ETV Bharat / state

জীয়াই থকাৰ 'প্ৰেৰণা': দিব্যাংগৰ বাবে নিজৰ দুমহলীয়া ঘৰটো দান কৰিলে এটা পৰিয়ালে

চকুলো মোহাৰি মোহাৰি জীৱন জিনাৰ চেষ্টা চলাইছে দিব্যাংগসকলে । খোজকঢ়াৰ শক্তি নাথাকিলেও গেলামালৰ দোকান দি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা অভিনেত্ৰী বিউটি গগৈৰ ।

Jibon Jona shelter home
দিব্যাংগৰ বাবে নিজৰ দুমহলীয়া বাসগৃহ দান এটা পৰিয়ালৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 5:00 PM IST

7 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: জীৱন যুঁজত সদায় যুঁজাৰু হৈ সপোন পূৰণ কৰিবলৈ চেষ্টা চলাই আহিছে দিব্যাংগসকলে । তেওঁলোকৰো আছে জীৱন জিনাৰ হাবিয়াস; আছে কৰ্মোদ্যমী, সৃষ্টিশীল এটা মন । কিন্তু তেওঁলোক অসহায় । সাধাৰণ লোকতকৈ তেওঁলোক শাৰীৰিকভাৱে কিছু পৃথক হোৱা বাবে ক'ৰবাত যেন থমকি ৰয় জীৱনৰ গতি ।

জীয়াই থকাৰ সপোন পুহি ৰাখি প্ৰতিটো দিনেই কঠোৰ সংগ্ৰাম কৰা দিব্যাংগ হয়তো অসমত বহুত আছে । পৰিয়াল, সমাজৰ পৰা সদায় অৱহেলিত হৈ আহিছে এই দিব্যাংগসকল ।‌ বহু দিব্যাংগৰ বিভিন্ন প্ৰতিভা আছে, কিন্তু প্ৰকাশ কৰিবলৈ পোৱা নাই সুবিধা । কেৱল পৰিয়াল আৰু সমাজৰ পৰা অৱহেলিত আৰু উপেক্ষিত হৈয়ে ৰ'বলগা হৈছে দিব্যাংগসকল ।

দিব্যাংগৰ বাবে নিজৰ দুমহলীয়া বাসগৃহ দান এটা পৰিয়ালৰ (ETV Bharat Assam)

চৰকাৰে দিব্যাংগসকলৰ বাবে ঘোষণা কৰিছে এখনৰ পাছত আন এখন আঁচনি । কিন্তু আজিও চৰকাৰী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই বহু দিব্যাংগক । প্ৰতিযোগিতা আৰু ব্যস্ততাৰ পৃথিৱীখনত তেওঁলোকৰ কথা চিন্তা কৰাৰ সময়ো নাই কাৰোৱেই । দিব্যাংগসকলৰ কষ্টৰ দৈনন্দিন জীৱন দেখি আপুনি, মই সকলো আৱেগিক হৈ পৰোঁ । তথাপিও আমি তেওঁলোকৰ বাবে কিবা এটা কৰিব নোৱাৰোঁ ।

তেনে সময়তে কিছু সংস্থা আৰু ব্যক্তি ওলাই আহিছে দিব্যাংগসকলৰ কষ্টকৰ জীৱন কিছু লাঘৱ কৰাৰ বাবে ।

Jibon Jona shelter home
দুমহলীয়া ঘৰটো (ETV Bharat Assam)

দিব্যাংগসকলৰ বাবেই নিজৰ দুমহলীয়া বাসগৃহ দান কৰিলে এটা পৰিয়ালে

পৰিয়াল, সমাজৰ পৰা সদায় অৱহেলিত হৈ অহা বহু দিব্যাংগ প্ৰায় আশ্ৰয়হীন হৈ পৰে । তেনে সময়তে ডিব্ৰুগড় জিলাৰ খোৱাং আঠাবাৰীত দিব্যাংগসকলৰ বাবেই নিজৰ দুমহলীয়া বাসগৃহ দান কৰিলে এটা পৰিয়ালে ।

