ETV Bharat / state

মুন্নাভাই MBBS,ৰোগীক চিকিৎসা কৰি থকা সময়তেই গ্ৰেপ্তাৰ দুই

ক্ৰমাৎ বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ সংখ্যা । এইবাৰ শিলচৰত আৰক্ষীৰ জালত মুন্নাভাই ।

FAKE DOCTORS IN CACHAR
শিলচৰত আৰক্ষীৰ জালত মুন্নাভাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 10, 2025 at 10:39 AM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা । কাছাৰ আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে । যোৱা কেইবাদিনত জিলাখনত কেইবাজনো ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পাছত মঙলবাৰে পুনৰ আৰক্ষীৰ জালত পৰিল দুই মুন্নাভাই এমবিবিএছ ।

কাছাৰত আৰক্ষীৰ জালত পৰা ভুৱা চিকিৎসক দুটা হৈছে পংকজ চৌধুৰী আৰু সুভীৰ চৌধুৰী । অসম চিকিৎসা পৰিষদ পঞ্জীয়ন (ACMR)ৰ অভিযোগৰ ভিত্তিত শিলচৰৰ ঘুংঘুৰ আৰু কাছাৰ কালাইনত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ভুৱা চিকিৎসকক । এই তথ্য় সদৰী কৰিছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা ।

ভুৱা চিকিৎসক গ্ৰেপ্তাৰ সন্দৰ্ভত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (ETV Bharat Assam)

কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "শিলচৰৰ ঘুংঘুৰ অঞ্চলত অভিযান চলাই পংকজ চৌধুৰী নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ পংকজ চৌধুৰীয়ে কাজাখাস্তানৰ এখন মেডিকেল কলেজৰ পৰা এমবি‌বিএছৰ ভুৱা ডিগ্ৰী লৈ ১৫ বছৰ ধৰি শিলচৰত চিকিৎসা প্ৰদান কৰি আহিছিল । তেওঁ নিজকে এগৰাকী গেষ্ট্ৰোএন্টাৰোল'জিষ্ট আৰু ডাইবেটোল'জিষ্ট হিচাপে পৰিচয় দি চিকিৎসা প্ৰদান কৰি আহিছিল ।"

জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "উত্তৰ প্ৰদেশৰ গোন্দাৰ একে নামৰ এজন প্ৰকৃত চিকিৎসকৰ ৰেজিষ্ট্ৰেচন নম্বৰ ব্যৱহাৰ কৰি শিলচৰত চিকিৎসাৰ নামত প্ৰতাৰণা কৰি আহিছিল ভুৱা চিকিৎসক পংকজ চৌধুৰীয়ে । এই ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰু এক অভিযান চলিছিল কাছাৰৰ কালাইন বজাৰত য'ত বাসন্তী দেৱী হেল্থকেয়াৰ নামৰ এখন ফাৰ্মাচীৰ পৰা সুভীৰ চৌধুৰী নামৰ ভুৱা চিকিৎসকটোক গ্ৰেপ্তাৰ কৰা হৈছে । সুভীৰ চৌধুৰীয়ে ফাৰ্মাচীখনৰ এটা কোঠাত ৰোগীক চিকিৎসা কৰি থকাৰ সময়ত তাক হাতেলোটে গ্ৰেপ্তাৰ কৰা হয় ৷ সুভীৰ চৌধুৰীৰ পৰা আৰক্ষীয়ে ভুৱা এমবিবিএছৰ চার্টিফিকেটো জব্দ কৰা হৈছে ।"

উল্লেখ কাছাৰত বৰ্তমানলৈকে ৬ টাকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এই ভুৱা চিকিৎসককেইটাৰ বিৰুদ্ধে জিলাখনত আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

লগতে পঢ়ক: 'মুন্না ভাই' নহয় এইবাৰ আনিছুৰ ৰহমান !

মুন্নাভাই MBBS, অস্ত্ৰোপচাৰ কক্ষত গ্ৰেপ্তাৰ আৰক্ষীৰ