৰ মৃত্যু সহজে মানি ল'ব পৰা নাই জুবিন ফেন ক্লাব তথা জুবিন অনুৰাগীয়ে ।
সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবীৰে শনিবাৰে জুবিন ফেন ক্লাবে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট সদৰ থানাতো এজাহাৰ দাখিল কৰে । জুবিন ফেন ক্লাবৰ দৰে জুবিন অনুৰাগীয়েও শ্যামকানু মহন্তৰ শাস্তি আৰু জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি আন এখন এজাহাৰ দাখিল কৰে যোৰহাট সদৰ থানাত ।
এই সন্দৰ্ভত জুবিন ফেন ক্লাবৰ এজন বিষয়ববীয়াই কয়, "জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল সেয়া আমি সঠিককৈ ক'ব পৰা নাই । সেয়েহে ইয়াৰ উচিত তদন্ত দাবী জনালোঁ । ফেন ক্লাবে সমগ্ৰ ৰাজ্যৰ আৰক্ষী থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । আমিও আজি যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ । আমি এটাই বিচাৰো শ্যামকানু মহন্ত অসমলৈ ঘূৰি আহিব নালাগে ।"
জুবিনৰ অন্তিম কাৰ্য তথা সমাধিক্ষেত্ৰ যোৰহাটতে হওক
আনহাতে, আন এগৰাকী জুবিন অনুৰাগীয়ে কয়, "ছিংগাপুৰলৈ জুবিন গাৰ্গক কি কাৰণত লৈ যোৱা হ'ল আৰু কি কাৰণত মাৰিলে, সেয়া শ্যামকানু মহন্ত আৰু তেওঁৰ টীমে উত্তৰ দিব লাগিব । নৰ্থ-ইষ্ট ফেষ্টিভেল সাতভনীৰ কোনো এক স্থানত পাতিব নোৱাৰিলেহেঁতেন নেকি ? ব্যৱসায়ৰ স্বাৰ্থৰ কাৰণে জুবিনক লৈ যোৱা হ'ল ছিংগাপুৰলৈ । সেয়েহে শ্যামকানু মহন্ত আৰু নৰ্থ-ইষ্ট ফেষ্টিভেল টীমৰ বিৰুদ্ধে আজি যোৰহাটৰ ৰাইজ একত্ৰিত হৈ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ ।"


ইফালে ছ'চিয়েল মিডিয়াত এক পোষ্ট শ্বেয়াৰ কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে লিখিছে, "যোৰহটীয়া ৰাইজৰ হৈ... জনতাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত অনুষ্ঠিত কৰাৰ বাবে যোৰহটীয়া ৰাইজে অধীৰ আগ্ৰহেৰে আহ্বান জনাইছে । ৰাইজৰ প্ৰতিনিধিৰূপে আমিও এই আগ্ৰহৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ । আজি যোৰহাটৰ আয়ুক্তৰ লগত যোগাযোগ কৰি দুটা স্থান শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰিছোঁ । অলপ সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়েও যোৰহটীয়া ৰাইজৰ এই প্ৰস্তাৱক বিবেচনা কৰাৰ আশ্বাস দিছে । আশা কৰিছোঁ, পৰিয়ালৰ সন্মতি সাপেক্ষে জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত সম্পন্ন কৰিবলৈ পালে আমি বাধিত হ'ম ।"

