ETV Bharat / state

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে আক্ৰান্তই ৰচনা কৰিলে গ্ৰন্থ

এজন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীয়ে চতুৰ্থ স্তৰৰ পৰা কেনেদৰে উপশম লাভ কৰিলে ? এই সম্পৰ্কে ৰচনা কৰিলে এখন গ্ৰন্থ ।

patient write book on Cancer
কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে আক্ৰান্তই ৰচনা কৰিলে গ্ৰন্থ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 10:19 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সম্প্রতি পৰিবৰ্তনশীল জীৱন যাত্রাত কৰ্কট ৰোগে হেঙাৰ স্বৰূপে বাধা দিয়াত বহুতৰ ৰঙীন ভবিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈছে । কৰ্কট আক্রান্ত কিছুসংখ্যক ৰোগীয়ে দিকবিদিক হেৰুৱাই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে । দিন-প্রতিদিন কর্কট ৰোগত আক্ৰান্তৰ গ্ৰাফডাল ইমানেই উর্ধ্বগামী হৈছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোকে এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰাইছে । ইয়াৰ মাজতেই আকৌ একাংশ ৰোগীয়ে এই ৰোগবিধৰ বিৰুদ্ধে যঁজ দিছে ।

কৰ্কট ৰোগত আক্ৰান্তৰ মনোবল

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে আক্ৰান্তই ৰচনা কৰিলে গ্ৰন্থ (ETV Bharat Assam)

কৰ্কট ৰোগত আক্ৰান্ত ৰোগী এগৰাকীয়ে ৰচনা কৰা গ্ৰন্থ এখন শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । চাৰি বছৰ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত লোকজনে কেনেদৰে এই দুৰ্যোগৰ মাজেৰে আহি আজি ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে গ্ৰন্থখনত সুন্দৰভাৱে ব্যাখ্যা কৰিছে । পৰিবহণ বিভাগৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ চিকিৎসা আৰম্ভ কৰে । এই মৰণব্যাধি কৰ্কটৰ চতুৰ্থ স্তৰ অৰ্থাৎ অন্তিম পৰ্যায়ৰ পৰা উপশম লাভ কৰিবলৈ সক্ষম হোৱা সীতাৰাম দলেই নিজৰ জীৱনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছে ' কৰ্কট ক্ৰান্তি ' ।

এই গ্ৰন্থখন শনিবাৰে উন্মোচন কৰে প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ অস্থায়ী অধ্যক্ষ তথা বিশিষ্ট স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্যই । বৃহত্তৰ গণেশগুৰি সাহিত্য সভাৰ উদ্যোগত আয়োজিত এক ব্যতিক্ৰমী উন্মোচনী অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰি বসন্ত কুমাৰ বৈশ্যই কয়," কেন্সাৰ মানেই মৃত্যু নহয়,আজিকালি ৰোগবিধৰ পৰা হাত সাৰিব পাৰি, যদিহে প্ৰাৰম্ভিক কালতেই ইয়াৰ উপযুক্ত চিকিৎসা কৰা হয় ।" গ্ৰন্থখনৰ লেখকৰ মনোবল আৰু সাহস দেখি অভিভূত হৈ পৰে চিকিৎসকগৰাকী । ড৹ যতীন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত আয়োজিত উক্ত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া আৰু অনাতাঁৰ শিল্পী অৱনী মিলিয়ে ।

উক্ত অনুষ্ঠানটোৰ আঁতধৰা বৃহত্তৰ গণেশগুৰি সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰ্মনে কয়," অসমতো এই ৰোগে মাৰাত্মক ৰূপ লোৱা বিষয়টোৱে গতিশীল সমাজ ব্যবস্থা একপ্ৰকাৰ স্থবিৰ কৰি তুলিছে বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহ'ব । কৰ্কট ৰোগ কি, এই ৰোগৰ কাৰণ, মানৱ দেহৰ বিভিন্ন অংগৰ কৰ্কট ৰোগ, কৰ্কটত আক্রান্ত কেইগৰাকীমান ব্যক্তিৰ ইয়াৰ পৰা পোৱা পৰিত্ৰাণ, কৰ্কটৰ পৰা মুক্তি লাভৰ উপায় আৰু কেনেকৈ ৰক্ষা পৰিল এই সন্দৰ্ভত ভালেকেইগৰাকী লোকৰ পুংখানুপুংখ ঘটনাৰ বাস্তৱ চিত্র বিভিন্ন উদাহৰণসহ আলোকপাত কৰি বিশিষ্ট নিবন্ধকাৰ সীতাৰাম দলেই ৰচনা কৰিছে 'কৰ্কট ক্রান্তি'। নিঃসন্দেহে তথ্যসমৃদ্ধ এখন মূল্যবান গ্রন্থ । "

দলেই নিজে এগৰাকী কৰ্কট ৰোগত আক্রান্ত ৰোগী যদিও আত্মবল আৰু জীবন ছন্দৰ গতি সহজতে নির্বাপিত নকৰি এশ শতাংশ জীয়াই থকাৰ দুৰ্বাৰ আশাৰে ৰচনা কৰিছে 'কৰ্কট ক্রান্তি' ।

লগতে পঢ়ক:যোৰহাট দিৱসত গ্ৰন্থদান পাত্ৰ মুকলি - Jorhat Day

জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন