তিতাবৰতো টাইপাৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ
জাতীয় সাজ পৰিধান কৰি আৰক্ষী থানাত শ শ ভকতৰ প্ৰৱেশ । টাইপাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ।

Published : February 19, 2025 at 10:03 PM IST
যোৰহাট: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুই শতাধিক সেৱক-সেৱিকাই জাতীয় সাজ পৰিধান কৰি সংঘৰ তিতাবৰ জিলা নামঘৰ পৰা মৌন সমদল কৰি তিতাবৰ সদৰ থানাত উপস্থিত হয় । উদ্দেশ্য এটাই টাই আহোম যুৱ পৰিষদ চুমকৈ টাইপা নামৰ সংগঠনটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক শাখা আৰু অন্যান্য প্ৰাথমিকে যৌথভাৱে ২৬৪ খন এজাহাৰ আৰক্ষী থানাত সংগঠনটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
টাইপাৰ বিৰুদ্ধে ক্ষোভ কমা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ:
এই সন্দৰ্ভত সংঘৰ এজন বিষয়ববীয়াই কয়,"সংবিধান আৰু প্ৰতীক দাহ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই বাপসকলৰ মনত দুখ দিছে । এই কাৰ্য ইতিহাসত নোহোৱা-নোপোজা ঘটনা । গুৰু দুজনাৰ সৃষ্টিৰাজি উক্ত সংবিধানতখনত আছিল । সেয়েহে গুৰু দুজনাক আঘাত দিয়াৰ বাবে সকলো আই বাপে মনত কষ্ট পাইছে । সেয়েহে যি এই কাৰ্য সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ বাবে আইনৰ দ্বাৰস্থ হৈছোঁ । টাইপাৰ লগত আমাৰ ব্যক্তিগত সংঘাত নাই । টাইপাৰ হৈ যিয়ে সংবিধান দাহ কৰা লগত জড়িত তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছোঁ ।"
উল্লেখ্য যে মে-ডাম-মে-ফিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন ভকতে অংশগ্ৰহণ কৰা অপৰাধত সংঘৰ পৰা বহিস্কাৰ কৰা ঘটনাৰ প্ৰতিবাদ জনাই চৰাইদেউ জিলাত টাইপাৰ কেইগৰাকীমান সদস্যই ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নৰ লগতে সংবিধান দাহ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত দাখিল কৰা হৈছে এজাহাৰ । একেদৰে টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘক অপমান কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে শাস্তি দিবলৈ দাবী জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘই তিতাবৰ শাখাই ।

