তিনিচুকীয়া: বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলৰ এটা ক্ৰেছাৰ মিলৰ পৰা সন্দেহজনক আলফা স্বাধীনৰ ৮ জনীয়া অস্ত্ৰধাৰী দলে প্ৰকাশ চেত্ৰী নামৰ এজন শ্ৰমিকক অপহৰণ কৰি লৈ গৈছিল । কিন্তু সেই ঘটনাই ৩ মাহ অতিক্ৰম কৰিলে । আজি পৰ্যন্ত কোনো সন্ধান নাই প্ৰকাশ চেত্ৰীৰ । স্থানীয় ব্যৱসায়ী কৃষ্ণ চেত্ৰী ওৰফে ভাই চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰা ১৮ ডিচেম্বৰ পুৱা প্ৰায় ১০ মান বজাত হিন্দী চিনেমাৰ কায়দাৰে ডম্পাৰত আহি বিলাসী বাহনেৰে অপহৰণ কৰি লৈ গৈছিল প্ৰকাশ চেত্ৰীক ।
প্ৰকাশ চেত্ৰীৰ মুক্তিৰ দাবীত প্ৰতিবাদ
কিন্তু ইমান দিনে যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভুগিছে তেওঁৰ পৰিয়ালবৰ্গ । ইফালে এই ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে । একেদৰে অপহৃত চেত্ৰীৰ পৰিয়ালক প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ উঠিছে । এই সকলো অভিযোগ লৈ সোমবাৰে জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তথা স্থানীয় একাংশ লোকে অপহৃত যুৱকৰ পৰিয়ালৰ সৈতে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদকে কয়, "বেলেগৰ তত্বাৱধানত কাম কৰি নিজৰ পৰিয়াল পোহপাল দিয়া এগৰাকী কৰ্মচাৰী অপহৰণ কৰা আজি তিনি মাহ হৈ গ'ল ৷ আমি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ জনাইছোঁ যেন প্ৰকাশ চেত্ৰীক অতি সোনকালে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে । এয়া প্ৰতিগৰাকী মাতৃ, বন্ধুৰ অনুৰোধ । ইয়াৰ লগতে আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা নকৰাটো আশ্চৰ্যজনক । আমাৰ দৰে সাধাৰণ মানুহক যদি আৰক্ষীয়ে সুৰক্ষা নিদিয়ে কাক সুৰক্ষা দিব ?"
অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীৰ আহ্বান
একেদৰে প্ৰতিবাদত অংশ লৈ অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীয়ে জিলা প্ৰশাসনক দোষাৰোপ কৰি কয় ,"স্বামীৰ অপহৰণৰ তিনিমাহ দিন অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । মই প্ৰশাসন আৰু ভাই চেত্ৰীৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই । পৰেশ বৰুৱা ডাঙৰীয়া, হাতযোৰ কৰি কাতৰ অনুৰোধ জনাইছো মোৰ স্বামীক এৰি দিয়ক । মই উপায়হীন হৈ পৰিছো ।"
ইফালে পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটাৰ মহকুমা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক অপহৃতৰ মুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত প্ৰতিবাদ সাময়িকভাৱে উঠাই লয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।