ETV Bharat / state

'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ

সৰুসজাই ষ্টেডিয়ামত 'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

JHUMOIR BINANDINI
'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : February 23, 2025 at 11:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সোমবাৰে সন্ধিয়া ৬ বজাত ঝুমইৰ বিনন্দিনীৰে মুখৰিত হৈ পৰিব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ঝুমুৰ নৃত্যৰ শিল্পীসকলে দেওবাৰে সন্ধিয়া চূড়ান্ত অনুশীলনত অংশগ্ৰহণৰ পিচতেই আৰম্ভ হৈছে ঐতিহাসিক ক্ষণৰ কাউন্ট ডাউন ।

২০০ বছৰীয়া চাহ জনগোষ্ঠীৰ সংস্কৃতিক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ বাবে সাজু হৈছে মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ ৯ হাজাৰৰো অধিক শিল্পী ।

'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ (ETV Bharat Assam)

মাদলৰ চেৱত সৰুসজাইত প্ৰাণ পায় উঠিছে ঝুমুৰে । সোমবাৰে সৰুসজাই খেল পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব মেগা ঝুমুৰ নৃত্য । ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলা মূল অনুশীলনৰ আজি চূড়ান্ত অনুশীলন আছিল ।

JHUMOIR BINANDINI
'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (ETV Bharat Assam)

চূড়ান্ত অনুশীলত উপস্থিত থাকি সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যচৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী ।

JHUMOIR BINANDINI
'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (ETV Bharat Assam)

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীকে ধৰি এই মেগা ঝুমুইৰ প্ৰদৰ্শনত উপস্থিত থাকিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, দেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উদ্যোগপতিৰ লগতে বহু অভ্যাগতই । অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘‘ঝুমইৰ বিনন্দিনী’’ শীৰ্ষক এই মেগা ঝুমুৰ নৃত্যই সোমবাৰে সন্ধিয়া ৰচনা কৰিব ইতিহাস ।

JHUMOIR BINANDINI
'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (ETV Bharat Assam)

উল্লেখযোগ্য যে ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পী প্ৰতিনিধি । ৮,৮৮৮ শিল্পীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য ।

'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (ETV Bharat Assam)

ইফালে, চাহজনগোষ্ঠীৰ পৰম্পৰা ঝুমুৰ নৃত্যক দেশবাসীৰ লগতে বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাক ধন্যবাদ জনালে অংশগ্ৰহণকাৰী শিল্পীসকলে ।

JHUMOIR BINANDINI
'ঝুমইৰ বিনন্দিনী'ৰ চূড়ান্ত অনুশীল (ETV Bharat Assam)

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ঝুমইৰ বিনন্দিনীত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক:ঝুমইৰ বিনন্দিনী : স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ নৃত্যৰে ইতিহাস ৰচিবলৈ সাজু ৮সহস্ৰাধিক শিল্পী - JHUMOIR BINANDINI

এডভাণ্টেজ অসম আৰু 'ঝুমইৰ বিনন্দিনী': আহি আছে প্ৰধানমন্ত্ৰীৰ লগতে ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূত - ADVANTAGE ASSAM