ETV Bharat / state

আঢ়ৈ মাহত দহটাতকৈও অধিক ভূমিকম্পৰ জোকাৰণি: বিশেষজ্ঞই কি কয়...

ধাৰাবাহিকভাৱে নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্প আহি থকাটো বৃহৎ ভূমিকম্পৰ আগজাননী নহয়, বৰং বৰভূঁইকঁপ অহাৰ সম্ভাৱনা কম বুলিহে ধৰি ল'ব পাৰি ।

earthquakes in Assam
ভূমিকম্প (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 6, 2025 at 6:41 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: বছৰটো আৰম্ভ হোৱাৰে পৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে ভূমিকম্প হৈ আহিছে । শেহতীয়াকৈ নিম্ন আৰু মধ্য প্রাবল্যৰ কেইবাটাও ভূমিকম্প অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সঘনাই হৈছে ।

জানুৱাৰীৰ পৰা মাৰ্চৰ প্ৰথম সপ্তাহলৈ ১৪ টাকৈ সৰু-বৰ ভূমিকম্পই অসমসহ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যক জোকাৰি গৈছে । ভূমিকম্পৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ।

২৬ ফেব্ৰুৱাৰীৰ মাজনিশা ২.২৫ বজাত অহা ৫.১ প্রাবল্যৰ এটা ভূমিকম্পই পুনৰ এবাৰ সৰ্বসাধাৰণক শংকিত কৰি তুলিছে ৷ লগতে বৰভূঁইকঁপৰ সম্ভাৱনীয়তাক লৈ চৰ্চা আৰম্ভ হৈছে । ২৩ জানুৱাৰীৰ নিশাৰ ভূমিকম্পয়ো ৰাজ্যৰ অধিকাংশ জিলাকে জোকাৰি গৈছিল ।

earthquakes in Assam
ভূমিকম্পপ্ৰৱণ এলেকাৰ মানচিত্ৰ (ETV Bharat Assam)

উল্লেখ্য যে, যোৱা ২৪ জানুৱাৰীৰ মাজনিশা এক নিম্ন-মধ্য প্রাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যক কম-বেছি পৰিমাণে জোকাৰি যায় । ২৪ জানুৱাৰীৰ মাজনিশা ভাৰতীয় মান সময় অনুসৰি ১২ বাজি ৫৩ মিনিট ৩৫ ছেকেণ্ডত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৪.৮ ৰিখটাৰ আৰু অভিকেন্দ্ৰ আছিল চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা উত্তৰ-পূব দিশত ১০৬ কিলোমিটাৰ গভীৰতাত ।

যোৱা ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ চাৰিদিনত আছিল এইটো চতুৰ্থ ভূমিকম্প ৷ গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা ২১ জানুৱাৰীত অনুভূত হোৱা ৪.১ প্রাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ দক্ষিণ-পশ্চিম খাচী পাহাৰ ।

২২ জানুৱাৰীত দুটা ভূমিকম্পই পুনৰ উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি যায় । দুয়োটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ । ২১ জানুৱাৰীৰ নিশা ৮.৫৭ বজাত আৰু ৯.৪৬ বজাত অহা ভূমিকম্প দুটাৰ প্রাবল্য আছিল ক্ৰমে ৪.৩ আৰু ৩.৩ ৰিখটাৰ । ২৪ জানুৱাৰীৰ মাজনিশা ১২.৫৩ বজাত নিম্ন-মধ্য প্রাবল্যৰ এক ভূমিকম্পই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক জোকাৰি যায় ।

ইপিনে যোৱা বুধবাৰে পুৱতি নিশাৰ পৰা দুপৰীয়ালৈ মাত্ৰ চাৰে আঠ ঘণ্টাৰ ভিতৰত পুনৰ চাৰিটাকৈ নিম্ন, উচ্চ-মধ্যমীয়া প্রাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যক কম-বেছি পৰিমাণে জোকাৰি যায় ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি পুৱতি নিশা ৩ বাজি ৩৬ মিনিট ৪৯ ছেকেণ্ডত । ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্রাবল্যৰ পৰিমাণ আছিল ৪.৭ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰ সীমান্তৰ পৰা ৩২ কিলোমিটাৰ গভীৰতাত ।

তাৰ মাত্ৰ ২২ মিনিট পাছত ভাৰতীয় মান সময় অনুসৰি, পুৱতি নিশা ৩ বাজি ৫৪ মিনিট ৪৯ ছেকেণ্ডত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৪.৫ আৰু অভিকেন্দ্র আছিল ম্যানমাৰ সীমান্তৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ।

তেনেদৰে তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি দিনৰ ১১ বাজি ৬ মিনিট ৩৭ ছেকেণ্ডত । ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গাতে লগা মণিপুৰৰ কামজং জিলাৰ পৰা ১১০ কিলোমিটাৰ গভীৰতাত । ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭ ।

