ETV Bharat / state

বৰপেটাৰ দৌল মহোৎসৱৰ ফাকুৱা বা সুঁৱেৰী উৎসৱ কি ?

৪ দিনীয়াকৈ আয়োজিত বৰপেটাৰ দৌল মহোৎসৱৰ অন্তিম দিনটো ফাকুৱা বা সুঁৱেৰী উৎসৱ হিচাপে পালন কৰা হয় ।

Barpeta Doul Mahotsav
বৰপেটাৰ দৌল মহোৎসৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: প্ৰাচীন ভাৰতৰ বসন্ত ঋতুতে উদযাপন হোৱা উৎসৱসমূহৰ ভিতৰত উল্লেখযোগ্য আনন্দোৎসৱ হ'ল মদনোৎসৱ ৷ বসন্ত ঋতুতে এই উৎসৱ অনুষ্ঠিত হয় বাবে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয় ৷ বসন্ত উৎসৱেই ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন্ন সময়ত হোলী উৎসৱ, ফল্গু উৎসৱ বা ফাকুৱা আৰু মদনোৎসৱ আদি নামেৰে পৰিচিত হৈ আহিছে ৷ ষষ্ঠদশ শতিকাৰ মাজভাগত ফল্গু উৎসৱৰ মধ্যমণি হৈ পৰে ভগৱান শ্ৰীকৃষ্ণ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷

বৰপেটাৰ দৌল মহোৎসৱৰ ফাকুৱা বা সুঁৱেৰী উৎসৱ

বৰপেটাৰ দৌল মহোৎসৱ (ETV Bharat)

নক্ষত্ৰৰ ক্ষণ গণনা অনুসৰি বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ কৰা হয় ৷ এইবাৰ বৰপেটা সত্ৰত ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ চাৰিদিনীয়াকৈ পালন কৰা হৈছে দৌল মহোৎসৱ ৷ দেওবাৰে বৰপেটা সত্ৰত আয়োজিত দৌল মহোৎসৱৰ অন্তিম দিন অৰ্থাৎ ফাকুৱা বা সুঁৱেৰী উৎসৱ ৷ সুঁৱেৰী উৎসৱ উপলক্ষে ৰঙীন হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷

Barpeta Doul Mahotsav
বৰপেটাৰ দৌল মহোৎসৱ (ETV Bharat)

আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ-বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷ বৰপেটাৰ প্ৰাণৰ উছৱ, মনৰ উছৱ, ৰঙৰ উছৱ দেউলৰ আনন্দ-উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কণ্ঠৰ পৰা নিগৰিত হৈছে হোলীগীতৰ অমিয়া সুৰ ৷

Barpeta Doul Mahotsav
বৰপেটাৰ দৌল মহোৎসৱ (ETV Bharat)

আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুণ্ঠপুৰীত পৰিণত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷ ইফালে আবেলি দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন-বায়ন, বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হাজাৰ হাজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷ দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোঁসাইকো দোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷

Barpeta Doul Mahotsav
বৰপেটাৰ দৌল মহোৎসৱ (ETV Bharat)

ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোঁসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ ওভতাই আনি বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা কাৰ্য ৷ ইয়াৰ পিছতে গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে ৭ পাক প্ৰদক্ষিণ কৰাই মণিকূটগৃহত প্ৰৱেশ কৰে ৷ গোঁসাই মণিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰিব সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷

লগতে পঢ়ক :বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা আচলতে কি ? - BARPETA POPULAR FOOD ITEMS