গুৱাহাটী লোকসভা সমষ্টিত মহিলা প্ৰাৰ্থী; কি বিচাৰে নাৰী সমাজে ?
BJP Candidate of Guwahati LS : অসমৰ লোকসভা সমষ্টিৰ কথা উল্লেখ কৰিবলৈ গ'লে প্ৰথমতেই উল্লেখ কৰিব লাগিব গুৱাহাটী সমষ্টিৰ কথা । কিয়নো ৰাজ্যৰ ৰাজধানী হিচাপে গুৱাহাটী লোকসভা সমষ্টি অতি সন্মানীয় আৰু ইয়াৰ গুৰুত্বও বেছি । এইবাৰকে ধৰি ক্ৰমাগত তিনিটা লোকসভা কাৰ্যকালত গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰিছে দুগৰাকী মহিলা সাংসদে । আনহাতে, এইবাৰো বিজেপিৰ তৰফৰ পৰা মহিলা প্ৰাৰ্থী ঘোষণা কৰা হৈছে আৰু কংগ্ৰেছৰো এগৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব পোৱাটো একপ্ৰকাৰ নিশ্চিত । কিন্তু গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকল কিমান সফল হৈছে ? বা আগন্তুক দিনত যদি আন এগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হয় তেওঁলোকৰ পৰা প্ৰত্যাশা কি হ'ব ? আহক এই সন্দৰ্ভত নাৰী সমাজে কি কয় জানো ।

Published : March 5, 2024 at 9:26 PM IST
গুৱাহাটী, ৫ মাৰ্চ : লোকসভা নিৰ্বাচন দুৱাৰদলিত । ২০২৪ চনৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে অসমতো শাসক-বিৰোধী উভয় শিবিৰ তৎপৰ হৈ পৰিছে । ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত জয়ী হোৱাৰ বাবে নিজ নিজ কৌশল অৱলম্বন কৰি সমষ্টিয়ে সমষ্টিয়ে নামি পৰিছে । শাসকীয় দল বিজেপিয়ে অসমৰ ১১ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিজেপিয়ে ঘোষণা কৰা ১১ টা সমষ্টিৰ ভিতৰত গুৱাহাটী লোকসভা সমষ্টিত মহিলা প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নাম ঘোষণা কৰিছে । অৱশ্যে কংগ্ৰেছে বৰ্তমানলৈকে অসম বা দেশত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । তথাপিও গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মীৰা বৰঠাকুৰ গোস্বামীৰ নাম চৰ্চাত আছে ।
ৰাজনৈতিক মহলৰ মতে, কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰে প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত । সেয়া হ'লে পুনৰ গুৱাহাটী লোকসভা সমষ্টিত দুগৰাকী মহিলা প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হ'ব ।
কিন্তু এইখিনিতে এটা বিষয় উত্থাপন হয় যে বিগত সময়ছোৱাত গুৱাহাটীত মহিলা সাংসদ দুগৰাকী কিমান সফল হৈছে । উল্লেখ্য যে ২০১৯-ৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা জয়ী হয় বিজেপি প্ৰাৰ্থী কুইন ওজা । আনহাতে, ইয়াৰ পূৰ্বৰ দুটা কাৰ্যকালত বিজয়া চক্ৰৱৰ্তীয়ে গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ।
কিন্তু তেওঁলোক কিমান সফল হৈছে ? প্ৰত্যাশা অনুসৰি এই দুগৰাকী সাংসদে গুৱাহাটী সমষ্টিলৈ অৱদান আগবঢ়াব পাৰিছেনে ? যদি আগন্তুক দিনত আন এগৰাকী মহিলা সাংসদে গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰে, তেন্তে তেওঁৰ পৰা গুৱাহাটী সমষ্টিবাসীৰ কি প্ৰত্যাশা থাকিব ? এই সন্দৰ্ভত আমি মতামত ল'বলৈ চেষ্টা কৰোঁ গুৱাহাটীৰ দুটাকৈ অগ্ৰণী নাৰী সংগঠনৰ দুগৰাকী নেত্ৰীৰ পৰা ।
উল্লেখ্য যে বিজেপিয়ে গুৱাহাটীত মহিলা প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে নাৰী সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে নাৰী সংগঠনবোৰে । এই সন্দৰ্ভত অসম প্ৰাদেশিক মহিলা সমিতিৰ সভানেত্ৰী গীতা শৰ্মাই ই টিভি ভাৰতৰ আগত কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত নাৰীসকল সুৰক্ষিত হ'ব লাগে ।
গুৱাহাটী সমষ্টিৰ বাসিন্দা হিচাপে দুগৰাকীকৈ মহিলা সাংসদ লাভ কৰাৰ পিছতো নাৰী সুৰক্ষাৰ দিশত কোনো কাম নকৰিলে । বাৰম্বাৰ বিজয়া চক্ৰৱৰ্তী আৰু কুইন ওজাক লগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁক লগ কৰিবলৈ সুবিধা নোপোৱাৰ অভিযোগ গীতা শৰ্মাৰ । সেয়ে এইবাৰ যি দলৰেই প্ৰাৰ্থী নিৰ্বাচনত জয়ী নহওক কিয়, তেওঁলোকক বিশেষকৈ নাৰী সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায় ।
তেওঁ কয়, নাৰী সুৰক্ষিত হ'লেহে এখন ঘৰ সুৰক্ষিত হ'ব । আনহাতে, অসম মহিলা সংঘৰ নেত্ৰী অসমী গগৈয়ে কয় যে অসমৰ সমষ্টিবোৰৰ ভিতৰতে সন্মানীয় সমষ্টি হৈছে গুৱাহাটী সমষ্টি । গুৱাহাটীত নাৰী সুৰক্ষিত হ'ব লাগে । লগতে তেওঁৰ এক গুৰুত্বপূৰ্ণ মন্তব্য, পূৰ্বৰ সাংসদসকলে কেনেদৰে নাৰী সুৰক্ষাৰ ওপৰত কাম কৰিছে সেই বিষয়ত জ্ঞাত নহয় ।
উল্লেখ্য যে আগন্তুক নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি যিয়ে প্ৰতিনিধিত্ব নকৰক কিয়, তেওঁলোকে যাতে নাৰীৰ হকে সবল পদক্ষেপ আগবঢ়াব পাৰে আৰু লোকসভাত গুৱাহাটী সমষ্টি সন্দৰ্ভত সৰৱ হ'ব পাৰে সেয়া সকলোৱে কামনা কৰে ।

