ETV Bharat / state

মধুস্মিতাৰ মৃত্যুক লৈ কি ভাবে পৰিয়ালে ?

মধুস্মিতাৰ মৃত্যুত শোকস্তব্ধ টীয়ক ৰজাবাৰী কঁহাৰ গাঁওবাসী । মুখ্যমন্ত্ৰী-আৰক্ষী সঞ্চালক প্ৰধানলৈ আহ্বান মধুস্মিতাৰ পৰিয়ালৰ ৷

MADHUSMITA BARUAH DEATH
মধুস্মিতাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 9:26 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক: ডিব্ৰুগড়ৰ খোৱাং কোটোহাৰ চেঁচা নদীত যোৰহাট টীয়কৰ মধুস্মিতা বৰুৱা (২৪) নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । টীয়কৰ ৰজাবাৰী কঁহাৰ গাঁৱৰ যুৱতী মধুস্মিতা বৰুৱা নিৰুদ্দেশ বুলি পৰিয়ালৰ লোকে কৰা এক ফেচবুক পোষ্টৰ পাছতে আজি ডিব্ৰুগড়ৰ চেঁচা নদীত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ । বিগত ছয় দিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী ৷

লগতে পঢ়ক: আত্মহত্যা নে হত্যাৰ বলি হ'ল মধুস্মিতা বৰুৱা

মধুস্মিতা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ পাছতেই শোকত ম্ৰিয়মান হৈ পৰে টীয়ক ৰজাবাৰী কঁহাৰ গাঁওবাসী । অত্যন্ত অমায়িক স্বভাৱৰ মধুস্মিতা গাঁওখনৰ সকলো লোকৰে প্ৰিয় আছিল ৷ গাঁওবাসীৰ যিকোনো বিপদৰ সময়ত আগভাগ লৈছিল মধুস্মিতাই । তেওঁৰ জন্মৰ পাছতেই মাতৃৰ মৃত্যু হোৱাত বৰমাকহঁতৰ আপডালত ডাঙৰ হৈছিল । স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পৰিয়ালৰ ভৰণ-পোষণৰ বাবে টিউচন কৰিছিল মধুস্মিতাই ।

দুমাহ পূৰ্বে ডিব্ৰুগড়ৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ চাকৰিত যোগদান কৰিছিল মধুস্মিতাই ৷ ডিব্ৰুগড়ত বায়েকৰ ঘৰত থাকিছিল মধুস্মিতা ।

মধুস্মিতাৰ আত্মীয়ই জানিবলৈ দিয়া মতে, দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল মধুস্মিতা ৷ আৰক্ষীকো এই বিষয়ে অৱগত কৰা হৈছিল আৰু আৰক্ষীয়ে এই বিষয়ে তদন্ত কৰি আছিল ৷ এই ঘটনাত গাঁওখনৰে পংকজ গগৈ নামৰ এজন যুৱক জড়িত থকা বুলি আৰক্ষী আৰু পৰিয়ালৰ লোকে সন্দেহ কৰিছিল ৷ ইয়াৰ মাজতে আজি তেওঁলোকে মধুস্মিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা জানিব পাৰে ৷

লগতে পঢ়ক: মণিপুৰৰ হিংসাত মহিলাৰ মৃত্যু; মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ মৃতদেহ

মধুস্মিতাৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ ব্যক্ত কৰিছে আৰু দোষীক উচিত শাস্তি বিহাৰ বাবে আৰক্ষী-প্ৰশাসনক আহ্বান জনাইছে ৷

ইফালে তদন্তৰ নামত আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে মধুস্মিতাৰ ভগ্নীয়ে । চিচি টিভিৰ ফুটেজ নষ্ট কৰাৰ অভিযোগ কৰিছে তেওঁ । এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি ইয়াৰ লগত জড়িত দোষী যাতে কোনো কাৰণতে সাৰি নাযায় সেয়া নিশ্চিত কৰাৰ বাবে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত পোষ্ট দি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাই মধুস্মিতাৰ ভগ্নীয়ে ।

লগতে পঢ়ক: ছিপাঝাৰত পুতি থোৱা মৃতদেহ পুনৰ উলিয়াই আনিলে প্ৰশাসনে !