ETV Bharat / state

এনে পিতৃও থাকেনে ! তিনিমহীয়া কন্যাক দলিয়াই দিলে কুঁৱালৈ - MURDER IN MARIANI

যোৰহাট জিলাৰ মৰিয়নীত হৃদয় বিদাৰক ঘটনা । মাতাল পিতৃক গ্ৰেপ্তাৰ ।

Father threw the three-month-old newborn baby into a pond in Mariani
নিজ সন্তানক দলিয়ালে কুঁৱালৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 2:25 PM IST

3 Min Read

যোৰহাট: যোৰহাট জিলাৰ মৰিয়নীত মৰ্মান্তিক ঘটনা । মৰিয়নীৰ চেলেংহাটত সংঘটিত হৈছে এক বুকু কঁপি যোৱা মৰ্মান্তিক ঘটনা । পিতৃৰ হাততে প্ৰাণ গ'ল তিনিমহীয়া নৱজাতকৰ । এই ঘটনাই প্ৰতিজন হৃদয়বান লোকৰ বুকু কঁপাই গৈছে । এই মৰ্মান্তিক ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে ৷ কিন্তু সমস্ত ঘটনাৰ সৱিশেষ পোহৰলৈ আহে শুকুৰবাৰে ।

জানিব পৰা মতে মৰিয়নী চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত প্ৰায়ে সংঘাতৰ সুত্ৰপাত হৈছিল । প্ৰায়ে মাতৃৰ কোলাৰ পৰা নৱজাতকটিক কাঢ়ি নি পিতৃয়ে নিশাই ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু বৃহস্পতিবাৰে লৈ যোৱা নৱজাতকটিক ঘৰলৈ নানি সুৰামক্ত পিতৃ অমৰ বৰাইকে ঘৰৰ কাষতে থকা এটা কুঁৱালৈ নিক্ষেপ কৰে । জন্মদাতী মাতৃয়ে তিনিমাহত ভৰি দিয়া বৈষ্ণৱী নামৰ কন্যা শিশুটিক বিচাৰ খোচাৰ কৰি নাপালে ।

নৱজাতকক কুঁৱালৈ দলিয়ালে পাষাণ পিতৃয়ে (ETV Bharat Assam)

কিন্তু নিজৰ সন্তানক হত্যা কৰা কথা অমৰ বৰাইকে চেলেংহাট আৰক্ষীক নিজেই খবৰ দিয়ে । কন্যা সন্তানটিক নিক্ষেপ কৰা স্থানটো তেওঁ নিজেই আৰক্ষীক দেখুৱাই দিয়ে । মৃত অৱস্থাত আৰক্ষীয়ে কন্যা শিশুটিক কুঁৱাৰ পৰা উদ্ধাৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে সন্তানক হত্যা কৰা অমৰ বৰাইকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে । ইতিমধ্যে কন্যা সন্তানটিক মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত আৰক্ষীয়ে চমজাই দিয়ে পৰিয়ালৰ হাতত ।

আনহাতে এই ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া মাতৃগৰাকীয়ে কয়,"ঘৰলৈ আহি প্ৰথমে বকিবলৈ আৰম্ভ কৰিলে । তেতিয়া মই কলোঁ যে সদায় সদায় মানুহকেইটাক কিয় গালি পাৰি থাক ? কথাটো কোৱাৰ লগে লগে কেচুৱাটো লৈ ওলাই গ'ল । আগতেও সি এনেকুৱাই কৰে, বাগানৰ ফালে কেচুৱাটো লৈ যায় । মোক কয় মোৰ ভাগৰ কেচুৱা, মই যি মন কৰিব পাৰোঁ, তই মাজত সোমাব নালাগে ।"

তেওঁ লগতে কয়, "কালিও মই কেচুৱাটো বিচাৰি গ'লোঁ । কিন্তু ক'তো নাপালোঁ । তাৰ পিছত মই চোতালতে ৰৈ থাকিলোঁ । অলপ পিছত পুলিচ কেইটাক লৈ সি ঘৰলৈ আহিছে । সি গৈ কুঁৱাটোত দেখুৱাই দিছে । সি নিজেই থানালৈ গৈ পুলিচক মাতি আনিছে । কিন্তু মই কুঁৱাত পেলোৱা দেখা নাছিলোঁ ।"

Father threw the three-month-old newborn baby into a pond in Mariani
অভিযুক্ত পিতৃ (ETV Bharat Assam)

ইফালে বাগিচা অঞ্চলসমূহত অবাধ হাৰত অবৈধ সুৰাৰ প্ৰচলনৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি এগৰাকী সচেতন ব্যক্তি তুষাৰ পালে কয়, "এটা অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা । এনেধৰণৰ ঘটনাবোৰ সংঘটিত হয় আচলতে অত্যন্ত সুৰাৰ ব্যৱহাৰৰ বাবে । সেইবোৰ স্থানলৈ মই আগতেও গৈছোঁ । আমি সজাগতামূলক সভাবোৰ অনুস্থিত কৰাৰ সময়তো দেখিছোঁ অধিকাংশ ঘৰতেই সুৰাৰ প্ৰচলন চলি আছে । ইয়াৰ আগতেও তেনেধৰণৰ ঘটনা ঘটিছে । সুৰাৰ প্ৰচলন যদি আমি বাধা নিদিও, বন্ধ কৰিব নোৱাৰো যদি, তেতিয়াহ'লে ইয়াতকৈয়ো ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব ।"

লগতে পঢ়ক: মিছন ফ্লাড ফ্ৰী: ফুলদানী হৈ পৰি আছে শাৰী শাৰী ছুপাৰ ছাকাৰ - FLASH FLOOD IN GUWAHATI

প্ৰধানমন্ত্ৰীৰ ১১ বছৰীয়া শাসন: ৰাজ্যজুৰি বিজেপিৰ মাহজোৰা কাৰ্যসূচী - ASSAM STATE BJP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.