ETV Bharat / state

৭ কোটি বিচাৰিছিল বীৰ লাচিত সেনাই ! দাবী তেল ডিপো কৰ্তৃপক্ষৰ - FIR AGAINST THE BEER LACHIT SENA

বীৰ লাচিত সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । এজাহাৰ দাখিল ।

FIR lodged against the Beer Lachit Sena regarding allegations of extortion
বীৰ লাচিত সেনাৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 2:30 PM IST

4 Min Read

ডিব্ৰুগড়: দুলীয়াজানত বি এন সিং তেল ডিপোত সংঘটিত মাৰপিটৰ ঘটনাক লৈ ৰাজ্যত অব্যাহত আহে প্ৰতিক্ৰিয়া । কিয়নো যোৱা ১৭ মে'ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা । আক্ৰমণত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ।

শংকৰজ্যোতি বৰুৱাক জেললৈ আৰক্ষীয়ে প্ৰেৰণ কৰা পাছতে সোমবাৰে বীৰ লাচিত সেনাৰ শ শ নেতা-কৰ্মীয়ে ঘেৰাও কৰিছিল পেট্ৰ'ল পাম্পটো । সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । বি এন সিঙৰ ডিপো বন্ধৰ দাবীত বীৰ লাচিত সেনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিপোটোৰ চৌহদত । বীৰ লাচিত সেনাৰ শতাধিক কৰ্মীয়ে ডিপোটোৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল ।

ধনদাবীৰ অভিযোগত বীৰ লাচিত সেনাৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)

ঘটনাস্থলীত বৃহৎসংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছিল । ইয়াৰ পাছতে দুলীয়াজানত বুধবাৰে নিশা বীৰ লাচিত সেনাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি বি এন সিং তেল ডিপোৰ পৰিচালক মিণ্টু শইকীয়াই সম্বোধন কৰে এখন সংবাদমেল । বীৰ লাচিত সেনাৰ বিৰুদ্ধে প্ৰায় ৭ কোটি টকা ধন দাবীৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে সংবাদমেলত । যোৱা ১০ এপ্ৰিলত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন স্বাক্ষৰিত ধন দাবীপত্ৰ দিয়া হৈছিল বুলি উল্লেখ কৰি দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তেল ডিপোৰ কৰ্তৃপক্ষই ।

বীৰ লাচিত সেনাই প্ৰতিবাদ কৰি গোটেই বিষয়টো অসমীয়া-বিহাৰী কৰি পেলালে:

দুলীয়াজানত বি এন সিং তেল ডিপোৰ পৰিচালক মিণ্টু শইকীয়াই সংবাদমেলত কয়, "১৭ তাৰিখে বি এন সিং তেল ডিপোত যি ঘটনা হ'ল সকলোৱে জানে সেই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি আছে । দোষীয়ে শাস্তি পাব তাত আমাৰ ক'ব লগা নাই । কিন্তু ইয়াত প্ৰতিবাদ কৰি গোটেই বিষয়টো অসমীযা-বিহাৰী কৰি পেলালে । বীৰ লাচিত সেনাই ইয়াত বহু অমাৰ্জিত কথা কৈ প্ৰতিবাদ কৰিছে । মই এজন অসমীয়া ল'ৰা, মোৰ জন্ম দুলীয়াজানতেই ।"

তেওঁ লগতে কয়, "মই এজন বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত ব্যৱসায় কৰিছোঁ ঠিকেই । গোটেই অসমত কেৱল ময়েই বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত জড়িতনে ? এই তেল ডিপোত অসমীয়া ল'ৰাই কাম কৰিছে ‌। ইয়াৰ স্থানীয় যুৱক-যুৱতীয়ে কাম কৰিছে । তেনেস্থলত বীৰ লাচিত সেনাই অনাঅসমীয়া পৰিস্থিতি এটা সৃষ্টি কৰিছে ।"

দাবীপত্ৰত থকা ফোন নম্বৰৰ বিৰুদ্ধে এজাহাৰ দাখিল:

FIR lodged against the Beer Lachit Sena regarding allegations of extortion
বীৰ লাচিত সেনাৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)

ডিপোৰ পৰিচালক মিণ্টু শইকীয়াই সংবাদমেলত কয়, "আমি দুলীয়াজানৰ বিভিন্ন অনুষ্ঠান, দল-সংগঠনক সহায় কৰি আহিছোঁ বিভিন্ন ধৰণেৰে । কিন্তু কোটি টকাৰ ধন দাবী কৰি বাৰে বাৰে ধন বিচাৰি থাকিলে আমি ধন দিব নোৱাৰোঁ । তেল বিক্ৰী কৰি আমি ইমান ধন নাপাওঁ । তেল ডিপোত আক্ৰমণৰ ঘটনা পৰিকল্পিত আছিল । বীৰ লাচিত সেনাই আমাৰ পৰা কোটি টকা বিচাৰিছিল ৷ কিন্তু আমি দিব নোৱাৰো বুলি কোৱাত সেই অজুহাতত তেল ডিপোত এই পৰিস্থিতি সৃষ্টি কৰিছে ।"

বীৰ লাচিত সেনাৰ ধন দাবীপত্ৰ (ETV Bharat Assam)

তেওঁ লগতে কয়,"১০/৪/২০২৫ তাৰিখে ধন দাবীপত্ৰ দিছিল । বীৰ লাচিত সেনাই যোৰহাটত কিবা প্ৰকল্প নিৰ্মাণ কৰিছিল তাৰ বাবে প্ৰায় ৭ কোটি টকা বিচাৰিছিল । বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন স্বাক্ষৰিত ধন দাবীপত্ৰ দিয়া হৈছিল যদিও তেওঁ অহা নাছিল । তেওঁৰ ল'ৰাই দি গৈছে । লগতে ফোন নাম্বাৰ লিখি গৈছে । আমি ভাবিছিলোঁ- এটা জাতীয় সংগঠন কিবা এটা মিলাম । কিন্তু তেওঁলোকে তেল ডিপোত আহি যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ বাবে আমি এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছোঁ ।"

শইকীয়াই কয়, "আমি কাৰো নামত এজাহাৰ দিয়া নাই । যি কেইজন মানুহৰ নম্বৰত যোগাযোগ কৰিবলৈ ইয়াত ফোন নম্বৰ লিখি দিছে সেই নম্বৰৰ ওপৰতহে এজাহাৰ দাখিল কৰিছোঁ । বিভিন্ন ল'ৰা আহি ধনৰ কথা কৈ যায় । কিন্তু আমাৰ কৰ্মীয়ে কাকো চিনি নাপায় । সেয়ে ফোন নম্বৰৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় হয় নে নহয়: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA ON GAURAV GOGOI

আহিনতে সজাত সোমোৱা মইনা কলিজা জেঠত মুকলি আকাশৰ তললৈ - SUMI BORAH GETS BAIL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.