আমাৰ পৰিয়াল কেইটা নিঃশেষ হ'বলৈ নিদিব ! অসহায় খেতিয়কৰ আহ্বান কৃষিমন্ত্ৰীক
Allegations of depriving farmers: আঁচনিৰ পৰা বঞ্চিত কৃষকৰ ক্ষোভ । শিৱসাগৰত কৃষকক প্ৰকৃত প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ।

Published : October 30, 2024 at 2:00 PM IST
শিৱসাগৰ: শিৱসাগৰ জিলাত প্ৰায়ভাগ কৃষকক প্ৰকৃত প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়েহে একাংশ সাধাৰণ কৃষকে ক্ষোভ প্ৰকাশ কৰিছে কৃষি বিভাগৰ বিৰুদ্ধে । বিভাগৰ কাৰ্যালয়লৈ তাঁত-বাটি কাঢ়ি বাটৰ বন মৰি গ'লেও সাধাৰণ কৃষকৰ প্ৰাপ্য আদায় নিদিয়ে শিৱসাগৰ জিলা কৃষি বিভাগে । এই অভিযোগ ক্ষোভিত কৃষকৰ ৷
প্ৰখৰ ৰ'দত কৃষিকাৰ্য কৰি ৰাইজৰ চাহিদা পূৰণ কৰা কৃষকৰ পৰিৱৰ্তে মন পছন্দৰ ব্যক্তিক চৰকাৰী আঁচনি উপভোগ কৰাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগেৰে শিৱসাগৰ জিলা কৃষি বিভাগৰ বিৰুদ্ধে একাংশ কৃষকে ক্ষোভ প্ৰকাশ কৰিছে ।
প্ৰয়োজনীয় নথি-পত্ৰ দাখিলৰ পাচতো প্ৰাপ্য আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত কৃষক । শিৱসাগৰ জিলাৰ বগীদল অঞ্চলৰ হালোৱাচুক গাঁৱৰ কৃষিজীৱী ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । উত্থাপিত অভিযোগ মতে, প্ৰকৃত কৃষকক গুৰুত্ব নিদিয়ে শিৱসাগৰ জিলা, আমগুৰি মহকুমা নাইবা জয়সাগৰ চক্ৰ কৃষি বিষয়াৰ কাৰ্যালয়ে ।
- আঁচনিৰ বাবে আবেদন কৰাৰ পাচতো বঞ্চিত কৃষক
বিভাগীয় নীতি নিয়ম অনুসৰি গাঁওখনৰ ৯০% কৃষিজীৱী মানুহে চৰকাৰী আঁচনিৰ বাবে লিখিত আবেদন দাখিল কৰাৰ পাছতো আমগুৰি মহকুমা কৃষি বিষয়াগৰাকীয়ে বঞ্চিত কৰি আহিছে এইসকল কৃষকক । একাংশ কৃষকে অভিযোগ উত্থাপন কৰি কয় যে জেপৰ ধন খৰচ কৰি শিৱসাগৰীয়া ৰাইজৰ শাক পাচলিৰ চাহিদা পূৰণ কৰি অহা কৃষকসকলৰ আঁচনিৰ বাবে অহা ধন লুণ্ঠনত ব্যস্ত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ নহয় প্ৰকৃত কৃষকসকল ।
অভিযোগ মতে, চৰকাৰী আঁচনি মতে লাভ কৰিব লগা বীজ, সাৰ তথা অন্যান্য সামগ্ৰীৰ পৰা বঞ্চিত কৃষকৰ দুখৰ বতৰা ল'বলৈ সময় নাই শিৱসাগৰ জিলা কৃষি বিভাগৰ । উপায়ন্তৰ হৈ সংবাদ মাধ্যম যোগে কৃষি মন্ত্ৰীলৈ কৃষকে জনালে আহ্বান ,"আমাৰ পৰিয়ালবোৰ নিঃশেষ হ'বলৈ নিদিব ।"

