ডিমৰীয়াৰ সেউজীয়াৰ মাজত কোনে কৰিব জুবিন গাৰ্গৰ মুখাগ্নি ?
আজি শেষকৃত্য সম্পন্ন হ’ব জুবিন গাৰ্গৰ ৷ ভগ্নী পামী বৰঠাকুৰে কৰিব জুবিনৰ মুখাগ্নি ৷ পামীক সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই ৷

Published : September 23, 2025 at 7:29 AM IST
|Updated : September 23, 2025 at 9:38 AM IST
গুৱাহাটী : সৰুসজাইত নিস্তব্ধ হৈ শুই থকা জনতাৰ প্ৰাণৰ শিল্পী নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আজি অন্তিম যাত্ৰা । সোণাপুৰেই হ'ব সকলোৰে মৰমৰ শিল্পীগৰাকীৰ নতুন ঠিকনা । ডিমৰীয়াৰ সেউজীয়াৰ মাজতেই আজি শেষ হ’ব লক্ষ লক্ষ জনতাৰ হৃদয় জিনা নিজানৰ গান গোৱা শিল্পীগৰাকীৰ ৷
সোণাপুৰত কমাৰকুছিৰ হাতীমূৰাত চিৰদিনৰ বাবে শুই পৰিব অসমী আইৰ প্ৰিয় সন্তানগৰাকী । যুগান্তকাৰী মহানায়কগৰাকীক মঙলবাৰে ডিমৰীয়াৰ সেউজীয়াৰ মাজত কোনে কৰিব মুখাগ্নি ? এই প্ৰশ্নই সকলোৰে মাজত দোলা দি থকা সময়তে অৱশেষত চূড়ান্ত হ’ল জুবিন গাৰ্গৰ মুখাগ্নি কৰা ব্যক্তিগৰাকীৰ নাম । ভগ্নী পামী বৰঠাকুৰে কৰিব মুখাগ্নি । পামী বৰঠাকুৰক সংগ দিব অৰুণ গাৰ্গে আৰু ৰাহুল গৌতম শৰ্মাই ।
বিগত তিনি দিনত শিল্পীগৰাকীৰ শেষকৃত্যক লৈ চলি থকা বিভিন্ন আলোচনাৰ অন্যতম বিষয় আছিল মুখাগ্নি । কোনে কৰিব জুবিনৰ মুখাগ্নি ? ইয়াকলৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল কৌতুহল । অৱশেষত চূড়ান্ত হ’ল জুবিন গাৰ্গৰ মুখাগ্নি কোনে কৰিব । ভগ্নী পামী বৰঠাকুৰে কৰিব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মুখাগ্নি । পামী বৰঠাকুৰক এই কাৰ্যত সংগ দিব শিল্পীগৰাকীৰ আত্মীয় অৰুণ গাৰ্গ আৰু জুবিনৰ লগত দীৰ্ঘদিনৰ সহযোগী হিচাপে থকা ৰাহুল গৌতম শৰ্মাই ।
উল্লেখ্য যে, মঙলবাৰে পুৱা পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় । জি এম চি এইছত মৰণোত্তৰ পৰীক্ষা ৫.১৫ বজাত আৰম্ভ হয় । এই প্ৰক্ৰিয়া সম্পন্ন হয় ৯ বজাত । ইয়াৰ পাছত পুনৰ জুবিনৰ নশ্বৰদেহ লৈ যোৱা হয় সৰুসজাইলৈ । তাৰ পৰা এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হয় শেষকৃত্য অনুষ্ঠানলৈ । সোমবাৰে নিশা শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া স্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

