ETV Bharat / state

ৰাজপথত আন্দোলনৰ সমান্তৰালকৈ সেউজ বিপ্লৱৰে স্বাৱলম্বিতাৰ নিদৰ্শন কৃষক নেতাৰ

কৃষি বিপ্লৱেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা এগৰাকী কৃষক নেতা । উচ্চ শিক্ষাৰে শিক্ষিত কৃষকনেতাগৰাকীৰ বিষয়ে জানিবলৈ পঢ়ক জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এই বিশেষ প্ৰতিবেদন-

SELF RELIANCE THROUGH AGRICULTURE IN NAGAON
কৃষি বিপ্লৱেৰে স্বাৱলম্বিতাৰ নিদৰ্শন কৃষক নেতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 9:59 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীক বিভিন্ন বিষয়ক লৈ ভিন্ন সময়ত ৰাজপথত আন্দোলন কৰাৰ বিষয়ে সকলোৱে দেখিছে অথবা শুনিছে । কিন্তু ৰাজপথত ডিঙিৰ শিৰ ফুলাই ধৰ্ণা প্ৰতিবাদ কৰাৰ সমান্তৰালকৈ পথাৰত কৃষি বিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনক উপাৰ্জনৰ বাটো দেখুওৱাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী উচ্চ শিক্ষিত নেতাই বিগত ২৪ বছৰে কৃষি কাৰ্যৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত বৰঙনি আগবঢ়াই আহিছে । পথাৰত কৃষি বিপ্লৱৰ সূচনা কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকী হৈছে নগাঁৱৰ জিতেন বৰা ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি জিতেন বৰাই হাড়ভঙা পৰিশ্ৰমেৰে কৰা খেতিত উৎপাদিত শাক-পাচলি বজাৰত নিজেই বিক্ৰী কৰি এক আদৰ্শ দাঙি ধৰিছে । সম্প্ৰতি শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰা কৃষক নেতাগৰাকীয়ে মূৰৰ ঘাম মাটিত পেলাই ৩৫ বিঘা কৃষিভূমিত বিভিন্ন খেতি কৰি হৈছে লাভৱান ।

কৃষি বিপ্লৱেৰে স্বাৱলম্বিতাৰ নিদৰ্শন কৃষক নেতাৰ (ETV Bharat Assam)

কি কি খেতি কৰে ?

কৃষক নেতা জিতেন বৰাই ই টি ভি ভাৰতক এই সন্দৰ্ভত কয়," মোৰ নিজাকৈ আছে মাত্ৰ ১৫ বিঘাহে কৃষিভূমি । কেইবা বিঘা মাটি আনৰ পৰা লীজত লৈ কৰিছো বিভিন্ন কৃষিকৰ্ম ৷ প্ৰায় ২০ বিঘা মাটিত শালি ধানৰ খেতি কৰি তাৰ পৰা বহু মোন ধান উৎপন্ন কৰিছো প্ৰতি বছৰে । " আনহাতে, আন ১৫ বিঘা ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ খেতি কৰি বজাৰত বিক্ৰী কৰি আহিছে । বছৰত শালি খেতি কৰাৰ উপৰি জাতিলাও,ভেণ্ডি,জিকা,তৰৈ,কেপচিকাম,ভোট জলকীয়া ,ব্ৰ'কলি, তৰমুজ, লেচেৰা মাহ, বেঙেনা, বিলাহী, আলু, তিয়ঁহ আদিৰ খেতি কৰি আহিছে কৃষক নেতা জিতেন বৰাই । এই শাক-পাচলিৰ খেতিত কোনো ৰাসায়নিক সাৰ,কীটনাশক ঔষধ ব্যৱহাৰ কৰা নাই ষ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে শাক-পাচলি উৎপাদন কৰি আহিছে কৃষক নেতাগৰাকীয়ে ।

তেওঁ ফুলগুৰি,বেবেজীয়া আৰু ঘাঁহীৰ বাইপাচ বজাৰত মাটিত বহি ঘৰত উৎপাদিত পাচলিসমূহ বিক্ৰী কৰি আহিছে । তদুপৰি নিজৰ উৎপাদিত শাক-পাচলি খেতিপথাৰৰ পৰাও বহুলোকে ক্ৰয় কৰি নি বজাৰত বিক্ৰী কৰা বুলি কয় জিতেন বৰাই ।

জিতেন বৰাৰ শিক্ষাগত অৰ্হতা :

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লোৱাৰ পাছত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ নগাঁও কলেজ কেন্দ্ৰৰ পৰা মাষ্টাৰ অৱ ছ'চিয়েল ৱৰ্ক (MSW)ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাৰ বিপৰীতে কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এক সংগ্ৰাম অব্যাহত ৰাখিছে।

কি কয় জিতেন বৰাই ?

উচ্চ শিক্ষা গ্ৰহণ কৰিও পথাৰ পুৱাৰ পৰা গধূলিলৈকে কাম কৰি গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ কৰা কৃষিকৰ্ম সন্দৰ্ভত মন্তব্য কৰাৰ লগতে চৰকাৰৰ ভূমিকাক সমালোচনা কৰি কয়," চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ দুৰৱস্থাৰ বাবেই পুত্ৰক উচ্চতৰ মাধ্যমিকত ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত পঢ়াবলগীয়া হৈছে । পুত্ৰৰ সম্পূৰ্ণ খৰচ কৃষিকৰ্মৰ মাধ্যমেৰেই উলিওৱা হয় ।" জিতেন বৰাই কৃষি কৰ্মৰে বৰ্তমান সমাজৰ বাবে এক আদৰ্শ হৈ পৰিছে যদিও বৰ্তমানলৈকে তেওঁ চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা লাভ নকৰাৰ কথাও উল্লেখ কৰি চৰকাৰী বিয়াগোম বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়," কৃষি বিভাগটোৱে কৃষক ৰাইজক মুঠেই সহায় কৰিব পৰা নাই । বিভাগটোৱে যি সমূহ আঁচনি গ্ৰহণ কৰিছে সেইবোৰে কৃষকক কোঙাহে কৰিছে ।" কৃষি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কথাও উল্লেখ কৰি কৃষকৰ কল্যাণত বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত থকা জিতেন বৰাই কপালৰ ঘাম মাটিত পেলাই খেতি কৰা পথাৰখনেই এতিয়া তেওঁৰ আশাৰ একমাত্ৰ সম্বল হৈ পৰিছে । পথাৰৰ সেউজীয়াখিনিৰ মাজতেই তেওঁ যেন বিচাৰি পায় চৰম তৃপ্তি । হাড়ভঙা পৰিশ্ৰমৰ মাজতো জিতেন বৰাই সংগঠনৰ দায়িত্বও নিষ্ঠা সহকাৰে পালন কৰিছে। 'পথাৰো আমাৰ বজাৰো আমাৰ' শ্ল'গানক বাস্তৱ ৰূপ দিয়াত ব্ৰতী হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰা হওক আন বহুতৰ বাবে আদৰ্শস্বৰূপ ।

লগতে পঢ়ক:কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ বাট বুলিছে এগৰাকী উদ্যমী মহিলাই - SELF RELIANCE THROUGH FARMING

যিফালেই চকু যায় সেই ফালেই কেৱল শইচে নদন-বদন হৈছে চিয়াঙৰ পাৰ - SELF RELIANT FARMERS