পানীৰ ওপৰতো পাচলিৰ খেতি ! বিশেষ উদ্ভাৱনী কৌশলেৰে বৰপেটাৰ কৃষকে দেখুৱাইছে নিদৰ্শন
বৰপেটাৰ পাতলিকুছি গাঁৱৰ কৃষকে উদ্ভাৱনী কৌশলেৰে পানীৰ ওপৰত কৰিছে সংহত কৃষিকাৰ্য ৷

Published : October 4, 2025 at 3:33 PM IST
বৰপেটা: কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষি অৰ্থনীতিলৈ বৰপেটা জিলাই বিশেষ অৱদান আগবঢ়াই আহিছে । অথচ বৰপেটাৰ কৃষকসকলে অতি প্ৰত্যাহ্বানৰ মাজেৰে কৃষিকাৰ্য কৰি আহিছে । কাৰণ সমগ্ৰ বৰপেটা জিলাখন হ'ল অত্যন্ত বানপ্ৰৱণ ।
জিলাখনৰ যিবোৰ স্থানত অধিক পৰিমাণৰ কৃষিকাৰ্য কৰা হয় তাতেই বানৰ প্ৰকোপো অধিক । এই জটিল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই জিলাখনৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত অতি ভিতৰুৱা পাতলিকুছি গাঁৱৰ বাৰজন কৃষকে উদ্ভাৱনী কৌশলেৰে পানীৰ ওপৰত সংহত কৃষি উৎপাদনত হাত দিছে ।
এইক্ষেত্ৰত তেওঁলোকক সহযোগিতাৰ হাত আগবঢ়াইছে চিটিজেন ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাই । উদ্ভাৱনী কৌশল হিচাপে এই খেতিয়কসকলে পানীৰ ওপৰতে পানীলাও, তিয়ঁহ, ভোল , লেচেৰা আৰু তিতা কেৰেলাৰ খেতি কৰিছে । তাৰবাবে বাঁহৰ চাং সাজি লোৱা হৈছে আৰু সেই চাঙত প্লাষ্টিকৰ বস্তাৰ ভিতৰত মাটি ভৰাই পাচলিৰ পুলি ৰোপণ কৰা হৈছে ।
সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা এই কৃষিকাৰ্য যিহেতু মাটিৰ ওপৰত কৰা হৈছে, সেয়েহে পাচলিৰ গছবোৰত প্ৰয়োজন অনুসৰি পানী যোগান ধৰি থকা হয় । পৰীক্ষামূলকভাবে প্ৰথমবাৰলৈ এইবাৰ পাঁচ বিঘা মাটিত এই কৃষিকাৰ্য কৰা হৈছে আৰু গছবোৰত ফল লাগিবলৈও আৰম্ভ কৰিছে ।

উৎপাদিত পাচলি শীঘ্ৰে বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিব পৰা যাব বুলি বেচৰকাৰী সংস্থাটোৰ বিষয়ববীয়া তথা এই কৃষিকাৰ্যৰ লগত জড়িত যুৱক ফৰহাদ আলীয়ে সদৰী কৰে ।
তেওঁ লগতে কয়, "এই কৃষিকাৰ্য এনেদৰে কৰা হৈছে যাতে প্ৰয়োজনবোধ কৰিলে পাচলিৰ তলত ধান ৰুব পৰা যাব । তদুপৰি অধিক দ ঠাইত মাছ পৰ্যন্ত পুহিব পৰা যাব ।"

ফৰহাদ আলীয়ে লগতে জনায়, "বাঁহৰ চাং সাজি খেতি কৰাত এটা অতিৰিক্ত ব্যয় হয় । অৱশ্যে অসমৰ বেছিভাগ গাৱত বাঁহ সুলভ আৰু মূল্যও কম । তদুপৰি এনে ব্যৱস্থাৰে কৃষিকাৰ্য কৰিলে বানৰ মাজতো পাচলিৰ উৎপাদন অব্যাহত ৰখাত কৃষকৰ আয়ৰ পৰিমাণ বৃদ্ধিহে হয় । কাৰণ পাতলিকুছিৰ দৰে বানপ্ৰৱণ অঞ্চল অসমত বহুত আছে । তেনে অঞ্চলৰ কৃষকসকলৰ বেছিভাগেই বান আৰু দ ঠাইত জমা হোৱা পানীৰ বাবে বছৰৰ প্ৰায় ছমাহ বহি থাকিবলগীয়া হয় । সেইসকল কৃষকৰ বাবেই এই কৌশল অৱলম্বন কৰা হৈছে ।"

