ETV Bharat / state

কেৱল আঘোণতেই নহয়, জেঠতো চপাব পাৰি সোণগুটি: উজনিত আৰম্ভ নতুন কৃষি বিপ্লৱ - BORO RICE CULTIVATION

প্ৰথমবাৰলৈ ডিব্ৰুগড়ত বৰো ধানৰ খেতি । ভবাতকৈ অধিক উৎপাদন দেখি হাঁহি বিৰিঙিছে কৃষকৰ মুখত ।

Boro rice cultivation
সোণগুটি চপাই কৃষকৰ মুখত প্ৰাপ্তিৰ হাঁহি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 5:28 PM IST

6 Min Read

ডিব্ৰুগড়: অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হৈছে কৃষি । কিন্তু বছৰি বানে এইক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাই আহিছে । এইবাৰো ব্যতিক্ৰম নহয় । বহু স্থানত কৰা বৰো ধানৰ খেতি বানে নষ্ট কৰিছে । অৱশ্যে তাৰ মাজতে ডিব্ৰুগড়ত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে । ব্যস্ততা বাঢ়িছে কৃষকৰ ।

কিয়নো এতিয়া জেঠ মাহত আপোন পথাৰখন সেউজীয়া কৰিবলৈ কঠীয়া সিঁচা, মাটি চহোৱা আদি কামত ব্যস্ত প্ৰতিগৰাকী কৃষক । কোনোৱে যদি পুৱা গৰু হালখন লৈ পথাৰলৈ গৈছে, আন একাংশ কৃষকে ট্ৰেক্টৰ নতুবা পাৱাৰ টিলাৰ লৈ পথাৰত মাটি চহোৱাত ব্যস্ত । তেনে সময়ত ডিব্ৰুগড়ৰ কলৌলোৱা পথাৰত প্ৰথমবাৰলৈ জেঠৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনী ।

প্ৰথমবাৰলৈ বৰো খেতি কৰি আনন্দিত দাৱনী (ETV Bharat)

সোণালী হৈ জিলিকিছে জেঠমহীয়া পথাৰ । বিশেষকৈ উজনিত এনে পৰিৱেশ পূৰ্বে দেখা পোৱা নগৈছিল । আঘোণত ধান চপোৱাৰ পাছত চন পৰি ৰয় উজনিৰ বহু খেতিপথাৰ । কিন্তু নামনি অসমৰ কিছু কিছু ঠাই তাৰ ব্যতিক্ৰম । শালিধানৰ খেতি কৰা পাছত বৰো ধানৰ খেতি কৰি আহিছে কৃষকসকলে । তাৰ মাজতে এগৰাকী কৃষকে বৰো ধানৰ খেতিৰে উজনিৰ কৃষকসকলৰ মাজলৈ আনিছে আশা বতৰা । আঘোণৰ পাছত চন পৰি ৰোৱা মাটিত এইবাৰ বৰো ধানৰ খেতি কৰি লাভান্বিত হৈছে কৃষকগৰাকী ।

Boro rice cultivation
ডিব্ৰুগড়ত প্ৰথমবাৰলৈ বৰো ধানৰ খেতি (ETV Bharat)

ডিব্ৰুগড় জিলাৰ কলৌলোৱা দেউৰী গাঁৱত ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । বাৰিষাৰ বোকাময় পথাৰত সোণালী হৈ জিলিকা সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল । বৰো ধানত কাচিৰ খেচ্ খেচ্ শব্দত ৰজনজনাইছে জেঠ মহীয়া পথাৰ ৷ কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি ৷ দাৱনীৰ খিলখিল হাঁহিত, বিহুগীতত হালিজালি নাচি উঠিছে সোণোৱালী ধাননিডৰা ৷ উদ্যমী কৃষক জীৱন গগৈয়ে কলৌলোৱা দেউৰী গাঁৱৰ ৬০ বিঘা মাটিত প্ৰথমবাৰলৈ কৰিছিল বৰো ধানৰ খেতি । ভবাতকৈ বেছি উৎপাদন হোৱাত কৃষক জীৱন গগৈ আনন্দিত হোৱাৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজো উৎসাহিত হৈছে । অহা বছৰ অঞ্চলটোৰ সকলো খেতিয়কে আঘোণত শালিধানৰ খেতি শেষ কৰি বৰো ধানৰ খেতি কৰাৰ বাবে পণ লৈছে । মুঠৰ ওপৰত উজনিৰ কৃষকে আৰম্ভ কৰিছে নতুন চিন্তাৰে কৃষি বিপ্লৱ ।

Boro rice cultivation
বৰো ধান চপোৱাত ব্যস্ত কৃষক (ETV Bharat)

প্ৰথমবাৰলৈ কৰা হৈছে বৰো ধানৰ খেতি :

