ETV Bharat / state

'মুন্না ভাই' নহয় এইবাৰ আনিছুৰ ৰহমান !

কোকৰাঝাৰত গ্ৰেপ্তাৰ হ'ল এন আৰ এইছ এমৰ মোবাইল ইউনিটত চিকিৎসা সেৱা আগবঢ়োৱা ভুৱা এম বি বি এছ ।

Fake MBBS arrests
ভুৱা এম বি বি এছ আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 8, 2025 at 7:16 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : হোমিঅ'পেথিক চিকিৎসকৰ ডিগ্ৰীৰে নিজকে এম বি বি এছ চিকিৎসক বুলি জাহিৰ কৰা এজন ভুৱা চিকিৎসকক কোকৰাঝাৰ আৰক্ষীয়ে চহৰখনৰ তিতাগুৰি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে । ধৃত চিকিৎসকজন বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ ভাটিয়াপাৰা গাঁৱৰ আনিছুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলেনুৰে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ মোবাইল ইউনিটৰ চাকৰিৰ বাবে যোৱা ১ ছেপ্টেম্বৰত আনিছুৰ ৰহমানে এম বি বি এছৰ এখন ভুৱা প্ৰমাণ পত্ৰৰে আবেদন কৰিছিল ।

চিকিৎসা কৰি থকাৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা এম বি বি এছক (ETV Bharat)

৫ ছেপ্টেম্বৰত কামত যোগদান কৰিছিল আনিছুৰে । কিন্তু ৬ ছেপ্টেম্বৰৰ দিনা এই ভুৱা এম বি বি এছগৰাকীৰ বিৰুদ্ধে এক অভিযোগ লাভ কৰে কোকৰাঝাৰ আৰক্ষীয়ে ৷ তেতিয়াৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে আনিছুৰ ৰহমানৰ ওপৰত চোকা দৃষ্টি ৰাখি তদন্ত আৰম্ভ কৰিছিল ৷

এম বি বি এছ বুলি পৰিচয় দিয়া ভুৱা চিকিৎসকজনে বালাজান-তিনিআলিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিটৰ জৰিয়তে দেওবাৰে এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল । শিবিৰটোতে কৰ্তব্যৰত আছিল আনিছুৰ ৰহমান । সেই সময়তে আৰক্ষীয়ে আটক কৰি আনিছুৰক সোধা-পোছাৰ বাবে কোকৰাঝাৰ থানালৈ লৈ আহে ।

তদন্তৰ অন্তত আনিছুৰে হোমিঅ'পেথিক চিকিৎসক বুলি স্বীকাৰ কৰে । আনিছুৰে হোমিঅ'পেথিৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখনকে কৌশলপূৰ্ণভাৱে ভুৱা এম বি বি এছ প্ৰমাণ পত্ৰ বনাই এজন এম বি বি এছ চিকিৎসক হিচাপে নিজকে জাহিৰ কৰি কামত যোগদান কৰিছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

Fake MBBS arrests
ভুৱা এম বি বি এছ আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ (ETV Bharat)

ভুৱা চিকিৎসকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা ধাৰাৰ ৩১৯(২),৩১৬(২),৩৩৬(২)১২৫, ২৭১ অধীনত ২১৬/২০২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলেনুৰে কয়, "যোৱা ৫ ছেপ্টেম্বৰৰ পৰা এনআৰএইছএমৰ মোবাইল মেডিকেল উইনিটত তেওঁ কাম কৰি আছিল । অভিযোগৰ ভিত্তিত আমি তদন্ত আৰম্ভ কৰো । কালি আমি স্বাস্থ্য শিবিৰত অন ডিউটি পাও আৰু সোধা-পোছাৰ কাৰণে লৈ আহো । তেওঁৰ লগত যিখিনি নথিপত্ৰ আছিল সেইখিনি আমি পৰীক্ষণ কৰো । সেই পৰীক্ষণত অভিযোগখিনি সঁচা যেন পাও । তাৰ পিছত তেওঁক সোধাত স্বীকাৰ কৰে যে যোৰহাটৰ পৰা তেওঁ হোমিঅ'পেথিৰ ডিগ্ৰী লৈছিল । তাতেই তেওঁ এমবিবিএছ বুলি লিখি এই চাকৰিটোৰ কাৰণে আবেদন কৰিছিল । তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছো ।"

লগতে পঢ়ক :মুন্নাভাই MBBS, অস্ত্ৰোপচাৰ কক্ষত গ্ৰেপ্তাৰ আৰক্ষীৰ