ETV Bharat / state

যি ক’বা, আগতে ভাবি চাবা এবাৰ; বিধায়ক মহোদয়ৰ বিৰুদ্ধে ঠায়ে ঠায়ে পৰিছে এজাহাৰ - PAHALGAM ATTACK

মঙলদৈত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কুটুম্ব সুৰক্ষা সমিতিৰ ৷ আনহাতে, শিৱসাগৰত অভিজিত দত্ত নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰে ।

FIR against Akhil Gogoi
অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 4:57 PM IST

4 Min Read

মঙলদৈ/শিৱসাগৰ : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বৃহস্পতিবাৰে ৰঙাঘৰৰ আলহী হয় ধিং সমষ্টিৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম । আনহাতে, পহলগাম কাণ্ডৰ পিছত ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰি আটক হৈছে অসম বিশ্ববিদ্যালয় শিলচৰৰ এগৰাকী ছাত্ৰ । এইবাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল ।

জম্মু-কাশ্মীৰৰ পহলগামত ইছলামিক সন্ত্রাসবাদীয়ে নিৰীহ হিন্দু পর্যটকক ধৰ্মৰ আধাৰত বৰ্বৰভাৱে হত্যা কৰা ঘটনাক মুকলিকৈ সমর্থন কৰি জম্মু-কাশ্মীৰত পুনৰ অনুচ্ছেদ ৩৭০ বলৱৎ কৰাৰ পোষকতা কৰি ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে । অখিল গগৈৰ বক্তব্যৰ দ্বাৰা সন্ত্রাসবাদ তথা নিৰীহ লোকক হত্যা কৰিবলৈ সন্ত্রাসবাদীক এক প্ৰকাৰে উৎসাহ যোগাইছে বুলি উল্লেখ কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলদৈ সদৰ থানাতো এক গোচৰ ৰুজু কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ দৰং জিলা সমিতিয়ে ।

অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)

বিধায়ক অখিল গগৈয়ে প্ৰদান কৰা বক্তব্যত ভাৰতীয় সংবিধান, ভাৰতীয় সার্বভৌমত্ব বিৰোধী আচৰণ স্পষ্ট হৈ পৰিছে । লগতে তেওঁ যে সন্ত্রাসবাদীৰ পক্ষত আৰু মুকলিকৈ পাকিস্তানৰ সন্ত্রাসবাদীৰ দ্বাৰা ভাৰতীয় নাগৰিকক হত্যা কৰাটো যেন সন্ত্রাসবাদীৰ উচিত কার্য হৈছে এইধৰণৰ কথা-বতৰা কৈ সন্ত্রাসবাদক উৎসাহ যোগাই ভাৰতৰ অখণ্ডতা, ভাৰতৰ সাৰ্বভৌমত্ব, ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, ভাৰতীয় ৰাষ্ট্ৰীয় একতা বিনষ্ট কৰাৰ চেষ্টা কৰিছে । বিধায়ক অখিল গগৈৰ সেই বিশেষ মন্তব্যৰ লগতে তেওঁৰ শেহতীয়া কিছু আচৰণ দেখি তেওঁক পাকিস্তান, বাংলাদেশৰ দৰে কোনোবা ভাৰতবিৰোধী বিদেশী ৰাষ্ট্ৰৰ এজেণ্ট যেন আমাৰ অনুভৱ হৈছে বুলি এজাহাৰত উল্লেখ কৰে কুটুম্ব সুৰক্ষা পৰিষদে ।

এজাহাৰ দাখিল কৰাৰ পিছত কুটুম্ব সুৰক্ষা পৰিষদৰ দৰং জিলা সমিতিৰ প্ৰতিনিধিয়ে কয়, "ৰাষ্ট্ৰীয় সুৰক্ষা, সমন্বয় আৰু শান্তি ৰক্ষাৰ কৰাৰ লগতে সন্ত্রাসবাদ নির্মূল কৰাৰ খাতিৰত অখিল গগৈক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিত । তেওঁৰ কথা-বতৰা উদ্দেশ্য প্রণোদিত আৰু তেওঁ সন্ত্রাসবাদীৰ সহযোগত ভাৰতৰ বিভিন্ন ঠাইত পুনৰ পহলগামৰ দৰে ঘটনা ঘটাব পাৰে বুলি আমাৰ সন্দেহ হৈছে । সেয়ে অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালোঁ ।"

শিৱসাগৰৰ সদৰ আৰক্ষী থানাত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল

আনহাতে, নিজৰ গৃহ সমষ্টিতো শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । বৃহস্পতিবাৰে নিশা অভিজিত দত্ত নামৰ এজন যুৱকে শিৱসাগৰ সদৰ থানাত অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ পহলগামৰ আক্ৰমণৰ পিছতেই অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ সম্পৰ্কত মন্তব্য প্ৰদান কৰিছিল ৷ এই মন্তব্যৰ আঁত ধৰিয়েই অভিজিত দত্তই এজাহাৰ দাখিল কৰে ৷

এজাহাৰ দাখিল কৰি অভিজিত দত্তই কয়, "শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছোঁ । তেখেতে বিশেষকৈ জম্মু-কাশ্মীৰত পহলগামত যি ঘটনা ঘটিল সেই ঘটনাক লৈ তেখেতে যেনেধৰণৰ বক্তব্য ৰাখিলে তাক লৈ আমি দুখিত । তেখেতে বিশেষকৈ আৰ্টিকল ৩৭০ জম্মু-কাশ্মীৰৰ যিখন ক'লা আইন সেই ক'লা আইনক পুনৰ বাহাল ৰাখিবলৈ তেওঁ দাবী জনাইছে । যিটো অতি দুৰ্ভাগ্যজনক । তেখেতে হয়তো নাজানে আৰ্টিকল ৩৭০ৰ বাবে ১৯৪৭ চনৰ পৰা ২০১৯ চনলৈকে প্ৰায় ৪২ হাজাৰ ভাৰতীয় সৈনিকৰ মৃত্যু হৈছে । যিটো আমাৰ বাবে অতি অসহনীয় ।"

এজাহাৰকাৰী যুৱকজনে লগতে উল্লেখ কৰে, "তেনে এখন ক'লা আইন পুনৰ বাহাল ৰাখি আকৌ এবাৰ ৰক্তপাতৰ সূচনা কৰিব বিচাৰিছে । ভাৰতক দ্বিখণ্ডিত কৰাৰ তেখেতৰ যি প্ৰৰোচনামূলক বক্তব্য তাৰ বাবে মই এজন নাগৰিক হিচাপে এজাহাৰ দাখিল কৰিছোঁ । তেখেতৰ ওপৰত অসম পুলিচ আৰু অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক ।"

লগতে পঢ়ক :ফেচবুকত সাম্প্ৰদায়িক পোষ্ট কৰি আটক অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ - PAHALGAM TERROR ATTACK
লগতে পঢ়ক :মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল - MLA AMINUL ISLAM ARRESTED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.