
APSC কেলেংকাৰীৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন Fight Against injustice of APSC ৰ - APSC scam
Probe into APSC scam: অভিযোগনামাত নাম থকাৰ পিছতো অভিযুক্ত ৰাজপত্ৰিত বিষয়া আওতালৈ নাহিল কিয় ? কাৰ স্বাৰ্থত বিগত ২ বছৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে চৰকাৰে ? Fight Against injustice of APSC- ৰ নেতা মানস প্ৰতীম বৰুৱাৰ প্ৰশ্ন ৷

Published : September 22, 2024 at 5:41 PM IST
গুৱাহাটী, 22 ছেপ্টেম্বৰ: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিগত আঢ়ৈ বছৰীয়া শাসনকালত অৱশেষত APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা এচাম অতি প্ৰভাৱশালী ৰাজপত্ৰিত বিষয়া ন্যায়ালয়ৰ বিচাৰৰ আঁওতালৈ আহিল । বিগত 17 ছেপ্টেম্বৰত বিশেষ ন্যায়ালয়ে SIT ৰ 14 নং পৰিপূৰক অভিযোগনামাত তদন্তকাৰী বিষয়াই অভিযুক্ত নকৰা 23 জন বিষয়াৰ নাম সন্নিবিষ্ট আছিল । ইয়াৰ উপৰিও আদালতে SIT এ কৌশলপূৰ্ণভাৱে ৰেহাই দিয়া 14 জন বিষয়াৰ 7 জন বিষয়াক নিজাকৈ অভিযুক্ত কৰে ।
এই সমগ্ৰ ঘটনাই বিগত আঢ়ৈ বছৰে সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাতেই APSC কেলেংকাৰীত জড়িত এচামক সুৰক্ষা দি অহা বুলি অভিযোগ উত্থাপন কৰি দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি পুনৰ সৰব হয় Fight Against injustice of APSC নামৰ সংগঠনটো । সংগঠনটোৰ নেতা মানস প্ৰতীম বৰুৱাই সংবাদমেলত কয় যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত স্বয়ং মুখ্যমন্ত্ৰীজনৰ ভূমিকা হতাশজনক আৰু পক্ষপাতমূলক আছিল ।
তেওঁ কয়, ‘‘বিগত 2 এপ্ৰিল 2022 ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই APSC কেলেংকাৰীৰ প্ৰতিবেদন দিয়া সময়ৰ পৰাই মুখ্যমন্ত্ৰীজনৰ ভূমিকা হতাশজনক আছিল । য'ত কেতিয়াবা তেখেতে এই ঠগ, প্ৰৱঞ্চনাৰে বাচনিভুক্ত বিষয়াসকলক অসমীয়া ল'ৰা-ছোৱালী বুলি কয়, কেতিয়াবা মানৱীয় দৃষ্টিভংগীৰ কথা কৈ সংবাদ মাধ্যমক বাতৰি পৰিৱেশনত বাধা দিয়ে । তেওঁৰ চৰকাৰৰ দিনত বক্ৰপথেৰে চাকৰি লোৱা একাংশক কিয় পদোন্নতি দিছিল সেয়া এক বৃহৎ প্ৰশ্ন ।’’
‘‘ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সেইসকল বিষয়াক ৰক্ষণাবেক্ষণ দিছিল ।’’ - মানস প্ৰতীম বৰুৱাই লগতে কয় ৷ কিয় অভিযোগনামাত নাম থকাৰ পিছতো অভিযুক্ত ৰাজপত্ৰিত বিষয়া আওতালৈ নাহিল বুলিও তেওঁ প্ৰশ্ন কৰে ?
তেওঁ লগতে প্ৰশ্ন কৰে যে কাৰ স্বাৰ্থত বিগত ২ বছৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে ? ‘‘APSC ৰ তদন্তকাৰী বিষয়া সলনি হ’ল । প্ৰথমে সুৰজিত সিং পানেচাৰ, প্ৰতীক বিজয় থুবে আৰু এতিয়া উপেন কলিতা । তেওঁলোকে তদন্তকৰি ন্যায় যে দিব সেয়া বৃহৎ প্ৰশ্ন । যদিও SIT গঠন কৰিলে, SIT ৰ একো নহ’ল । হ'ল মাথোঁ তেওঁলোকৰ তদন্তৰ দিনত ভেকোভাওনা । যেতিয়েই পাৰ্থ সাৰথি মহন্ত পূৰ্বৰ SIT ত সোমাল তেতিয়াৰ পৰাই সুৰজিত সিং পানেচাৰৰ তদন্ত গেঁথেলা মাৰিলে ।’’ মানস প্ৰতীম বৰুৱাই কয় ৷
আনহাতে সমগ্ৰ তদন্তটোৰ ক্ষেত্ৰত DGP ৰ ভূমিকাৰ ক্ষেত্ৰতো একেই প্ৰশ্ন Fight Against injustice of APSC নামৰ সংগঠনটোৰ । আৰক্ষী বিভাগ, গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে বুলিও সংবাদমেলত উল্লেখ কৰে ।
লগতে পঢ়ক: ২৩ ৰাজপত্ৰিত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাত - APSC Scam
এ পি এছ চি কেলেংকাৰীৰ শাস্তি ঘোষণা : পাঁচবাৰকৈ সলনি কৰা হৈছিল নম্বৰ - APSC Scam Verdict
ধনৰ লালসা : ৰাকেশ পাল বাহিনীৰ নতুন ঠিকনা কাৰাগাৰৰ কুঠৰী - APSC SCAM