খোৱাং আঠাবাৰীৰ শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ বাসগৃহটো দিব্যাংগসকলৰ আশ্ৰয় গৃহ হিচাপে দান কৰা হয় । আচলতে শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ দুই গৰাকী পুত্ৰ-কন্যা বিশেষভাৱে সক্ষম । ইতিমধ্যে পিতৃ-মাতৃ দুয়ো স্বৰ্গগামী হোৱাত অকলশৰীয়া হৈ পৰাত তেওঁলোকৰ বিশেষভাৱে সক্ষম দুই সন্তানক চোৱা-চিতা কৰিবলৈ কোনো নোহোৱা হয় । পৰিয়াল আৰু ওচৰ-চুবুৰীয়াসকলে দুয়োজনকে আশ্ৰমত ৰাখিবলৈ চিন্তা কৰিছিল । কিন্তু পিতৃ-মাতৃ নাথাকিলেও আপোন ঘৰখন এৰি যাব নিবিচাৰে তেওঁলোকে । সেয়ে পৰিয়ালে শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ দিব্যাংগ পুত্ৰ-কন্যা দুগৰাকীৰ সহায় হোৱাৰ লগতে আন দিব্যাংগসকলেও নিৰাপদে যাতে আশ্ৰয় ল'ব পাৰে তাৰ বাবেই দুমহলীয়া বাসগৃহটো দান কৰে পৰিয়ালটোৱে ।

Jibon Jona shelter home
প্ৰয়াত শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়া (ETV Bharat Assam)

'প্ৰেৰণা প্ৰতিবন্ধী’ নামৰ এন জি অ'ৰ সহযোগত এই বাসগৃহটো হৈ উঠিছে অসমৰ প্ৰথমটো 'জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠান' ।

আৰম্ভ হ'ল অসমৰ প্ৰথমটো 'জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠান'

পৰিয়ালৰ পৰা অৱহেলিত হোৱা দিব্যাংগসকলৰ কষ্টকৰ জীৱন কিছু লাঘৱ হোৱাৰ দিশে আগবাঢ়িছে । দিব্যাংগসকলক নতুন জীৱন দিয়াৰ বাবেই আগবাঢ়ি আহিছে এটা ব্যক্তিগত সংস্থা । খোৱাং আঠাবাৰীৰ শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ বাসগৃহটোত দিব্যাংগসকলক লৈ স্থাপন হ'ল জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠান ।

এই অনুষ্ঠানৰ জৰিয়তে ১৮ বছৰৰ ওপৰৰ এইসকল দিব্যাংগক নিজা প্ৰতিভা বিকাশ আৰু জীৱন জিনাৰ এটা স্থান দিছে ‘প্ৰেৰণা প্ৰতিবন্ধী’ নামৰ এন জি অ'টোৱে । অসমত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই প্ৰতিষ্ঠানত দিব্যাংগসকলে হাঁহি-ধেমালিৰে সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰাৰ লগতে আত্মনিৰ্ভৰশীল হোৱাৰ পথ বিচাৰি পাব ।‌

Jibon Jona shelter home
শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ বিশেষভাৱে সক্ষম দুই পুত্ৰ-কন্যা (ETV Bharat Assam)

প্ৰতিষ্ঠানটোত দিব্যাংগসকলে থকা-খোৱাৰ সুবিধা লাভ কৰাৰ লগতে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে খোলা হৈছে 'দিব্যাংগ দোকান' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান । দিব্যাংগ এগৰাকী যুৱতীয়ে পৰিচালনা কৰিছে দোকানখন । ইতিমধ্যে 'ৰাইজিং ছান' কথাছবিৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী বিউটি গগৈকে ধৰি আন চাৰিজন দিব্যাংগই এই বাসগৃহটোত লাভ কৰিছে আশ্ৰয় ।

জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠানত বিনামূলীয়াকৈ থাকিব পাৰিব দিব্যাংগসকলে

খোৱাং আঠাবাৰীৰ শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ বাসগৃহটোত দিব্যাংগসকলৰ বাবে অসমৰ প্ৰথমটো জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰাক লৈ পৰিয়ালৰ সদস্য এগৰাকীয়ে কয়, "শৈলেন শইকীয়া আৰু জোনাৰাণী শইকীয়াৰ মৃত্যু হোৱাৰ পাছতে তেওঁলোকৰ দুটি দিব্যাংগ সন্তানক চোৱা-চিতা কৰাত সমস্যা হৈছিল । তেওঁলোকক আশ্ৰমত ৰখাৰ বাবে বিভিন্নজনৰ লগত যোগাযোগ কৰা হৈছিল । কিন্তু তেওঁলোকে ঘৰ এৰি যাব নিবিচাৰে । সেয়ে পৰিয়ালৰ সকলোৱে আলোচনা কৰি স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত এই বাসগৃহটো দিব্যাংগসকলৰ বাবে দান কৰা হৈছে ।"

