কাজিৰঙা : ইচ্ছাশক্তি প্ৰবল হ'লে সকলো বিষয়েই যে সম্ভৱ এই কথাষাৰ আজি পুনৰ এবাৰ প্ৰমাণিত হ'ল । মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ এগৰাকী অনুৰাগীৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা হ'ল । সৰুৰে পৰা 'গড অৱ ক্ৰিকেট' খ্যাত শচীনক লগ পাবলৈ হাবাথুৰি খাই থকা ভাস্কৰ হাজৰিকা নামৰ অনুৰাগীজনৰ হঠাতে আশা পূৰণ হ'ল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেণ্ডুলকাৰক লগ পাই সপোন পূৰণ হ'ল ভাস্কৰৰ । পৰিকল্পনা নকৰাকৈয়ে কাজিৰঙাত লগ পালে মাষ্টাৰ ব্লাষ্টাৰ শচীনক ৷
ভাস্কৰ হাজৰিকাৰ সপোন পূৰণ
উল্লেখ্য যে যোৰহাট নিবাসী ভাস্কৰ হাজৰিকা কৰ্মসূত্ৰে থাকে কানাডাত । শেহতীয়াকৈ তেওঁ ঘৰলৈ আহিছিল আৰু পূৰ্বে কৰা পৰিকল্পনা অনুসৰি পৰিয়ালৰ সৈতে কাজিৰঙা ভ্ৰমণলৈ আহিছে । ইফালে যোৱা ৭ এপ্ৰিলৰ পৰা কাজিৰঙাত বাহৰ পাতি আছে শচীন তেণ্ডুলকাৰসহ পৰিয়াল । সেই সময়তে ভাস্কৰে মাষ্টাৰ ব্লাষ্টাৰক লগ পালে । 'গড অৱ ক্ৰিকেট' খ্যাত তেণ্ডুলকাৰক ওচৰতে পাই আনন্দিত ভাস্কৰ হাজৰিকা । তেণ্ডুলকাৰৰ অটোগ্ৰাফো ল'লে ভাস্কৰে ।
শৈশৱৰ পৰাই শচীন তেণ্ডুলকাৰৰ অনুৰাগী আছিল ভাস্কৰ । ২০১৩ চনত ভাৰতীয় দলৰ হৈ তেণ্ডুলকাৰৰ অন্তিমখন মেচৰো সাক্ষী আছিল ভাস্কৰ । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ অন্তিমখন মেচ তেওঁ উপভোগ কৰিছিল । কেৱল এয়াই নহয় সেই খেলখনৰ অন্তত ভাস্কৰে নিজৰ বাহুত টাটু অংকন কৰাইছিল । য'ত লিখা আছে 'God of Cricket'।

অনুৰাগী হিচাপে তেণ্ডুলকাৰক এবাৰ লগ পোৱাৰ ইচ্ছা আছিল ভাস্কৰৰ । অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেওঁৰ সেই ইচ্ছা পূৰণ হ'ল । এই অভিজ্ঞতাৰ কথা উল্লেখ কৰি ভাস্কৰে ই টিভি ভাৰতক কয়,"মই তেণ্ডুলকাৰৰ অন্তিম মেচখন ৱাংখেড়েত চাবলৈ গৈছিলো । সেই মেচখনৰ পিছতে তেওঁ অৱসৰ লৈছিল । তাৰ পাছতে মই এই টাটুটো বনালো । মই বহু বছৰ ধৰি তেওঁ অনুৰাগী আছিলো ।"
উল্লেখ্য যে যোৱা ৭ এপ্ৰিলত কাজিৰঙাত সপৰিয়ালে উপস্থিত হয় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ৷ য'ত তেওঁ জীপ ছাফাৰীৰে কাজিৰঙা ভ্ৰমণ কৰে । ইফালে শচীনৰ অনুৰাগী ভাস্কৰে লগতে কয়, "কাজিৰঙাখন এনেয়ো ধুনীয়া ৷ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে কাজিৰঙাত আহি আৰু এটা ডাঙৰ প্ৰাপ্তি হ'ল ৷ মনতে বহুদিনৰ পৰা সাঁচি ৰখা সপোন বাস্তৱায়িত হ'ল ।"
লগতে পঢ়ক :তেণ্ডুলকাৰৰ হাতেৰে কল-কুঁহিয়াৰ খালে কাজিৰঙাৰ হাতীয়ে - TENDULKAR KAZIRANGA VISITS