ETV Bharat / state

নিশা ৯ বজাৰ পিছত জুবিনৰ কাহিলিপাৰাৰ ঘৰত যাতে কোনো অনুৰাগী নাথাকে: আহ্বান আৰক্ষীৰ

ৰাজপথত জুবিন অনুৰাগীৰ নামত উদ্ভণ্ডালি কৰা দুৰ্বৃত্ত দেখিলে আৰক্ষীক ফোন কৰিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ।

Zubeen Garg passed away
বিদায়... (Zubeen Garg's FB page)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 7:58 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মঞ্চত আৰু কোনোদিনে গান নাগায় জুবিনে । কাহানিও আৰু বিতৰ্কৰ মাজ সোমায় নপৰে জুবিন গাৰ্গ । কাৰণ জুবিন আৰু নাই । শোকত আজি ম্ৰিয়মান হৈ আছে প্ৰতিজন অসমীয়া ।

শুকুৰবাৰে জুবিন নোহোৱা হোৱাৰ খবৰটো পোৱাৰ পাছতে সকলোৱে কেৱল কান্দিছে । কাকো কোনেও সান্ত্বনা দিবলৈ ভাষা বিচাৰি পোৱা নাই । ডিউটি কৰিবলৈ ওলাই আহি পদপথত কান্দিছে আৰক্ষীৰ লোকেও । কথা ক'বলৈ বা হাতত কলমটো তুলি ল'বলৈও পৰা নাই সংবাদকৰ্মীয়ে ।

জুবিন অনুৰাগীৰ নামত উদ্ভণ্ডালি নচলিব (ETV Bharat Assam)

জুবিন গাৰ্গৰ বাতৰিটো অহাৰ পাছৰে কি তেওঁৰ ষ্টুডিঅ', কি ঘৰ সকলোতে কেৱল লোকাৰণ্য । শুকুৰবাৰৰ দিনৰ পৰা ৰাতিলৈকে আৰু বৰ্তমান সময় পৰ্যন্ত জুবিন গাৰ্গৰ বাসগৃহত মানুহৰ লানি নিচিগা সোঁত বৈছে । ফলত আৰু অধিক শোকত ভাগি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা তেওঁৰ পৰিয়ালবৰ্গ । জানিব পৰা মতে, স্বাস্থ্য়ৰো অৱনতি ঘটিছে গৰিমা শইকীয়া গাৰ্গৰ ।

যিমানে সময় বাগৰিছে সিমানেই জুবিন গাৰ্গৰ বাসগৃহত মানুহৰ সোঁত বাঢ়িছে । সেয়ে আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত নিশা ৯ বজাৰ পিছত জুবিন গাৰ্গৰ কাহিলিপাৰা বাসগৃহত কোনো অনুৰাগী যাতে নাথাকে তাৰ বাবে সকলোকে আহ্বান জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ।

জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ মহন্তই কয়, ''কাইলৈ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰটো সৰুসজাইলৈ নিয়াৰ পিছত কেইবজাত ৰাইজৰ বাবে গেট খুলিব সেইটো আৰক্ষীয়ে জনাই দিব । জুবিনৰ আদর্শ মানি জুবিনৰ অনুৰাগীসকলে যাতে শান্তি-শৃংখলা বজাই ৰাখে ।''

আমি সকলোৱে জানো যে, জুবিনে সদায় আনৰ অধিকাৰৰ বাবে মাত দিছিল । কিন্তু এতিয়া একাংশ লোক ওলাইছে, জুবিনৰ বিপক্ষে কথা কৈছে বা অসভ্যালি কৰিছে । এই দুৰ্বৃত্তসকলকো সকীয়নি দিয়ে আৰক্ষীয়ে ।

ৰাজপথত জুবিন অনুৰাগীৰ নামত উদ্ভণ্ডালি কৰা দুৰ্বৃত্ত দেখিলে হেল্পলাইন নম্বৰ ১১২ ত ফোন কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক : দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ: মুখ্যমন্ত্ৰী

লগতে পঢ়ক : মই মৰিলে এইটো গানেই বাজিব কিন্তু... ! এই কথাখিনিয়ে মূক কৰি পেলাইছে মুখ্যমন্ত্ৰীক