তেওঁ লগতে কয়, "ইয়াৰ পাছতে প্ৰেৰণা প্ৰতিবন্ধী নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে জীৱন জোনা দিব্যাংগ পুনৰ সংস্থাপন আৰু উৎপাদন প্ৰতিষ্ঠান নামেৰে দিব্যাংগসকলৰ এই অনুষ্ঠানটো পৰিচালনা কৰিছে । ধেমাজি, কলাখোৱাৰ পৰা মুঠ চাৰিজন দিব্যাংগ এই অনুষ্ঠানত আছে । ৰাইজৰ সহযোগত স্বেচ্ছাসেৱী সংগঠনটোৱে খাদ্য যোগান ধৰাৰ পৰা চিকিৎসাকে ধৰি সকলো কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা দিব্যাংগসকলেও ইয়াত আশ্ৰয় ল'ব পাৰিব । স্বেচ্ছাসেৱী সংগঠনটোৰ সৈতে যোগাযোগ কৰিলে বিনামূলীয়াকৈ সকলো দিব্যাংগ ইয়াত থাকিব পাৰিব ।"

খোজকঢ়াৰ শক্তি নাথাকিলেও গেলামালৰ দোকান দি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা অভিনেত্ৰী বিউটি গগৈৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী বিউটি গগৈকে ধৰি আন চাৰিজন দিব্যাংগই এই বাসগৃহটোত লাভ কৰিছে আশ্ৰয় । ধেমাজিৰ চিলাপথাৰৰ পৰা আহি এই দিব্যাংগ আশ্ৰয় গৃহত আছে অভিনেত্ৰী বিউটি গগৈ । সৰুতেই দুয়োখন ভৰি অকামিলা হৈ পৰাৰ পাছত পৰিয়ালৰ পৰা অৱহেলিত হৈছিল বিউটি গগৈ ।

Jibon Jona shelter home
তদানীন্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত বিউটি গগৈ (ETV Bharat Assam)

জীৱন জয় কৰাৰ মনত উদ্যম থকা অভিনেত্ৰী বিউটি গগৈয়ে খোৱাং দিব্যাংগ আশ্ৰয় গৃহত থাকি আৰম্ভ কৰিছে দিব্যাংগ দোকান নামেৰে এখন দোকান । আঁঠুকাঢ়ি, বগাই বগাই মনৰ উদ্যমেৰে সদায় হাঁহি থাকিব বিচৰা বিউটি গগৈয়ে কয়, "সকলো মানুহে দুখন ভৰিৰে ঘূৰি ফুৰে, মোৰো ঘূৰিবলৈ মন যায় । কিন্তু মোৰ ভৰি দুখন অকামিলা হোৱাত মই নোৱাৰোঁ । কিন্তু কিবা এটা সুবিধা পালে কিবা এটা কৰাৰ বাবে সুযোগ বিচাৰি আছিলোঁ ।"

মনত দুৰন্ত হেঁপাহ থকা বিউটি গগৈয়ে কয়, "কিবা এটা কৰি আনক নিদৰ্শন দেখুৱাবলৈ মন আছিল । তেতিয়াই খোৱাঙত এনেকৈ আশ্ৰয় গৃহ হোৱাৰ খবৰ পাই ইয়ালৈ গুচি আহিলোঁ । ইয়াত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আশ্ৰয় গৃহটোৱে যাতে কিছু সকাহ লাভ কৰে তাৰ বাবে গেলামলৰ দোকান আৰম্ভ কৰিছোঁ ।"

Jibon Jona shelter home
দোকানত ব্যস্ত বিউটি গগৈ (ETV Bharat Assam)

নিজৰ অভিনয় জীৱনৰ কথা উল্লেখ কৰি উদ্যমী যুৱতীগৰাকীয়ে কয়,‌" ৰাইজিং ছান ছবিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ । ২০১৯ চনত মুক্তিলাভ কৰা ছবিখনত অভিনয় কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছিলোঁ । দিল্লীত পুৰস্কাৰ দিছিল যদিও সেই সময়ৰ মন্ত্ৰী প্ৰমিলাৰাণী বহ্মই গুৱাহাটীত আনুষ্ঠানিকভাৱে মোক এই পুৰস্কাৰ দিছিল । কিন্তু ইয়াৰ পাছৰ পৰা মোৰ খবৰ কোনেও লোৱা নাই । এতিয়া ইয়াত থাকিবলৈ পাই ভাল লাগিছে । ইয়াত সকলোৰে লগতে সমানে থাকিব পাৰিছোঁ ।"

লগতে পঢ়ক :নষ্টালজিয়া ! আজিৰ সময়ত শুনিবলৈ-দেখিবলৈ নোপোৱা তাহানিৰ ৰেডিঅ’টোলৈ বাৰু আপোনাৰ মনত পৰেনে ? - RADIO MUSEUM
লগতে পঢ়ক :বন্দুক চলোৱা দুহাতৰ আঙুলিৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰী - GOHPUR RETIRED ARMY GREAT WORKS