ETV Bharat / state

অসম বাজেট ২০২৫-২৬ : অৰুণোদয়ৰ সমপৰ্যায়ৰ হ’ব বিধৱা পেন্সন- বিত্তমন্ত্ৰী

ASSAM BUDGET 2025 26
দাখিল হ’ল অসম বাজেট ২০২৫-২৬ (ANI)
author img

By ETV Bharat Assamese Team

Published : March 10, 2025 at 11:43 AM IST

|

Updated : March 10, 2025 at 1:39 PM IST

Choose ETV Bharat

অপেক্ষাৰ অন্ত পৰিল ৷ ১১:৩০ বজাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’ ৷ সন্মুখত আছে ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন । সেয়ে ৰাজ্যবাসীৰ লগতে সকলো ৰাজনৈতিক দলৰেই দৃষ্টি নিবদ্ধ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰা আগন্তুক বিত্তীয় বৰ্ষৰ এই বাজেটখনৰ ওপৰত । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন হ’ব শেষৰখন পূৰ্ণাংগ বাজেট ।

LIVE FEED

1:34 PM, 10 Mar 2025 (IST)

আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত অসম বাজেট ২০২৫-২৬ত আছে ?

‘‘অসম মালা’’ৰ অধীনত প্ৰতিখন জিলাতে ২৫ কিল'মিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ কৰা হ'ব । শিলচৰ চহৰত এখন উৰণ সেতু নির্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে ‘‘অসম বাজেট ২০২৫-২৬’’ দাখিল কৰে ৷ লগতে তেওঁ কয়, ‘‘ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত এটা নতুন বিধানসভা ভৱন আৰু বিধায়কৰ হোষ্টেল নিৰ্মাণ কৰা হ'ব । নতুনকৈ গঠিত সম-জিলাসমূহত ১৭ টা স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰা হ'ব । দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা‌ হ'ব । কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব । শ্রীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰা হ'ব । দশম অসম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা ‌হ’ব ।‌’’

1:29 PM, 10 Mar 2025 (IST)

পহিলা মে'ৰ পৰা নিম্ন আৰু মধ্যবিত্ত বিদ্যুৎ গ্ৰাহকসকলৰ বাবে অসম চৰকাৰৰ বিশেষ উপহাৰ

২০২৫ চনৰ পহিলা মে'ৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক লাভান্বিত কৰিব অসম চৰকাৰে । প্ৰতি মাহত ১২০ ইউনিট খৰচ কৰা জীৱনধাৰা (Jeevan Dhara) আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল (Domestic Category Consumers)ক প্ৰতিটো ইউনিটত ১ টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়োৱা হয় । এই উদ্দেশ্যে অসম চৰকাৰে বছৰত ৩০০ কোটি টকাৰ লক্ষ্য নিৰ্দ্ধাৰিত ৰাজসাহায্য আগবঢ়াব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে ৷

1:07 PM, 10 Mar 2025 (IST)

অসম দর্শন আঁচনি

বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত অসমত ২৫,০০০ নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য আগবঢ়াব ।‌ প্ৰতিটো ধৰ্মীয় প্ৰতিষ্ঠানলৈ দুটা সমান কিস্তিত ৩ লাখ টকাকৈ দিব । ২০২৫ চনৰ ৩১ মাৰ্চৰ আগতে প্ৰথম কিস্তি আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত দ্বিতীয় কিস্তি মুকলি কৰি দিব । এই আচঁনিৰ বাবে ৪২০ কোটি টকা আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে বুলি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এই বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

12:56 PM, 10 Mar 2025 (IST)

চাহ শ্ৰমিকলৈ এককালীন বিত্তীয় সাহায্য

ৰাজ্যৰ ৬.৮ লাখ স্থায়ী আৰু অস্থায়ী চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে । তেওঁ ইয়াৰ বাবে ৩৪২ কোটি টকা আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে ৷

12:49 PM, 10 Mar 2025 (IST)

খাদ্য সুৰক্ষা

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্রাম মচুৰ দালি, এক কিলোগ্ৰাম চেনি আৰু এক কিলোগ্রাম নিমখ যোগান ধৰিব । ৫ জনতকৈ অধিক সদস্য থকা পৰিয়াললৈ অতিৰিক্ত এক কিলোগ্রাম মচুৰ দালি আগবঢ়াব। প্ৰতি কিলোগ্রাম মচুৰ দাইলত ২৫ টকাকৈ, প্ৰতি কিলোগ্রাম চেনিত ২০ টকাকৈ আৰু প্ৰতি কিলোগ্রাম নিমখত ১০ টকাকৈ ৰাজসাহায্যৰ প্ৰস্তাৱ । এই আচঁনিৰ বাবে এই বছৰৰ বাজেটত অতিৰিক্ত ৩৭০ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটত ।

