ETV Bharat / state

বেপাৰীয়ে দাম নিদিয়ে, ঘৰে-ঘৰে পৰি আছে ৫০-১০০ বস্তাকৈ মাটিমাহ

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাত কৃষকৰ মাজত হতাশা ।

Farmers of Agriculter minister Atul Bora's constituency deprived of Legal value and markets for agri products
কৃষি মন্ত্ৰীৰ সমষ্টিতে হতাশাত ভুগিছে কৃষকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 8:51 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: বোকাখাত সমজিলাৰ নিকৰি ঘাটৰ পৰা মৰিয়াহোলা চ'গুৰি চহলালৈকে প্ৰায় আঢ়ৈশ কৃষকৰ ৪ কোটি ২০ লাখ মূল্যৰ মাটিমাহ উপযুক্ত বজাৰৰ অভাৱত মৰণা মাৰি বস্তাত ভৰাই দ'মাই থ'ব লগা হৈছে ।

অঞ্চলটোত প্ৰায় ৩ হেজাৰ বিঘা মাটিত কৰা হৈছিল মাটিমাহ খেতি । এই খেতিৰ পৰা উৎপাদন হৈছে প্ৰায় ৬ হাজাৰ কুইন্টল মাটিমাহ । বজাৰত ফলা মাটিমাহৰ দাম প্ৰতি কেজিত ১০০ টকা । সেই দিশৰ পৰা গোটা মাটিমাহ প্ৰতিকুইন্টলত ৭ হাজাৰ টকাকৈ পালেহে খা-খৰচ বাদ দি সামান্য ধন কৃষকৰ হাতত থাকিব ।

কৃষি মন্ত্ৰীৰ সমষ্টিতে হতাশাত ভুগিছে কৃষকে (ETV Bharat Assam)

কিন্তু চৰকাৰে মাটিমাহৰ সমৰ্থন মূল্য ধাৰ্য নকৰাত বহু কৃষকে শ্ৰমিক আৰু অন্যান্য খা-খৰচৰ জোৰা মাৰিবলৈ বহু কুইন্টল মাটিমাহ আধামূল্যত বিক্ৰী কৰিলে যদিও এতিয়াও কৃষকৰ ঘৰে ঘৰে পৰি আছে ৫০ৰ পৰা ১০০ বস্তালৈকে মাটিমাহ ।

কৃষক দেবু শৰ্মা আৰু ৰাজীৱ ছেত্ৰীৰ ঘৰত দেখা গ'ল এনেকৈ দ'মাই থোৱা মাটিমাহৰ বস্তা । অঞ্চলটোৰ এগৰাকী সফল কৃষক দেবু শৰ্মাই এই সম্পৰ্কে কয়, "মই যথেষ্ট পৰিমাণে খেতি কৰোঁ । এই বছৰ ৬৫ বিঘা মাটিমাহৰ খেতি কৰিছিলোঁ ৷ প্ৰায় ১০০ কুইন্টল মাটিমাহ উৎপাদন হৈছে, সেই হিচাপে প্ৰতি কুইন্টলত ৭,০০০ টকাকৈ হ'লে আমাৰ ভাল হয় ৷ কিন্তু বেপাৰীয়ে ৬,২০০ বুলি কয় । "

তেওঁ লগতে কয়, "ইয়াৰ উপৰিও নিকৰি ঘাটৰ পৰা চ'গুৰি লৈকে প্ৰায় ৩,০০০ খেতিয়কে ৩,০০০ বিঘাৰ অধিক শস্য উৎপাদন কৰিছে য'ত প্ৰায় ৬ কোটি টকাৰ অকল মাটিমাহ । কিন্তু বজাৰত মুল্য একেবাৰে নিম্ন । এইক্ষেত্ৰত চৰকাৰে উচিত মূল্য নিৰ্ধাৰণ কৰিলে আমি উপকৃত হম । মোৰ গুদামত গ্ৰাহক আৰু উচিত মূল্যৰ অভাৱত মাটিমাহ পৰি আছে । ইয়াৰ উপৰিও মই ৫৫ বিঘা সৰিয়হ,৩৮ বিঘা ৰঙালাও, আলু, মটৰ আদিৰ খেতি কৰিছোঁ ।"

লগতে পঢ়ক: লগতে পঢ়ক:অনিশ্চয়তাত উমৰাংছ’ত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা - UMRANGSO COAL MINE TRAGEDY

কেনে অৱস্থাত আছে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান : স্থায়ী মুৰব্বী অবিহনে চলিছে বহু বিদ্যালয় - ASSAM EDUCATION GOVT SECTOR