ETV Bharat / state

মৃত্যুৰ পিছতো মানৱ সেৱাৰ নিদৰ্শন দি গ’ল হৰকান্তই ! পূৰণ হ’ল শেষ ইচ্ছা - POSTHUMOUS BODY DONATION

মানুহৰ কল্যাণৰ বাবে নিজৰ শৰীৰ দান কৰি গ'ল সৰভোগৰ হৰকান্ত দাসে । ২০২৩ চনৰ ২ ছেপ্টেম্বৰত 'শেষ ইচ্ছাপত্ৰ’ত কৰিছিল স্বাক্ষৰ ।

Fakhruddin Ali Ahmed Medical College
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 27, 2024 at 4:39 PM IST

Updated : December 27, 2024 at 4:54 PM IST

2 Min Read

বৰপেটা: মানৱ সেৱা তথা মৰণোত্তৰ দেহদানেৰে সৰভোগৰ হৰকান্ত দাসে ৰাখি থৈ গ'ল নিজৰ অস্তিত্ব । সৰভোগ চহৰৰ উত্তৰ গণকগাড়ীৰ হৰকান্ত দাস নামৰ লোকজনৰ মৃত্যুৰ পিছত শুক্ৰবাৰে তেওঁৰ মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয় ।

শুক্ৰবাৰে পুৱতি নিশা ৪ বজাত ৯১ বছৰ বয়সত হৰকান্ত দাস নামৰ লোকজনৰ মৃত্যু হয় । জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকজনে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত 'শেষ ইচ্ছাপত্ৰ’ যোগে চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা অগ্ৰগতিৰ স্বাৰ্থত মৰণোত্তৰ দেহদান প্ৰক্ৰিয়াত স্বাক্ষৰ কৰি গৈছিল ।

ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় (ETV Bharat Assam)

সেইমতে আজি পৰিয়ালৰ লোকে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ,অধীক্ষক ডাঃ পাৰ্থপ্ৰতিম বৰা আৰু এনাটমী বিভাগৰ মুৰব্বী অধ্যাপককে ধৰি বিভাগটোৰ চিকিৎসকসকলৰ উপস্থিতিত হৰকান্ত দাসৰ মৃতদেহটো হাস্পতাল কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে ।

যুক্তিবাদী আৰু মানুহৰ কল্যাণৰ বাবে নিজৰ শৰীৰ দান কৰি যোৱা হৰকান্ত দাস দীৰ্ঘদিন ধৰি সৰভোগৰ সামাজিক অনুষ্ঠানৰ লগতে সৰভোগৰ গৰখীয়া থানৰ পৰিচালনা সমিতি আৰু উত্তৰ গণকগাৰী কালী মন্দিৰ পৰিচালনা সমিতিৰ সৈতে জড়িত হৈ আছিল । মৰণোত্তৰ দেহদান পৰ্বত লোকজনৰ পুত্ৰৰ লগতে পৰিয়ালৰ লোক আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সৰভোগ শাখাৰ সম্পাদক প্ৰবীন ৰয়ৰ উপৰি কেবাগৰাকীও সদস্য উপস্থিত থাকে । ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে হৰকান্ত দাসৰ এই অৱদানৰ প্ৰশংসা কৰে আৰু সকলোকে এনে কাৰ্যৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ঢৌ ফালি জীৱন ডিঙা সামৰি জি এম চি এইচলৈ শেষ যাত্ৰা কুলদা কুমাৰ ভট্টাচাৰ্যৰ - POSTHUMOUS BODY DONATION

Last Updated : December 27, 2024 at 4:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.