আঘোণৰ পাছত চন পৰি ৰোৱা পথাৰত প্ৰথমবাৰলৈ ৬০ বিঘা মাটিত বৰো ধানৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা জীৱন গগৈৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলো । কৃষকগৰাকীয়ে কয়, "চৰকাৰে বছৰত দুটাকৈ খেতি কৰিব পৰা আঁচনি গ্ৰহণ কৰিছে । কিন্তু শালিধানৰ খেতি কৰাৰ পাছত এইসমূহ মাটি এনেই পৰি থাকে । নামনিৰ বিভিন্ন ঠাইলৈ গ'লে দেখো চৰ-চাপৰি অঞ্চলত বৰো খেতি কৰিলেও ভাল উৎপাদন হয় । সেয়ে বৰো খেতি কৰি চাবলৈ চেষ্টা কৰিলো । আমাৰ ওচৰতে জলসিঞ্চনৰ এক প্ৰকল্প হ'ল তাৰ বাবে পানীৰ ব্যৱস্থা হৈ উঠিল তাৰ বাবে প্ৰথমবাৰলৈ বৰো খেতি কৰিবলৈ সক্ষম হ'লো ।"

নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰয়াস :

যিহেতু বৰ্তমান সময়ত নতুন প্ৰজন্মৰ কৃষিৰ প্ৰতি আগ্ৰহ কমিছে । ইয়াৰ সমান্তৰালভাৱে উজনিৰ কৃষকসকলেও বছৰটোত এটা খেতি কৰি নিজৰ মাটিডৰা কোনো খেতি নকৰাকৈ পেলাই থয় । তেনে সময়ত কৃষিক লৈ পৰীক্ষামূলক কাম আৰম্ভ কৰা কৃষক জীৱন গগৈয়ে কয়, "আমি খেতিয়ক মানুহ । এই অঞ্চলৰ বেছিসংখ্যক লোক খেতিৰ ওপৰত নিৰ্ভৰশীল । গতিকে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ এই খেতি কৰাৰ চেষ্টা কৰিছোঁ । প্ৰথমবাৰলৈ ৬০ বিঘা মাটিত কৰা হৈছে বৰো ধানৰ খেতি । পূৰ্বে যিহেতু এনে খেতি কৰাৰ অভিজ্ঞতা নাছিল সেইবাবে যেনে নিয়মত এই খেতি কৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই যদিও উৎপাদন বহুত ভাল হৈছে । কৃষি বিভাগে নিজেই পৰীক্ষা কৰি জনাইছে প্ৰথমবাৰলৈ এই খেতি কৰিয়েই বিঘাত ২২ ৰ পৰা ২৪ মোন উৎপাদন হৈছে ।"

Boro rice cultivation
বৰো ধানৰ খেতি কৰি লাভান্বিত খেতিয়ক (ETV Bharat)

বৰো খেতি কৰিও হ'ব পাৰিব স্বাৱলম্বী :

উজনি অসমৰ বেছিসংখ্যক পথাৰেই শালিখেতি কৰাৰ পাছত চন পৰি থাকে । কিন্তু এই চন পৰি ৰোৱা পথাৰত বৰো ধানৰ খেতি কৰিলেও স্বাৱলম্বী হ'ব পৰা পথ ওলাব বুলি জানিবলৈ দিয়ে কৃষক জীৱন গগৈয়ে । তেওঁ কয়, "এই খেতি কৰিলে সম্পূৰ্ণ লাভাম্বিত হ'ব নতুন প্ৰজন্ম । যিহেতু শালিধানৰ খেতি কৰা পাছত পথাৰবোৰ এনেই পৰি থাকে সেই সময়ছোৱাত কম খৰচত এই খেতি কৰিব পাৰিলে নিজৰ খৰচ খুব ভাল ধৰণেৰে ওলাব ।" এইক্ষেত্ৰত কৃষি বিভাগে সহযোগিতা কৰে বুলিও জনাই তেওঁ । এই খেতি কৰিবলৈ কৃষি বিভাগে বীজ যোগান ধৰাৰ লগতে দিহা পৰামৰ্শ প্ৰদান কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

প্ৰথমবাৰলৈ বৰো খেতি কৰি আনন্দিত দাৱনী :

প্ৰথমবাৰলৈ জেঠ মাহত সোণগুটি দেখি অতি আনন্দিত হৈছে অঞ্চলটোৰ ৰাইজ । সোণোৱালী পথাৰত একেলগে ধান কটাত ব্যস্ত হৈ পৰিছে একাংশ মহিলা ৷ এগৰাকী দাৱনীয়ে কয়, "প্ৰথমবাৰলৈ এইদৰে জেঠ মাহত ধান কাটিবলৈ আহিছো । মনোমোহা হৈ পৰা ধাননিডৰা দাই খুব ভাল লাগিছে ।" আন এগৰাকী দাৱনীয়ে কয়, "পথাৰখনত অলপ বোকা পানী হৈছে যদিও ধান বহুত ভাল হোৱাত অতি আগ্ৰহেৰে ধান কাটিবলৈ আহিছো । কঠীয়া ৰোৱাৰ পৰা, মাজৰ সময়ত পৰিষ্কাৰ কৰা আৰু ধান দোৱা সকলো কৰিছো, ভাল লাগিছে । এডাল এডাল কঠীয়া ৰোৱা হৈছিল । তেতিয়া ভাবিছিলো কি ধান হ'ব বুলি কিন্তু এতিয়া বহুত ভাল হৈছে । আগতে এই খেতি কোনেও নকৰে কিন্তু প্ৰথমবাৰৰ বাবে কৰি ভাল হোৱাত অহাবাৰ সকলোৱে কৰিম বুলি কৈছে ।"

লগতে পঢ়ক :ৰাজ্যত উন্নত হৈছে বান পৰিস্থিতি, বানত নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.