শিৱসাগৰত উপস্থিত আমেৰিকাৰ তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল
শিৱসাগৰত অ' এন জি চিৰ আৰ ডি এচ ১৪৭(ক) ৰীগত নৱম দিনাও অব্যাহত আছে গেছ নিৰ্গমন । ক্ষোভিত স্থানীয় ৰাইজ ।

Published : June 20, 2025 at 11:20 PM IST
|Updated : June 21, 2025 at 7:28 AM IST
আমগুৰি : শিৱসাগৰ ভটীয়াপাৰস্থিত অ' এন জি চিৰ আৰ ডি এচ ১৪৭(ক) ৰীগত শুকুৰবাৰে নৱম দিনাও অব্যাহত আছে গেছ নিৰ্গমন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ পিছত শুকুৰবাৰে আমেৰিকাৰ তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞ দল আহি শিৱসাগৰত উপস্থিত হয় ।
আমেৰিকাৰ CUDD Well Control Agencyৰ তিনিজনীয়া বিশেষজ্ঞ দলটো শিৱসাগৰ চহৰত উপস্থিত হোৱাৰ পাছত দুগৰাকী বিশেষজ্ঞই নগৰৰ এখন হোটেলতে অ' এন জি চিৰ একাংশ শীৰ্ষ বিষয়াৰে মিলিত হয় ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমযোগে এই কথা নিশ্চিত কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "শিৱসাগৰৰ গেছ নিৰ্গমন হোৱা স্থলীত চলিত কাৰ্যকলাপৰ বিষয়ে আমি অ' এন জি চিৰ পৰা এটা শেহতীয়াকৈ বাৰ্তা পাইছো । বহু প্ৰচেষ্টা আৰু নিখুঁতকৈ একাধিক পদ্ধতি অন্বেষণৰ পাছত এতিয়া অ’ এন জি চিয়ে নিৰ্গমন সুৰুঙাটোক ঢাকিবলৈ অধিক ব্যৱহাৰিক আৰু সুৰক্ষিত কৌশলেৰে আগবাঢ়িছে । প্ৰায় ৫০% ব্যৱহাৰিক কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । অতিৰিক্ত সূক্ষ্মাতিসূক্ষ্ম নিৰীক্ষণ আৰু পৰিস্থিতি নিয়ন্ত্ৰণত সহযোগিতা আগবঢ়োৱাৰ বাবে আমেৰিকাৰ বিশেষজ্ঞৰ এটা দল শুকুৰবাৰে সন্ধিয়া এই স্থানত উপস্থিত হ'ব ৷ নতুন পৰিকল্পনাৰ অধীনত পূৰ্ণাংগ কাৰ্যকলাপ কাইলৈৰ পৰা আৰম্ভ হ’ব ।"
তেওঁ লগতে কয়, "আমাৰ দ্বৈত ইঞ্জিন চৰকাৰে পৰিস্থিতি ২৪x৭ নিৰীক্ষণ কৰি আছে আৰু নিৰাপত্তা সুনিশ্চিত, স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ, সমস্যাটো সোনকালে সমাধান কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ ।"
We’ve received an update from @ONGC on the ongoing operation at the RDS 147A well site in Sivasagar.
— Himanta Biswa Sarma (@himantabiswa) June 20, 2025
After exploring multiple approaches with great effort and precision, ONGC is now advancing with a more practical and safer strategy to cap the leak. Close to 50% of the…
আনহাতে শুকুৰবাৰে দিনৰ ভাগত গেছ নিৰ্গমন স্থলীৰ দাঁতিকাষৰীয়া লোকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । যোৱা নটা দিন অ' এন জি চিৰ বিফলতাৰ বাবেই প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ । অ' এন জি চি গ' বেক, এছ কে পেট্ৰ’ গ' বেক শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।
তেওঁলোকে নটা দিনেও গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰাত বিফল অ' এন জি চিৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে । উচ্চ প্ৰাবল্যৰ শব্দত উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজে । অতিষ্ঠ হৈ আজি ৰাইজে অ' এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
ইফালেশিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও আজি অ' এন জি চিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । অখিল গগৈয়ে প্ৰশ্ন কৰে যে অ' এন জি চিয়ে ঘটনা হোৱাৰ দিন ধৰি আমাক দিছে কি ? ৰাইজক অসুখ আৰু অশান্তি দিয়াৰ বাহিৰে অ' এন জি চিয়ে একোয়েই কৰিব পৰা নাই । অ' এন জি চিয়ে গেছ নিৰ্গমন ৰোধৰ নামত নিৰ্মাণ কৰা পথ, মথাউৰি বিধ্বস্ত কৰি গ'ল । এতিয়া আমেৰিকাৰ পৰা বিশেষজ্ঞ আহিছে । কি হয় নাজানো । কিন্তু সোনকালে হ'ব লাগে ।"
তেওঁ লগতে এই ঘটনা নিয়ন্ত্ৰণ হোৱাৰ পাছত অ' এন জি চিয়ে ইয়াত পকী পথ নিৰ্মাণ কৰি যাব লাগিব বুলিও দাবী উত্থাপন কৰে ।

