ETV Bharat / state

কয়লাখনিৰ পৰা অপহৃlক সোঁশৰীৰে মুকলি কৰি দিয়াৰ আহ্বান পৰিয়ালৰ

Kidnap in Arunachal: দেওবাৰে অৰুণাচলৰ কয়লাখনিৰ পৰা অপহৃত লোকসকলক সোঁশৰীৰে মোকলাই দিয়াৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ আলফা(স্বা) আৰু NSCN এ লোককেইজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত দায়িত্ব স্বীকাৰ কৰা নাই ৷

Arunachal Kidnap
কয়লাখনিৰ পৰা অপহৃতৰ পৰিয়ালৰ লোকৰ ভাষ্য
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 9:44 PM IST

2 Min Read
Choose ETV Bharat
কয়লাখনিৰ পৰা অপহৃতৰ পৰিয়ালৰ লোকৰ ভাষ্য

তিনিচুকীয়া, ১৮ ফেব্ৰুৱাৰী: দেওবাৰে পুৱতিনিশা অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ তিনি শ্ৰমিকক সন্দেহজনক আলফা স্বাধীন আৰু NSCN এ অপহৰণ কৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পিচতে লোককেইজনক সুস্থ শৰীৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে দেওবাৰে চাংলাং জিলাৰ ফিনভিৰু অঞ্চলৰ মংগচা বস্তিত সংঘটিত হয় অপহৰণৰ ঘটনাটো ৷ অপহৃত তিনি মহৰীৰ নাম ক্ৰমে চন্দন নাৰ্জাৰী, লেখক বৰা আৰু জ্ঞান থাপা ৷ ইয়াৰে লেখক বৰা আৰু জ্ঞান থাপাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত ৷ চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপাৰ নামৰ দুই কয়লা ব্যৱসায়ীৰ কৰ্মচাৰী আছিল তিনিওগৰাকী লোক ৷

লেখাপানীৰ শ্ৰমিক জ্ঞান থাপাৰ পিতৃয়ে উক্ত অপহৰণকাণ্ডত দুখ প্ৰকাশ কৰি আটাইকে সুস্থ শৰীৰে উভতাই পঠাবলৈ আহ্বান জনাইছে সন্দেহজনক অপহৰণকাৰী বিদ্ৰোহী সংগঠনক ৷ অপহৃত লোকজনৰ পিতৃয়ে কয় যে পৰিয়ালটো দৰিদ্ৰ হোৱাৰ বাবে নিজৰ পেটৰ আৰু পৰিয়ালৰ বাবে কৰ্ম কৰিবলৈ গৈছিল ৷ এনেকৈ যদি অপহৰণ কৰি ৰাখে তেন্তে পৰিয়ালটো বিপদত পৰিব লাগিব ৷ গতিকে সোনকালে যাতে লোককেইজক মোকলাই দিয়ে তাৰেই আহ্বান জনাইছে জ্ঞান থাপাৰ পিতৃয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে অপহৃত লোককেইজনৰ সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰে সৈতে যৌথ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই তিনি অপহৃত শ্ৰমিকৰ ৷

উক্ত অপহৰণকাণ্ডটো আলফা স্বাধীন আৰু NSCN ৰ যৌথ প্ৰচেষ্টাত চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এইপৰ্যন্ত কোনো এটা সংগঠনে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ সন্দেহ কৰা হৈছে যে লোক তিনিগৰাকীক অপহৰণ কৰি চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপা নামৰ কয়লা ব্যৱসায়ী দুগৰাকীৰ পৰা ধন দাবী কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: অৰুণাচলৰ চাংলাঙত কয়লাখনিৰ তিনি কৰ্মচাৰীক অপহৰণ