চতুর্থ ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয় দুপৰীয়া ১২ বাজি ২০ মিনিট ৪৩ ছেকেণ্ডত আৰু ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্রাবল্য আছিল ৪.১ । তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গাতে লগা মণিপুৰৰ কামজং জিলাৰ পৰা ৬৬ কিলোমিটাৰ গভীৰতাত ।

এই সন্দৰ্ভত বিশিষ্ট অভিযন্তা তথা ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰা জে এন খাটনিয়াৰে কয়- "বিশ্বৰ পঞ্চম ভূমিকম্পপ্ৰৱণ মণ্ডলীয় অঞ্চলত আছে অসম । ভাৰত বিশ্বৰ সৰ্বাধিক ভূমিকম্প প্রৱণ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম মণ্ডলত অন্তর্ভুক্ত আৰু ইয়াৰে ভিতৰত পঞ্চম মণ্ডলত আছে অসম । আমাৰ দেশখন ভাৰতীয় আৰু ইউৰেছিয়া টেকটনিক প্লেটৰ ওপৰত অৱস্থিত আৰু এই প্লেটৰ হেঁচা উত্তৰে যথেষ্ট বৃদ্ধি পাইছে ।"

দেশৰ ৫৯ শতাংশ অঞ্চল দ্বিতীয় মণ্ডলৰ ভূমিকম্পপ্ৰৱণ অঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ উপৰি পঞ্চম মণ্ডলৰ অন্তৰ্ভুক্ত অসম তথা দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লৈ ১১ শতাংশ অঞ্চল আছে । এই পঞ্চম মণ্ডল অতি ভূমিকম্পপ্ৰৱণ এলেকাৰ অন্তর্ভুক্ত ।

তেওঁ লগতে কয়- "সমগ্ৰ উত্তৰ-পূৱ ভাৰতত বিস্তৃত ৩০০ কিলোমিটাৰ দীঘল ভূমিকম্পজনিতভাৱে সক্ৰিয় ফল্ট ৰেখা কপিলী ফল্ট জ'নে ইয়াৰ শেহতীয়া কাৰ্যকলাপৰ বাবে গৱেষক আৰু বাসিন্দাসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । কপিলী ফল্ট জ'ন অতি সক্ৰিয় হৈ আছে । শেহতীয়াকৈ ২৭ ফেব্ৰুৱাৰীত ৫.০ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত আহিছে, যাৰ কেন্দ্ৰবিন্দু ২০২১ চনৰ শোণিতপুৰৰ ভূমিকম্পৰ স্থানৰ ওচৰৰ কপিলী ফল্টৰ ওচৰত আছিল ।"

‘‘সঘনাই এনেদৰে অহা ভূমিকম্পই নিশ্চিত নকৰে যে, পৰৱৰ্তী সময়ত ডাঙৰ বা সৰু ভূমিকম্প আহিব । কিন্তু তাৰ বাবে সাজু থকাৰ লগতে সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগিব, বিশেষকৈ অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত’’ বুলিও তেওঁ কয় ৷

ইপিনে এই সন্দৰ্ভত ভূতত্ত্ব আৰু খনন সঞ্চালকালয়, অসমৰ ভূতত্ত্ববিদ মুন চন্দ্ৰ ডেকাই কয়- "ধাৰাবাহিকভাৱে নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্প আহি থকাটো বৃহৎ ভূমিকম্পৰ আগজাননী নহয়, বৰং বৰভূঁইকঁপ অহাৰ সম্ভাৱনা কম বুলিহে ধৰি ল'ব পাৰি । কিন্তু বৰভূঁইকঁপ অহাৰ পিছত ধাৰাবাহিকভাৱে নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্প আহে বা অহাৰ সম্ভাৱনা বহু বেছি হয় ।"

ডেকাই লগতে কয়- "ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটৰ ওপৰত ইউৰাছিয়ান প্লেটে খুন্দা মাৰি থকাৰ ফলতেই হিমালয়ৰ পাদদেশত সঘনাই ভূমিকম্প সংঘটিত হৈ আহিছে । ১৯৫০ চনত অসমত হোৱা বৃহৎ ভূমিকম্পৰ প্রাবল্য আছিল ৮.৫ । অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশ-চীন সীমান্ত । সেইদৰে ১৮৯৭ চনত অহা বৰভূঁইকঁপৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ গাৰো পাহাৰ । অৰ্থাৎ প্ৰতি ৫০ বছৰৰ বিৰতিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বৃহৎ ভূমিকম্পই জোকাৰি গৈছে । সেই হিচাপত ১৯৫০ চনৰ পৰা এতিয়ালৈকে ৭৪ বছৰৰ ‘ছিছমিক গেপ’ বা ভূমিকম্পৰ ফাঁক দেখা গৈছে । কিন্তু এনে নহয় যে, অসমত বৰভূঁইকঁপ একেবাৰে নাহিব, এয়া একে আষাৰে দাবী কৰিব নোৱাৰি ।"

লগতে পঢ়ক: ধেমাজিত ভূমিকম্প ! আহত-আবদ্ধ লোকক তৎপৰতাৰে উদ্ধাৰ - EARTHQUAKE AWARENESS IN DHEMAJI