দূৰ-দূৰণিলৈ কেৱল মাকৈ আৰু মাকৈ... গোমধানজোপায়ো পেৰা ভৰাব পাৰে কৃষকৰ
চালে চকুৰোৱা হৈছে অসম-অৰুণাচলৰ সীমান্তৰ গোমধান (মাকৈ)ৰ খেতি । শ শ হেক্টৰ কৃষিভূমিত মাকৈ খেতি কৰি লাভান্বিত হৈছে কৃষক ।

Published : May 24, 2025 at 4:33 PM IST
ধেমাজি: অসম-অৰুণাচল সীমান্তৰ জোনাই পুৰণা জেলেম অঞ্চলত শ শ হেক্টৰ কৃষিভূমিত কৰা হৈছে মাকৈ খেতি । সীমান্তৱৰ্তী অঞ্চলটোত জোনাইৰ পবা বনাঞ্চল আৰু লালী নদীৰ মাজৰ সমভূমি অঞ্চলত এতিয়া কৃষকৰ পৰিয়ালে ভৱিষ্যতৰ সপোন দেখিছে মাকৈ খেতিৰে । এসময়ত লালী নদীয়ে পলস পেলাই সাৰুৱা কৰি থোৱা ভূমিত বাৰমাহে কৃষকসকলে সেউজীয়া কৰি ৰাখে ৷ গোমধানৰ খেতি চপোৱাৰ পিছতে আলু, সৰিয়হ, তিল আদি খেতিত ব্যস্ত হৈ পৰে ৷
২০২১ বৰ্ষৰ পৰা অঞ্চলটোত পবা এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধীনত কোম্পানীটোৰ সভাপতি ডেনিছ টায়ে আৰু সম্পাদক প্ৰদীপ বড়ি, ৰাজকুমাৰ মেদক, মেঘনাথ পাঁৱ, কৃপানাথ দলে, ৰুণুমাই টায়ে, লক্ষেশ্বৰ পাতিৰ, দেৱৰাজ শৰ্মা, মাধৱ টায়ে আদি শতাধিক কৃষকে প্ৰায় ৩৫০০ বিঘা কৃষিভূমিত কৃষিকাৰ্য কৰি স্বাৱলম্বী হৈছে ।
মাকৈ খেতি সম্পৰ্কত কৃষক প্ৰদীপ বড়িয়ে কয়, “২০২১ চনৰ পৰা ফাৰ্মাৰ্ছ কোম্পানীটো গঠন কৰি কৃষকসকলৰ গোমধান খেতিৰ বাবে কাম কৰা ব্যৱস্থা কৰি আহিছোঁ ৷ বৰ্তমান ১১ হাজাৰ বিঘা মাটিত চাৰিখন গাঁৱে লগ লাগি খেতি কৰি কৃষকসকল স্বাৱলম্বী হৈছে ৷ জোনাই কৃষি মহকুমা বিষয়া আৰু ধেমাজি জিলা কৃষি বিষয়াৰ পৰা যথেষ্ট সহায়-সহযোগ লাভ কৰিছোঁ ৷ জুলাই-আগষ্টত চপাবলৈ হ’ব ৷ ছেপ্টেম্বৰ আৰু অক্টোবৰৰ আমি পেকেজিঙৰ ব্যৱস্থা কৰিম ৷"

আন এগৰাকী কৃষক হেমন্ত টায়ে কয়, “যোৱা বছৰ আমি ৭০-৮০ লাখ টকাৰ মাকৈ বিক্ৰী কৰি আয় কৰিছোঁ, প্ৰতি কিলোত ২৪ টকাকৈ ৷ যোৱাবাৰতকৈ বেছি কৰিছোঁ এইবাৰ ৷ গোমধান চপোৱাৰ পাছতে আলু, মাটিমাহ, তিল কৰিম ৷ লগতে ফুড প্ৰছেচিঙৰ বাবে যাৱতীয় মেচিন আদি যোগাৰ কৰি দিলে মাকৈৰ সমগ্ৰ গা-গছডালৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰিবলৈ সুবিধা হ’ব ৷ আগ্ৰহী কোনো নিবনুৱাই এই খেতি কৰিব বিচাৰিলে আমি শিকাই দিবলৈও সাজু আছোঁ ৷"

উল্লেখ্য যে কৃষকসকলক উৎসাহিত কৰিবৰ বাবে সময়ে সময়ে ধেমাজি জিলা কৃষি বিষয়া তনয়জ্যোতি গগৈসহ অন্যান্য বিষয়া-কৰ্মচাৰীসকলে আহি গোমধান খেতি পৰিদৰ্শন কৰি উৎসাহিত কৰি আহিছে ৷ এইক্ষেত্ৰত জিলা কৃষি বিষয়াগৰাকীয়ে কয়, “পবা এফ পি চিয়ে পাঁচবছৰ ধৰি গোমধানৰ খেতি কৰি আহিছে ৷ প্ৰায় আঢ়ৈ হাজাৰৰ পৰা তিনিহাজাৰ বিঘা গোমধানৰ খেতি আছে ৷ এফ পি চিত 500 সদস্যৰ ভিতৰত সৰহসংখ্যকেই গোমধানৰ খেতি কৰি আহিছে ৷ ভাল উৎপাদন পায় আৰু উৎপাদিত ফচল বাহিৰলৈ পঠায় ৷ মূলতঃ খাৰুপেটীয়া আৰু যোৰহাটৰ বাহুবলী কণী উৎপাদন কেন্দ্ৰলৈ যায় ৷ আমি যিমান পাৰো সহায় কৰিছোঁ । হাইব্ৰীড বীজ আৰু বজাৰৰ কাৰণে চিন্তা কৰিব নালাগে ।"

