দেহত খাকী, গাড়ীত ৰঙা লাইট লগাই ভুৱা এচিপি পৰিল সঁচা আৰক্ষীৰ জালত - Fake police arrested
Fake police arrested in guwahati: স্বাধীনতা দিৱসৰ দিনাই মহানগৰীত ভুৱা আৰক্ষীৰ তহল ৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কৰায়ত্ত কৰে ভুৱা আৰক্ষী বিষয়াজনক ৷ ভুৱা আৰক্ষী বিষয়াজন ৰিংকু কলিতা (24) ৷

Published : August 18, 2024 at 12:18 PM IST
গুৱাহাটী, 18 আগষ্ট: স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে আলফা (স্বা) এ ৰাজ্যৰ 25 টাকৈ স্থানত বোমা সংস্থাপিত কৰা ঘটনাৰ চৰ্চা মাৰ নৌযাওঁতেই ৰাজ্যত এইবাৰ পোহৰলৈ আহিছে ভুৱা আৰক্ষীৰ ধন দাবীৰ ঘটনা ৷ জানিব পৰা মতে, স্বাধীনতা দিৱসৰ দিনা মহানগৰীত নিছিদ্ৰ পহৰা চলি থকাৰ সময়তে এই ভুৱা আৰক্ষীজনে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তহল দিছিল আৰক্ষীৰ পোচাক পিন্ধি । এই ভুৱা আৰক্ষী বিষয়াজন ৰিংকু কলিতা (24) বুলি জানিব পৰা গৈছে ।
Crime Branch of City Police arrested one imposter Rinku Kalita (24) of Ganeshpara after he was caught impersonating as ACP Jalukbari at Fatashil Ambari. It is suspected that he is involved in other criminal activities. Legal action initiated. pic.twitter.com/A96sefOIgi
— Guwahati Police (@GuwahatiPol) August 17, 2024
ৰঙা-নীলা লাইট লগোৱা বলেৰ' বাহনত আৰক্ষীৰ পোছাক পিন্ধি তহল দি ফুৰা ভুৱা আৰক্ষী বিষয়াজনক শনিবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ফটাশিল আমবাৰীত গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে, উপ-আৰক্ষী আয়ুক্তৰ বেশত তথা মহানগৰ আৰক্ষীৰ ACP হিচাপে নিজকে পৰিচয় দি বলেৰ' বাহনত ঘূৰি মহানগৰীৰ বিভিন্ন স্থানৰ বিভিন্ন লোকৰ পৰা বিভিন্ন গোচৰৰ নামত টকা দাবী কৰিছিল ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতাই ৷
স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্টৰ দিনা আৰক্ষীৰ পোচাকত উলুবাৰীত দেখা গৈছিল ৰিংকুক । শেহতীয়াকৈ এজন লোকক গোচৰৰ নামত ধন দাবী কৰিছিল ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতাই ৷ ভুক্তভোগী লোকজনে ইয়াৰ পাচতে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে । সেইমৰ্মে অপৰাধ শাখাই এই সন্দর্ভত তদন্ত আৰম্ভ কৰে আৰু মহানগৰীৰ ফটাশিল আমবাৰীৰ ভাৰাঘৰৰ পৰাই অপৰাধ শাখাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতাক ।
উল্লেখ কৰা প্ৰয়োজন যে, স্বাধীনতা দিৱসৰ দিনাই এই ভুৱা আৰক্ষী বিষয়াজনে বলেৰ' বাহনত ত্ৰিৰংগা আঁৰি উলুবাৰী, খানাপাৰাকে ধৰি গুৱাহাটীৰ বিভিন্ন স্থানত তহল দিছিল বুলি জানিবলৈ পৰা গৈছে । অপৰাধ শাখাই ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

