ETV Bharat / state

নভবাকৈয়ে ইচ্ছা পূৰণ হ'ল এগৰাকী অনুৰাগীৰ

কাজিৰঙালৈ আহি দীৰ্ঘদিনীয়া এটা আশা পূৰণ হ'ল কানাডাৰ প্ৰবাসী অসমীয়া ভাস্কৰ হাজৰিকাৰ ।

Fan Bhaskar Hazarika is delighted to meet Sachin Tendulkar in Kaziranga
নভবাকৈয়ে ইচ্ছা পূৰণ হ'ল এগৰাকী অনুৰাগীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 4:19 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা : ইচ্ছাশক্তি প্ৰবল হ'লে সকলো বিষয়েই যে সম্ভৱ এই কথাষাৰ আজি পুনৰ এবাৰ প্ৰমাণিত হ'ল । মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ এগৰাকী অনুৰাগীৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা হ'ল । সৰুৰে পৰা 'গড অৱ ক্ৰিকেট' খ্যাত শচীনক লগ পাবলৈ হাবাথুৰি খাই থকা ভাস্কৰ হাজৰিকা নামৰ অনুৰাগীজনৰ হঠাতে আশা পূৰণ হ'ল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেণ্ডুলকাৰক লগ পাই সপোন পূৰণ হ'ল ভাস্কৰৰ । পৰিকল্পনা নকৰাকৈয়ে কাজিৰঙাত লগ পালে মাষ্টাৰ ব্লাষ্টাৰ শচীনক ৷

ভাস্কৰ হাজৰিকাৰ সপোন পূৰণ

নভবাকৈয়ে ইচ্ছা পূৰণ হ'ল এগৰাকী অনুৰাগীৰ (ETV Bharat)

উল্লেখ্য যে যোৰহাট নিবাসী ভাস্কৰ হাজৰিকা কৰ্মসূত্ৰে থাকে কানাডাত । শেহতীয়াকৈ তেওঁ ঘৰলৈ আহিছিল আৰু পূৰ্বে কৰা পৰিকল্পনা অনুসৰি পৰিয়ালৰ সৈতে কাজিৰঙা ভ্ৰমণলৈ আহিছে । ইফালে যোৱা ৭ এপ্ৰিলৰ পৰা কাজিৰঙাত বাহৰ পাতি আছে শচীন তেণ্ডুলকাৰসহ পৰিয়াল । সেই সময়তে ভাস্কৰে মাষ্টাৰ ব্লাষ্টাৰক লগ পালে । 'গড অৱ ক্ৰিকেট' খ্যাত তেণ্ডুলকাৰক ওচৰতে পাই আনন্দিত ভাস্কৰ হাজৰিকা । তেণ্ডুলকাৰৰ অটোগ্ৰাফো ল'লে ভাস্কৰে ।

শৈশৱৰ পৰাই শচীন তেণ্ডুলকাৰৰ অনুৰাগী আছিল ভাস্কৰ । ২০১৩ চনত ভাৰতীয় দলৰ হৈ তেণ্ডুলকাৰৰ অন্তিমখন মেচৰো সাক্ষী আছিল ভাস্কৰ । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ অন্তিমখন মেচ তেওঁ উপভোগ কৰিছিল । কেৱল এয়াই নহয় সেই খেলখনৰ অন্তত ভাস্কৰে নিজৰ বাহুত টাটু অংকন কৰাইছিল । য'ত লিখা আছে 'God of Cricket'।

Fan Bhaskar Hazarika is delighted to meet Sachin Tendulkar in Kaziranga
ইচ্ছা পূৰণ হ'ল শচীনৰ অনুৰাগী ভাস্কৰ হাজৰিকা (ETV Bharat)

অনুৰাগী হিচাপে তেণ্ডুলকাৰক এবাৰ লগ পোৱাৰ ইচ্ছা আছিল ভাস্কৰৰ । অৱশেষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেওঁৰ সেই ইচ্ছা পূৰণ হ'ল । এই অভিজ্ঞতাৰ কথা উল্লেখ কৰি ভাস্কৰে ই টিভি ভাৰতক কয়,"মই তেণ্ডুলকাৰৰ অন্তিম মেচখন ৱাংখেড়েত চাবলৈ গৈছিলো । সেই মেচখনৰ পিছতে তেওঁ অৱসৰ লৈছিল । তাৰ পাছতে মই এই টাটুটো বনালো । মই বহু বছৰ ধৰি তেওঁ অনুৰাগী আছিলো ।"

উল্লেখ্য যে যোৱা ৭ এপ্ৰিলত কাজিৰঙাত সপৰিয়ালে উপস্থিত হয় মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ৷ য'ত তেওঁ জীপ ছাফাৰীৰে কাজিৰঙা ভ্ৰমণ কৰে । ইফালে শচীনৰ অনুৰাগী ভাস্কৰে লগতে কয়, "কাজিৰঙাখন এনেয়ো ধুনীয়া ৷ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে কাজিৰঙাত আহি আৰু এটা ডাঙৰ প্ৰাপ্তি হ'ল ৷ মনতে বহুদিনৰ পৰা সাঁচি ৰখা সপোন বাস্তৱায়িত হ'ল ।"

লগতে পঢ়ক :তেণ্ডুলকাৰৰ হাতেৰে কল-কুঁহিয়াৰ খালে কাজিৰঙাৰ হাতীয়ে - TENDULKAR KAZIRANGA VISITS