ETV Bharat / state

আনুষ্ঠানিক স্কুলীয়া শিক্ষা অবিহনেই সাহিত্য চৰ্চা কৰা এগৰাকী বিশিষ্ট কবি

বাক্সা জিলাৰ পুৰাণশ্ৰীপুৰ গাঁৱৰ নিৰ্মল বসুমতাৰীক বড়ো সাহিত্য গোষ্ঠীৰ সম্বৰ্দ্ধনা ।

Felicitation to eminent poet Nirmal Basumatary in Baksa
বিশিষ্ট কবি নিৰ্মল বসুমতাৰীক সম্বৰ্দ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2024 at 9:31 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা: বাক্সা জিলাৰ বড়ো সাহিত্য গোষ্ঠী 'বেৰে বাছা'(মৌ বাহ)ৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় কবি, নাট্যকাৰ প্ৰযোজক নিৰ্মল বসুমতাৰীক । বাক্সা জিলাৰ বৰমা অঞ্চলৰ বড়ো সাহিত্য গোষ্ঠী 'বেৰে বাছা'ৰ উদ্যোগত অনুষ্ঠিত হোৱা কবি সন্মিলনত বাক্সা জিলাৰ পুৰাণ শ্ৰীপুৰ গাঁৱৰ বিশেষভাৱে সক্ষম নিৰ্মল বসুমতাৰীক সুদীৰ্ঘ বছৰ ধৰি বড়ো আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ বাবে তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

বিশেষভাৱে সক্ষম নিৰ্মল বসুমতাৰীয়ে ইতিমধ্যে অসমীয়া আৰু বড়ো ভাষাত এখনকৈ কবিতাপুথি লিখি উলিয়াইছে । কোনো আনুষ্ঠানিক স্কুলীয়া শিক্ষা অবিহনে সাহিত্য চৰ্চা কৰি অহা কবিগৰাকীক এই অনুষ্ঠানতেই বড়ো সাহিত্য সভায়ো অভিনন্দন জ্ঞাপন কৰে ।

বিশিষ্ট কবি নিৰ্মল বসুমতাৰীক সম্বৰ্দ্ধনা (ETV Bharat Assam)

সম্বৰ্ধনা গ্ৰহণ কৰি নিৰ্মল বসুমতাৰীয়ে কয়,"সাহিত্য হৈছে এটা জাতিৰ বাবে আগবাঢ়ি যোৱা জখলা । সাহিত্য হৈছে মানুহৰ অন্তৰ ধুই পখালি চাফা কৰা এটা চাবোন, সাহিত্য মানুহৰ বাবে গা-ধোৱা নৈৰ ঘাট । তেওঁ জানিবলৈ দিয়ে যে চৰকাৰী সাহায্য হিচাপে বি টি চি চৰকাৰৰ পৰা পচিশ হাজাৰ টকা আৰু অসম চৰকাৰৰ পৰা পঞ্চাশ হাজাৰ টকা দুবাৰকৈ লাভ কৰে ।"

উল্লেখ্য যে, নিৰ্মল বসুমতাৰীয়ে অসমীয়া আৰু বড়ো ভাষাত কেইবাখনো গ্ৰন্থৰ লগতে বড়ো ভাষাত বৰ্তমান এখন কথাছবি নিৰ্মাণৰ কাম কৰি থকা বুলি জানিবলৈ দিয়ে । উক্ত কবি সন্মিলনত উপস্থিত থাকে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক তথা (বড়ো) শিশু সাহিত্য অকাডেমি বটাপ্ৰাপক দেওবাৰ ৰামছিয়াৰী, সাহিত্য অকাডেমি বটাপ্ৰাপক (বড়ো) ৰশ্মি চৌধুৰী, বৰমা আঞ্চলিক বড়ো সাহিত্য সভা সভাপতি উমেশ চন্দ্ৰ বড়ো, সম্পাদক গণপতি চোৰাং বড়ো, কবি ৰিম্পী বৰুৱা, মধুমোহন লাহাৰীৰ লগতে বহু বিষয়ববীয়া আৰু ৰাইজ । এই কবি সন্মিলনত বিভিন্ন কবিৰ কবিতা পাঠৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয় ।

লগতে পঢ়ক: বিশ্বমুখী যাত্ৰা অসমকন্যাৰ: পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ

চামগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নে তাঞ্জিল হুছেইন ? ধৰিব পৰা নাই দিপ্লুৰঞ্জন শৰ্মাই