উচিত তদন্ত নোহোৱালৈকে মৃতদেহ চমজি নলয় মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে - Hmar militants killed
Hmar militants killed: পোহৰলৈ আহিছে আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটনাৰ ন ন তথ্য । সংবাদমেলযোগে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত তিনি মাৰ যুবকৰ পৰিয়ালে ।

Published : July 26, 2024 at 6:41 PM IST
শিলচৰ,২৬ জুলাই: "বৰ্তমান আদালত আৰু জেলৰ কোনো প্ৰয়োজন নাই । সকলো অপৰাধীক আৰক্ষীক চমজাই দিয়ক আৰু আৰক্ষীয়ে তেওঁলোকক গুলীয়াই হত্যা কৰিব ।"- আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত তিনি মাৰ যুৱকৰ পৰিয়ালৰ । শুকুৰবাৰে কাছাৰৰ লক্ষীপুৰৰ মাৰকুলিনত এক সংবাদমেল সম্বোধন কৰি মৃত তিনি মাৰ যুৱকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ জিম্মাত কিদৰে যুৱক তিনিজনৰ মৃত্যু হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ।
লগতে কয়, "যুৱক তিনিজন যদি উগ্ৰপন্থীৰ সদস্য আছিল তেন্তে তেওঁলোকক হত্যা কৰাৰ অধিকাৰ আৰক্ষীক কোনে দিলে ?" ভূৱা এনকাউণ্টাৰ কৰি এই সমগ্ৰ ঘটনাক আৰক্ষীয়ে আন ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে । উচিত তদন্ত নোহোৱালৈকে তেওঁলোকে যুৱক তিনিজনৰ মৃতদেহ চমজি নলয় বুলি জনাই সংবাদমেলত ।
উল্লেখ্য যে, ক্ৰমাৎ জটিল হৈ পৰিছে কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটনা । প্ৰতিদিনেই এই ঘটনাই লৈছে ন ন মোৰ । কাছাৰ আৰক্ষীৰ বিৰুদ্ধে কাছাৰৰ লক্ষীপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পাচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মৃতকৰ পৰিয়াল ।
ইতিমধ্যে উচ্চ ন্যায়ালয়ে আৰক্ষী সঞ্চালক প্ৰধান, কাছাৰৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্তসহ সৰ্বমুঠ ৭ জনক আদালতৰ পৰৱৰ্তী নিৰ্দেশ নহালৈকে মৃতদেহ তিনিটা শিলচৰ মেডিকেল কলেজৰ মৰ্গত ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে । ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘটনাৰ উচিত তদন্ত কৰি উচিত ন্যায় প্ৰদান কৰিব বুলি আশাবাদী মৃত তিনি মাৰ যুৱকৰ পৰিয়ালৰ লোক ।

