ETV Bharat / state

ধেমাজিত ওলাইছে ভাৰত সুন্দৰী, বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰী...

বানে গৰকা ধেমাজিত ভাৰত সুন্দৰী, বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰী আদি বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

Dhemaji Jujube cultivation
ধেমাজিত ওলাইছে ভাৰত সুন্দৰী,বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 5:39 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : এতিয়া বগৰীৰ বতৰ । বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ বগৰী । থলুৱা বগৰীৰ উপৰিও আপেল বগৰীকে ধৰি ভিন্ন প্ৰজাতিৰ বগৰীয়ে ৰাজ্যৰ বজাৰ দখল কৰিছে । তাৰ মাজতে ভাৰত সুন্দৰী, বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰীয়ে ভিৰ কৰিছে বানে গৰকা পশ্চিম ধেমাজিৰ কৃষকৰ বাৰীত ৷ ভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি স্বাৱলম্বী হৈছে পশ্চিম ধেমাজিৰ লগুৱা বৰা গাঁৱৰ উদ্যমী যুৱক গিৰিন্দ্ৰ চুতীয়া ৷ সম্প্ৰতি ৪ বিঘা মাটিত চাৰিশ জোপা বগৰী খেতি কৰি বছৰত ৬ লক্ষাধিক টকা উপাৰ্জন কৰে ৷ সম্প্ৰতি ডাল ভৰি ভৰি লাগিছে সুস্বাদু বগৰীয়ে ৷

বগৰী খেতিৰে স্বাৱলম্বী ধেমাজিৰ যুৱক

উল্লেখ্য যে ক'ভিড মহামাৰীৰ বাবে লকডাউনৰ সময়ত অৰ্থনৈতিক বিপ্লৱৰ চিন্তাই আজি সফল কৃষক হিচাপে পৰিগণিত হৈছে গিৰিন্দ্ৰ । এই সন্দৰ্ভত তেওঁ কয়, "মোৰ ৪ বিঘা মাটিত ১১০০ জোপা বগৰী খেতি কৰিছো ৷ মই নিজে বিক্ৰী কৰাৰ লগতে বেপাৰীয়ে আহি ইয়াৰ পৰা লৈ যায় । বগৰী পাইকাৰীত ৭০ টকা দৰত বিক্ৰী কৰাৰ লগতে ১০০ টকা দৰত খুচুৰাত বিক্ৰী কৰো ৷ লকডাউনৰ সময়ত ইউটিউবত চাই এই বগৰী খেতি কৰিবলৈ চিন্তা কৰিছিলো ৷ মোৰ এতিয়া ৪ টা প্ৰজাতিৰ বগৰী আছে । ইয়াৰ ভিতৰত ভাৰত সুন্দৰী, বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰী আৰু গ্ৰীণ আপেল বগৰী আছে ৷ মই খেতিত ৮০ শতাংশই জৈৱিক সাৰ আৰু গোৱৰ ব্যৱহাৰ কৰো ।"

ধেমাজিত ওলাইছে ভাৰত সুন্দৰী,বৰ সুন্দৰী, বাংলাদেশী ৰেড সুন্দৰী (ETV Bharat)

তেওঁ লগতে কয়, "পশ্চিম ধেমাজি অঞ্চলত বানপীড়িত বুলি সকলোৱে কয় । সেয়ে মই ইয়াতে বগৰী খেতিৰ জৰিয়তেও যে স্বাৱলম্বী হ'ব পাৰি সেই বাৰ্তা দিবৰ বাবে এই খেতি কৰিছো ।"

কেৱল বগৰী খেতিয়ে নহয় যুৱকজনে বাৰীত চাহ খেতিকে ধৰি অন্যান্য পাচলি আৰু বহু মূল্যৱান গছো ৰোপণ কৰিছে ৷ বৰ্তমান অসমত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে অসমীয়া যুৱকৰ এই দুৰ্দান্ত কৰ্মপটুতা নিসন্দেহে প্ৰশংসনীয় ৷ সেয়ে নিজৰ মাটি-বাৰী থকা আগ্ৰহী যুৱকসকলেও এই যুৱকজনৰ আদৰ্শ ল'ব পাৰিব ৷

লগতে পঢ়ক :বিশ্ব ৰেকৰ্ডৰ অংশীদাৰ হ'বলৈ সাজু অখ্যাত বাগিচাৰ এগৰাকী যুৱতী - JHUMUR DANCE WORLD RECORD