কলিয়াবৰ: "খেতি কৰি খা, খেতি কৰি খা/খেতি কৰি খাবৰ হ'লে কলিয়াবৰলৈ যা ।" এসময়ত উৰ্বৰা, শস্য-শ্যামলা কলিয়াবৰ আন ঠাইৰ লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । সেয়েহে মুখ বাগৰি প্ৰচলিত হৈছিল এইষাৰ প্ৰৱচন । অৱশ্যে কলিয়াবৰৰ কৃষি পৰম্পৰাৰ পৰিৱৰ্তন হ'ল । কাৰণ যিয়েই নহওক, পৰিৱৰ্তন অৱধাৰিত । কিন্তু এতিয়া যুৱচামৰ মাজত খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে । পুনৰ তাৰ প্ৰমাণ দাঙি ধৰিছে কলিয়াবৰৰ হাটবৰৰ দাঁতকটা গাঁৱৰ তিনি যুৱকে । নিজৰ জমা ধনেৰেই আৰম্ভ কৰা পাচলি খেতিৰে দেখিলে লাভৰ মুখ ।
লমালমে লাগি থকা জিকাৰ চাংখন দেখিলে আপোনাৰো মনটো ভাল লাগিব । কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈয়ে উৎপাদন কৰা দীঘল-দীঘল, সেউজীয়া ওলমি থকা জিকাবোৰ দেখিলেই আপুনি অনুমান কৰিব পাৰিব খাবলৈ কিমান সোৱাদ হ'ব । কলিয়াবৰৰ দাঁতকটা গাঁৱৰ তিনি যুৱক ভৈৰৱ বৰা, দীপ বৰা আৰু প্ৰদীপ শইকীয়াই ব্যৱসায়িক ভিত্তিত কৰিছে পাচলি খেতি ।
জিকা, ভোল, ভেন্দি, তিয়হ, লেচেৰা মাহৰ খেতি কৰি ব'হাগৰ বতৰতে বজাৰত বিক্ৰী আৰম্ভ কৰিছে । তদুপৰি পৰীক্ষামূলকভাৱে তৰমূজৰ খেতিও কৰিছে । গাঁৱৰ পৰা নাতি দূৰৈৰ পথাৰত কৰা এই পাচলি খেতিয়ে স্থানীয় অঞ্চলটোত যথেষ্ট সমাদৰ লাভ কৰিছে । দৈনিক প্ৰায় পঞ্চাশ কেজিকৈ জিকা বিক্ৰী কৰিছে যুৱককেইজনে । লগতে ভেন্দি আৰু তিয়হো বিক্ৰী কৰিছে । খেতিডৰাত ভোল লাগিবলৈও আৰম্ভ কৰিছে । খেতি কৰি উপাৰ্জন কৰিবলৈ আগবাঢ়ি অহা এই যুৱককেইজনে দাঁতকটা গাঁৱৰ এই ঠাইতে যোৱা দুবছৰ পৰীক্ষামূলকভাৱে জিকা খেতি কৰি সুফল লাভ কৰাত এইবাৰ ব্যৱসায়িক ভিত্তিত জিকা,ভেন্দি, তিয়হ খেতি কৰাৰ চিন্তা কৰে । জিকা আৰু ভেন্দিৰ উৎপাদন সন্তোসজনক হোৱাৰ লগতে বজাৰতো সমাদৰ লাভ কৰিছে ।
এই সন্দৰ্ভত কৃষক ভৈৰৱ বৰাই কয়, "এই মাটিতে মই কুঁহিয়াৰ খেতি কৰিছিলো । কিন্তু হাতীৰ উপদ্ৰৱৰ বাবে কুঁহিয়াৰ খেতি বাদ দিলো । কেইবাবছৰমান এই মাটি একো নকৰাকৈ পৰি থাকিল । আমি তিনিওজন মিলি ভাবিলো পাচলি খেতিকে কৰা যাওক । সেয়ে দুবছৰ ধৰি পৰীক্ষামূলকভাৱে জিকা খেতি কৰি ভাল ফল পালো । সেয়ে এইবাৰ জিকা খেতি পূৰ্বতকৈ বহলভাৱে কৰিছো । লগতে ভেন্দি, তিয়হ, ভোলৰ খেতিও কৰিছো । ফলাফল ভাল পাইছো । বিক্ৰীও ভাল । কিয়নো আমি ইয়াত কেৱল গোবৰ সাৰ ব্যৱহাৰ কৰিছো । সেয়ে আমাৰ উৎপাদিত প্ৰায়খিনি পাচলিৰ গ্ৰাহক আমাৰ গাঁৱৰ লগতে চুবুৰীয়া গাঁওকেইখনৰ । এতিয়া জিকা উৎপাদন ক্ৰমান্বয়ে বাঢ়িছে । গতিকে আমি আশা কৰিছো আমাৰ লাভ হ'ব ।"