12:47 PM, 10 Mar 2025 (IST)

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) আঁচনিৰ চলিত বছৰটোত ৭৭৩ কোটি টকাৰ আবণ্টন দিয়া হ’ব । এই আচঁনিৰ অধীনত ২৫,০০০ হাজাৰৰো অধিক হিতাধিকাৰীক দ্বিতীয় পৰ্যায়ত একলাখকৈ টকা প্ৰদান কৰা হ'ব । তদুপৰি মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযান ২.০ ৰ অধীনত ৭৫,০০০ নতুন হিতাধিকাৰীক এইবছৰ সামৰি ল'ব । আঁচনিৰ মুঠ হিতাধিকাৰীৰ চাৰি শতাংশ দিব্যাংগজনৰ বাবে সংৰক্ষিত ৰখাৰ কথা ঘোষণা ।

12:32 PM, 10 Mar 2025 (IST)

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছে । ২০২৫ চনৰ অক্টোবৰত এই আচঁনি আৰম্ভ কৰিব । অসমৰ চৰকাৰী বিশ্ববিদ্যালয়/ মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্রতি মাহে ২,৫০০ টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত প্ৰদান কৰা হ'ব । তদুপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মৰ্মে মাহে ২,৫০০ টকাৰ পৰিৱৰ্তে ২৫,০০০ টকাৰ এককালীন বিত্তীয় সাহায্য আগবঢ়াব । ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নির্বিশেষে ২৫,০০০ টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে ৫০,০০০ টকাৰ এককালীন অনুদান আগবঢ়োৱা‌ হ'ব ।- বাজেটত বিত্তমন্ত্ৰী নেওগে ঘোষণা কৰে এই তথ্য ৷

12:27 PM, 10 Mar 2025 (IST)

বিদ্যালয় প্রাদেশিকীকৰণ সন্দৰ্ভত বিত্তমন্ত্ৰী নেওগৰ ঘোষণা

২০০৬ বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকীকৰণৰ প্ৰস্তাৱ দাখিল কৰা হৈছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বিত্তীয় বাজেটত ৷

12:24 PM, 10 Mar 2025 (IST)

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৯১ কোটি টকা আবণ্টন দিয়া হৈছে । অসম চৰকাৰৰ বাজেটত ৪.৩ লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত উল্লেখ কৰে ।

12:16 PM, 10 Mar 2025 (IST)

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনি

২০২৫-২৬ ৰ অসম বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে, ‘‘মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে চৰকাৰে ৩,০৩৮ কোটি টকা ব্যয় কৰিব । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান (MMUA) ৰ অধীনত প্ৰাৰম্ভিক মূলধন হিচাপে ১০,০০০ টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই গ্ৰামাঞ্চলৰ ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ব । এই পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ সক্ষম হ’লে বেংকৰ জৰিয়তে ২৫,০০০ টকাৰ ঋণ আগবঢ়োৱা হ'ব । এই ঋণৰ বিপৰীতে ৰাজসাহায্য আগবঢ়োৱা‌ হ’ব ।’’

12:09 PM, 10 Mar 2025 (IST)

অৰুণোদয়ৰ আৰু বিধৱা পেন্সন

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ঘোষণা কৰে যে বিধৱাসকলৰ পেন্সন যাতে অৰুণোদয়ৰ সমপৰ্যায়ৰ হয় সেয়া নিশ্চিত কৰিবলৈ অসম চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনিৰ হিতাধিকাৰীলৈ ট’প-আপ পেন্সন আগবঢ়াব । লগতে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.০ৰ অধীনত চৰকাৰে হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰিব । ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্রাদেশীয় অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্রস্তুত কৰি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিব । আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷’’

11:43 AM, 10 Mar 2025 (IST)

গ্রামীণ গৃহৰ ক্ষেত্ৰত PMAY-G ৰ গৃহ আবন্টন

বাজেটক ভাষণত বিত্তমন্ত্ৰীয়ে কয়, ‘‘২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অতিৰিক্ত ৫,৫৯,০৫১ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ (PMAY-G) গৃহ আবণ্টন দিয়া হৈছে ৷ ২০২৬ চনৰ মাৰ্চৰ ভিতৰত এই গৃহসমূহ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । ২০২৫ চনৰ ২৩ মাৰ্চত ৩,৮৮,৩৫৮ গৰাকী নতুন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ (PMAY-G) পুঁজিৰ মঞ্জুৰী পত্ৰ আৰু প্ৰথমটো কিস্তি লাভ কৰিব । PMAY-G ৰ বাবে ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে অসম চৰকাৰে ২০,৬৪৩ কোটি টকা লাভ কৰিছো আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত আন ৪ লাখতকৈ অধিক গৃহ আবণ্টনৰ আশা কৰিছে ।’’

Last Updated : March 10, 2025 at 1:39 PM IST