ETV Bharat / state

পৰ্যটকৰ বাবে অপেক্ষাৰত পানপুৰৰ জীপ চাফাৰী - JEEP SAFARI IN PANPUR

ৰঙালী বিহু উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ সুবিধা ৷ পৰ্যটকক আকৰ্ষণৰ বাবে এই সুবিধা মুকলি উদ্যান কৰ্তৃপক্ষৰ ৷

RONGALI BIHU 2025
কিংফিছাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 2:51 PM IST

3 Min Read

তেজপুৰ: ৰঙালী বিহুৰ বন্ধত আপুনি আজৰি সময় অতিবাহিত কৰিব বিচাৰে নেকি ? তেনেহ’লে সোনকালেই আহক পানপুৰলৈ ৷ ৰঙালী বিহু উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম ৰেঞ্জৰ বিশ্বনাথ সংমণ্ডলৰ পানপুৰত জীপ চাফাৰীৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে জানিবলৈ দিয়ে, ‘‘ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পানপুৰত শেহতীয়াকৈ জীপ চাফাৰীয়ে জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতে ৰঙালী বিহুৰ বন্ধৰ সময়ত পৰ্যটকৰ উপলব্ধ হ’ব এই জীপ চাফাৰী ।’’

RONGALI BIHU 2025
পানপুৰৰ জীপ চাফাৰী (ETV Bharat Assam)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্পৰ অধীনত পানপুৰত জীপ চাফাৰী বিগত বৰ্ষত মুকলি কৰাৰ পিছতে পৰ্যটকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল উদ্যান কৰ্তৃপক্ষ ৷ পানপুৰ অঞ্চলত উপলব্ধ ঢেকীয়াপতীয়া বাঘ, গঁড়, হাতী আৰু বৈচিত্ৰপূৰ্ণ প্ৰজাতিৰ চৰাই নিজ চকুৰে চাই প্ৰকৃতিৰ মাদকতা উপভোগ কৰাৰ অৰ্থে পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

তাৰোপৰি নতুনকৈ নিৰ্মাণ কৰা পথসমূহে যাতায়াত সুচল কৰি যান-বাহনৰ বাবে উপযোগী কৰি তুলিছে ৷ যাৰ ফলত দৰ্শনাৰ্থীসকলে এই প্ৰাকৃতিক দৃশ্যপট, বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ লগতে সূৰ্যাস্তৰ মাজত নিজকে বিলীন কৰিব পাৰে ৷

RONGALI BIHU 2025
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বিল (ETV Bharat Assam)

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে জনায়, "পানপুৰত দৰ্শনাৰ্থীৰ বাবে এখন নতুন ছাফাৰী বাহনৰ ব্যৱস্থা কৰা হৈছে, যিখনৰ বৰ্তমান পৰীক্ষণমূলক ব্যৱহাৰ চলি আছে । এই বাহনখনত ১২ জন ব্যক্তি আৰামদায়কভাৱে বহিব পৰাৰ সু-ব্যৱস্থা আছে, যাৰ ফলত পৰ্যটকৰ দলসমূহে একেলগে সংৰক্ষিত বনাঞ্চলখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি উদ্যান কৰ্তৃপক্ষই পানপুৰক প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক সুযোগ প্ৰদান কৰিছে ।’’

RONGALI BIHU 2025
এগ্ৰেট চৰাই (ETV Bharat Assam)

উল্লেখযোগ্য যে, পৰ্যটকে শোণিতপুৰ জিলাৰ পূব প্ৰান্তত থকা পানপুৰ ভ্ৰমণৰ লগতে জামুগুৰিহাটৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণৰ এক সুযোগ লাভ কৰিব পাৰে । ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ সমলসমূহ আৰু সেই ঐতিহাসিক স্থান, শোণিত কোঁৱৰ গজেন বৰুৱাই প্ৰস্তুত কৰা পদুম ফুলৰ আকৃতিৰ সেই মণ্ডপ আৰু বিভিন্ন দৌলসমূহো পৰ্যটনৰ এক উৎস । তদুপৰি সমীপতে থকা নাগশংকৰ দেৱালয়তো গোঁসাই বিহুৰ দিনা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে দূৰ-দূৰণিৰ ভক্তসকলে ।

RONGALI BIHU 2025
পানপুৰ এলেকাৰ মানচিত্ৰ (ETV Bharat Assam)

মন কৰিবলগীয়া যে, এটা দিনৰ এই জীপ চাফাৰীৰ লগতে ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটৰ পৌৰাণিক মন্দিৰ আৰু গুপ্ত কাশী দেৱালয় আৰু বিশ্বনাথ ঘাটৰ পৰা তেজপুৰৰ জাহাজ ঘাটলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভ্ৰমি ফুৰা ডলফিনৰ সৌন্দৰ্যও পৰ্যটকসকলে উপভোগ কৰিব পাৰিব ।

RONGALI BIHU 2025
ৰঙালী বিহু উপলক্ষে বিশেষ সুবিধা (ETV Bharat Assam)

আপুনি যদি এজন কৌতুহলী বন্যপ্ৰাণী পৰ্যবেক্ষক বা ফটোগ্ৰাফীৰ অনুৰাগী নাইবা কেৱল প্ৰকৃতিৰে মাজত এটা দিন কটাব বিচাৰে, তেনেহ’লে আপোনাক এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে পানপুৰ ৷

লগতে পঢ়ক: ইতিহাস প্ৰসিদ্ধ হজৰা পুখুৰীৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.