ETV Bharat / state

অনুসূচিতক অপমান ! ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ দাসে

অনুসূচীত জাতিক অপমান কৰাৰ অভিযোগত এজাহাৰ দাখিল: ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ দাসে

MINISTER RANJEET KUMAR DASS
অনুসূচিতক অপমান ! ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ দাসে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 2:35 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অনুসূচীত জাতিকলৈ মন্ত্ৰী ৰণজিৎ দাসে কৰা এটা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰবলৈ গৈ মন্ত্ৰী ৰণজিৎ দাসে অসমৰ অনুসূচিত জাতিৰ লোকসকলক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ৰণজিৎ দাসৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ।

উল্লেখ্য যে অলপতে মন্ত্ৰী ৰণজিৎ দাসে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩০ নং বামুণীগাঁও সমষ্টিত প্ৰচাৰ চলাবলৈ গৈছিল । এখন নিৰ্বাচনী সভাত অংশ লৈ সাংবাদিকৰে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষত জাতি কেইটা সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি কৈছিল যে ভাৰতবৰ্ষত চাৰিটা জাতি আছে । প্ৰসংগত মন্ত্রীগৰাকীয়ে বিভিন্ন জাতিৰ কথা কৈ 'ডোম' শব্দটোও উচ্চাৰণ কৰিছিল ।

MINISTER RANJEET KUMAR DASS
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এজাহাৰ (ETV Bharat Assam)

মন্ত্রী ৰণজিৎ দাসে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বৰ্ণনা কৰাৰ মাজতে উচ্চাৰণ কৰিছিল ‘ডোম’ শব্দটো । মন্ত্ৰীগৰাকীৰ মুখেৰে ওলোৱা ‘ডোম’ শব্দটো প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ য়। ‘ডোম’ শব্দটো তুচ্ছ-তাচ্ছিল্যৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয় । মন্ত্রীগৰাকীৰ এনে শব্দ প্ৰয়োগক কঠোৰ ভাষাৰে নিন্দা কৰি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে ২৮ মাৰ্চৰ নিশাই দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিল কৰি তেওঁ শীঘ্ৰে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । তেওঁ কয়, "ৰণজিৎ দাসে অসমত বসবাস কৰা অনুসূচিত জাতিৰ লোকক ঘোৰ অপমান কৰিছে । ৰাজহুৱা স্থানত অনুসূচিত জাতিৰ লোকক অসন্মানীয় আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি অপমান কৰিছে । এই কথা সহ্য কৰিব নোৱাৰি ।"

MINISTER RANJEET KUMAR DASS
এজাহাৰ দাখিল অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ (ETV Bharat Assam)

ইফালে মন্ত্ৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে শব্দ মুখেৰে অজানিতে ওলাই যোৱা বুলি স্বীকাৰ কৰি ক্ষমা খোজে । মন্ত্ৰীগৰাকীয়ে কয়, "মোৰ মুখেৰে এটা অসাংবিধানিক শব্দ ওলাই গৈছে । মোৰ যেতিয়া বোধগম্য হ’ল তেতিয়া বুজিছিলো যে সেই অসাংবিধানিক শব্দটো মোৰ মুখেৰে ওলাব নালাগিছিল । কিবা কাৰণত হয়তো ওলাই গ’ল । তাৰ বাবে মই অনুতপ্ত । মোৰ মুখৰ পৰা যাতে শব্দটো পুনৰ নোলায় তাৰ বাবে সংযত হম৷ বহুতে দুখ প্ৰকাশ কৰিছে৷ বহুতে এজাহাৰ ৰুজু কৰিছে৷ এই শব্দটোৰ বাবে মই সকলো অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো ।''

মন্ত্রীগৰাকীয়ে ক্ষমা খোজাৰ পাছত নিজৰ প্ৰতিক্ৰিয়াত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে কয়, "মন্ত্রীগৰাকীৰ মগজুত তেনে শব্দ আছে বাবেহে তেওঁৰ মুখেৰে ওলাই আহিছে । এগৰাকী মন্ত্ৰীয়ে এনে শব্দ কোৱাটো দুৰ্ভাগ্যজনক । অনুসূচিত জাতিৰ বাবে থকা সকলো আঁচনি চৰকাৰখনে কৰ্তন কৰিছে । তাৰ দ্বাৰা আমি বুজিব পাৰিছো যে এইখন চৰকাৰ অনুসূচিত জাতি বিৰোধী চৰকাৰ । অনুসূচিত জাতিৰ কল্যানৰ বাবে কাম নকৰে । অনুসূচিত জাতিৰ লোকসকলক হেয় প্ৰতিপন্ন কৰিবলৈ কাম কৰে । এই বিষয়টো আমি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগক স্মাৰক পত্র যোগে অৱগত কৰিম ।"

লগতে পঢ়ক: এইবাৰ বিজেপিৰ দখলত থকা আসনত নিৰ্বাচন খেলিব অগপই; ক'লে ফণীভূষণ চৌধুৰীয়ে