ডিব্ৰুগড়: অসমীয়াৰ আয়ুস ৰেখা তথা চহা অসমীয়াৰ স্বাভিমান ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী । চিৰা-পিঠা, জা-জলপানৰ পৰা বিহু আখৰাৰলৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বিহুৰ সকলো প্ৰস্তুতি । ব'হাগৰ মূল আৰু গুৰুত্বপূৰ্ণ এটা বিহু হ'ল গৰু বিহু । চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় । অসমীয়া কৃষিজীৱী সমাজত গৰু বিহু অতি আধ্যাত্মিক পৰিৱেশেৰে পালন কৰা হয় । সময় পৰিৱৰ্তনৰ লগে লগে গৰু বিহু সীমিত সংখ্যকে পালন কৰে যদিও চহা গ্ৰাম্য জীৱনত গৰু বিহুৰ গুৰুত্ব অপৰিসীম ।
গৰু বিহুত গৰুক গা-ধুৱাই নতুন পঘা দিয়াৰ নিয়ম অতীজৰ পৰাই চলি আহিছে । তাৰ বাবে মৰাপাট আৰু তৰাৰ পঘা নিৰ্মাণত ব্যস্ত গাঁৱৰ কৃষকসকল । গৰুৰ বাবে মৰাপাট বা তৰা পঘা নিৰ্মাণ কৰা পৰম্পৰা ক্ৰমাৎ হেৰাই গৈছে অসমীয়া সমাজ জীৱনৰ পৰা । ইয়াৰ মাজতো বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী ডিব্ৰুগড়ৰ এখন গাঁৱৰ ৰাইজ ।
গৰু বিহুৰ বাবে তৈয়াৰ কৰিছে শ শ তৰালী পঘা:
গৰু বিহুৰ দিনা পুৱাতে গো-ধনক মাহ-হালধিৰে নোৱাই-ধুৱাই সন্ধিয়া নতুন তৰা বা তৰালী পঘাৰে বন্ধাৰ নিয়ম অসমীয়া গ্ৰাম্য সমাজত অতীজৰে পৰা চলি আহিছে । কিন্তু এই তৰা বা তৰালী পঘা নিৰ্মাণত জড়িত লোকৰ সংখ্যা তেনেই সীমিত । ইয়াৰ মাজতে নিজৰ অতীজৰ পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে ডিব্ৰুগড় জিলাৰ খোৱাং দলনিকুৰ গাঁৱৰ প্ৰায় ৭০ টাৰো অধিক পৰিয়ালে । ইয়াৰ বাবে ফাগুন মাহৰ পূৰ্ণিমাৰ পৰাই তৰাগছ সংগ্ৰহ কৰি আনি পঘাৰ বাবে প্ৰস্তুত কৰে গাঁওখনৰ লোকসকলে ।

পঘা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ নাম আছে গাঁওখনৰ । এনেদৰে প্ৰস্তুত কৰা পঘা মৰাণৰ লগতে চেপন, শিমলুগুৰী, নিতাইপুখুৰী, বৰবৰুৱা, ডিব্ৰুগড়, নাহৰণি আদি বজাৰলৈ ৰপ্তানি কৰি আহিছে পঘা নিৰ্মাণত জড়িত গাঁওবাসীয়ে । এইবাৰো বিহুৰ উৰুকালৈ মাজত কিছুদিন বাকী থকা অৱস্থাত শ শ তৰালী পঘা সাজু কৰিছে পঘা নিৰ্মাণৰত লোকসকলে । ইতিমধ্যে কেইবাশও তৰালী পঘা পাইকাৰী দৰতো বিক্ৰী কৰিছে বুলি জানিবলৈ দিছে গাঁৱৰ লোকসকলে ।
পৰম্পৰা ৰক্ষা কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে কৃষক:
পৰম্পৰা ৰক্ষা কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে কৃষকসকল । কৃষকসকলে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে নিজে খেতি কৰা মৰাপাট আৰু হাবিৰ পৰা বিচাৰি অনা তৰা গছেৰে তৈয়াৰ কৰে এই পঘাসমূহ । কিন্তু বৰ্তমান সময়ত মৰাপাটৰ খেতিয়ক কমি অহাত মৰাপাটৰ পঘা নিৰ্মাণ কৰাটো কমি আহিল । সেয়ে তৰা পঘা নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে কৃষক ৰাইজে ।

ফাগুন, চ'ত মাহৰ পৰা তৈয়াৰ কৰি সম্পূৰ্ণ হোৱা পঘাসমূহ বজাৰত ২৫ টকাৰ পৰা ৩০ টকা দৰত পাইকাৰী আৰু খুচুৰা দৰত বিক্ৰী কৰে । তেওঁলোকে বিহুৰ বাবে যাৱতীয় খৰচ এই পঘাৰ পৰাই উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে । ইফালে গৰুৰ সংখ্যা কমিছে বুলি বিভিন্ন সময়ত চৰ্চা চলিলেও এই পঘাৰ আদৰ বা বিক্ৰীৰ পৰিমাণ এতিয়াও কমা নাই বুলি কৃষকসকলে জনাবলৈ দিছে ।
বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী ডিব্ৰুগড়ৰৰ দলনিকুৰ গাঁৱৰ ৰাইজ:
বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা কৃষকসকলেও বছৰেকৰ মূৰত গৰু বিহুৰ দিনাখন গোহালিৰ গৰুক নতুন পঘা দিয়াৰ পৰম্পৰা জীয়াই ৰাখিছে । সেয়ে পঘা নিৰ্মাণ কৰা পৰম্পৰা জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী আজিও ডিব্ৰুগড়ৰৰ দলনিকুৰ গাঁৱৰ ৰাইজৰ ।

কৃষকসকলে কয়, "দলনিকুৰ গাঁৱৰ প্ৰায়খিনি ৰাইজে ব'হাগ বিহু উপলক্ষে তৰা আৰু মৰাপাটৰ পঘা নিৰ্মাণ কৰি আহিছোঁ । গাঁওখনৰ ৭০ ঘৰ মানুহেই এই পঘা বনোৱা পৰম্পৰা জীয়াই ৰাখিছোঁ । পঘাসমূহ স্থানীয় বজাৰসমূহলৈ লৈ যোৱা হয় । কিন্তু বহু বেপাৰীয়ে পাইকাৰী দৰত ঘৰৰ পৰাই পঘা সমূহ লৈ যায় । অতীজৰ পৰম্পৰা কিমান দিনলৈ বৰ্তী থাকে নাজানোঁ, কিন্তু আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ । কিন্তু বৰ্তমান সময়ত বাঘৰ উপদ্ৰৱ হৈছে সেয়ে হাবিৰ পৰা তৰা বিচাৰি আনিবলৈ যাবলৈ সমস্যা হয় যদিও সমূহীয়াকৈ সকলো গৈ তৰা সংগ্ৰহ কৰি এই পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ৰাইজে ।"