ETV Bharat / state

বিপদত পৰিব নেকি টাইপা ! থানাই থানাই দাখিল এজাহাৰ

ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল টাইপাৰ বিৰুদ্ধে । বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাই সৰুপথাৰত দাখিল কৰে এজাহাৰ ।

FIR lodged against TAYPA by Srimanta Sankardev Sangha Dhansiri Jila Sakha
শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাই সৰুপথাৰত দাখিল কৰে এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 8:52 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: বৰ্তমানো অব্যাহত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ যুঁজ । টাইপাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ বিভিন্ন জিলা শাখাই পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ ।

শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাই সৰুপথাৰত দাখিল কৰে এজাহাৰ (ETV Bharat Assam)

এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে । এই ঘটনাৰ পাছতে শংকৰদেৱ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাইপাই । লগতে চৰাইদেউৰ সোণাৰিত মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল টাই আহোম যুৱ পৰিষদে ।

ইয়াতে ক্ষুব্ধ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন শাখা আৰু জিলা সমিতিয়ে পৃথকে পৃথকে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । বুধবাৰে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাই । সৰুপথাৰ সম জিলাৰ ৬ খন আঞ্চলিক শাখাৰ প্ৰায় ৪ শতাধিক লোকৰ উপস্থিতিত সৰুপথাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

এজাহাৰ দাখিল কৰি শংকৰদেৱ সংঘৰ ধনশিৰি জিলা শাখাৰ বিষয়ববীয়াই কয়,"আপোনালোক সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ১৯৩০ চনতে জন্মগ্ৰহণ কৰা এটা ধৰ্মীয়, সামাজিক-সাংস্কৃতিক, অৰাজনৈতিক অনুষ্ঠান । আমাৰ এখন সংবিধান আছে, লগতে প্ৰতীক আছে । এই সংবিধান আৰু প্ৰতীকক আমি প্ৰতিগৰাকী সংগীয়ে পৱিত্ৰ জ্ঞান কৰোঁ । তেনে এখন পৱিত্ৰ সংবিধান আৰু প্ৰতীক যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখত সোণাৰি নগৰৰ মাজমজিয়াত টাইপাৰ কৰ্মকৰ্তা উদ্দীপ্ত গগৈ সহিতে কেইজনমান কৰ্মকৰ্তাই দাহ কৰিছে । ইয়াক লৈ সমগ্ৰ অসমৰ ভকত-বৈষ্ণৱে আঘাত পাইছে ।"

তেওঁ লগতে কয়,"উক্ত ঘটনা কিয় হ'বলৈ পালে তাক লৈ আমি প্ৰতিবাদ কৰিছোঁ । এটা সদ উত্তৰ পাবৰ কাৰণে আমি সৰুপথাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ ।"

লগতে পঢ়ক: যুঁজ অব্যাহত, এফালে শ্ৰীমন্ত শংকৰদেৱ সংঘ আনফালে টাইপা - SRIMANTA SANKARADEVA SANGHA

টাইপাৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই - SRIMANTA SANKARADEVA SANGHA