ETV Bharat / state

ভূগৰ্ভত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক : কি আছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশত - RAINWATER CONSERVATION SYSTEMS

গুৱাহাটী বিল্ডিং উপ-বিধি ২০১৪ অনুসৰি পৌৰ নিগমে জাৰি কৰা জাননীত কি আছে ? জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন-

Directives of GMC on Rainwater conservation systems
বাধ্যতামূলক হ'ব বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰা ব্যৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 8:22 PM IST

6 Min Read

গুৱাহাটী : গুৱাহাটী মহানগৰীত গৃহনিৰ্মাণ কৰিলে চৌহদত স্থাপন কৰিবই লাগিব বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰা ব্যৱস্থা । অৱশ্যে এই ব্যৱস্থা নতুন নহয় যদিও বাধ্যতামূলকভাৱে কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে । এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে বৃহস্পতিবাৰে এক নিৰ্দেশনা জাৰি কৰে ।

বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰাৰ এই ব্যৱস্থা প্ৰকৃততে কি ? ইয়াৰ দ্বাৰা কি লাভ হ'ব ? গুৱাহাটী বিল্ডিং উপ-বিধি ২০১৪ অনুসৰি পৌৰ নিগমে জাৰি কৰা জাননীত কি আছে ? এই সৱিশেষ সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

এতিয়াৰে পৰা যিকোনো গৃহ নিৰ্মাণৰ ক্ষেত্রতে পৌৰ এলেকাৰ লোকে চৌহদত বৰষুণৰ পানী ভূগৰ্ভৰ গভীৰতালৈ নিয়াৰ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব । অৰ্থাৎ গুৱাহাটীত গৃহ নিৰ্মাণ কৰাৰ লগতে অতিৰিক্তভাৱে এই ব্যৱস্থাৰ বাবেও ব্যয় বহন কৰিব লাগিব । ভূমিৰ আকাৰৰ ওপৰত এই ব্যৱস্থাৰ আকাৰ নিৰ্ভৰ কৰিব । এপাৰ্টমেণ্টসমূহত এই ব্যৱস্থা কাৰ্যকৰী হৈ আহিছে যদিও ব্যক্তিগত আৱাসত এই ব্যৱস্থা কাৰ্যকৰী কৰা পৰিলক্ষিত হোৱা নাই ।

ভূগৰ্ভত বৰষুণৰ পানী সংৰক্ষণ সন্দৰ্ভত কি ক'লে অভিযন্তাই (ETV Bharat Assam)

আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ সভাপতি তথা বিশিষ্ট অভিযন্তা পি কে শৰ্মাৰে হোৱা আছুতীয়া সাক্ষাতকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

কি আছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনাত ?

মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । গুৱাহাটী পৌৰ নিগমে জাৰি কৰা নিৰ্দেশনা অনুসৰি মহানগৰীৰ প্ৰতিটো এপার্টমেণ্টে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব । বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণৰ ব্যৱস্থা থকাটো বাধ্যতামূলক । সকলো ধৰণৰ অট্টালিকা, আৱাসিক অঞ্চল, ব্যৱসায়িক, শিক্ষা, উদ্যোগ আদিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব । ইয়াৰ লগতে আৱাসিক এলেকাৰ ২০ শতাংশ ভূমিত কৰিব লাগিব বৃক্ষৰোপণ । প্ৰতিগৰাকী বিল্ডিং নিৰ্মাতা, ছ'চাইটি আৰু মাটিৰ মালিকে এই নিয়ম মানি চলাটো এতিয়াৰে পৰা বাধ্যতামূলক হ'ব ।

২০ জুনৰ পৰা গুৱাহাটী পৌৰ নিগমে এই নিয়ম সঠিকভাৱে পালন কৰা হৈছে নে নাই তাৰ নিৰীক্ষণ আৰম্ভ কৰিব । প্ৰথম পৰ্যায়ত বিল্ডিং নিৰ্মাতাসকলৰ ক্ষেত্ৰত এই পৰীক্ষা চলিব আৰু নিয়ম উলংঘা হ’লে ডি ডি এম এ আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । গুৱাহাটী বিল্ডিং উপ-বিধি, ২০১৪ আৰু অসম ইউনিফাইড গৃহনিৰ্মাণ উপ-বিধি, ২০২২ অনুসৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে ।

Directives of GMC on Rainwater conservation systems
ভূগৰ্ভত বৰষুণৰ পানী সংৰক্ষণ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা (ETV Bharat Assam)

এই সিদ্ধান্তই গুৱাহাটী মহানগৰত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ লগতে সেউজ এলেকাৰ বিস্তাৰ কৰিব । লগতে কৃত্ৰিম বানপানী ৰোধ আৰু জল সংকটৰ সমাধানৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু দিক-নিৰ্ণায়ক পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি ধাৰণা কৰা হৈছে ।

বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষিত কৰাৰ প্ৰণালী নতুন নহয় :

এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী । বৰষুণৰ পানী ওলাই নিয়া নাইবা সংৰক্ষণ কৰাৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণত সহজতে জলমগ্ন হৈ পৰে গুৱাহাটী । গুৱাহাটীত নিৰ্মাণ হোৱা বৃহৎ বৃহৎ অট্টালিকাত বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষিত কৰাৰ ব্যৱস্থা আছে; কিন্তু এই ব্যৱস্থাই কিমানদূৰ সফলতা লাভ কৰিছে তাৰ কোনো মাপকাঠি নাই ।

গুৱাহাটী পৌৰ নিগমে বৃহস্পতিবাৰে বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰাৰ প্ৰসংগত এক নিৰ্দেশনা জাৰি কৰিছে; কিন্তু গুৱাহাটীত ২০১৪ চনৰ পৰাই এই ব্যৱস্থা অৰ্থাৎ বিল্ডিং উপ-বিধি,২০১৪ প্ৰযোজ্য হৈ আছে ।

এই সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয়, "বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰি ভূগৰ্ভৰ পানী বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ কথা । এই ব্যৱস্থাটো ২০১৪ চনৰ পৰাই চলি আহিছে । এই ব্যৱস্থাটো যথেষ্ট খৰচী । এতিয়া চৰকাৰে এইটো নিৰীক্ষণ কৰাৰ কথা কৈছে । গুৱাহাটী মহানগৰীত বিল্ডিং উপ-বিধি (Appendix VI) অনুসৰি বিভিন্ন অট্টালিকা নিৰ্মাণত বৰষুণৰ পানী সংৰক্ষণ প্ৰণালী আছে । পানী সংৰক্ষণ কৰাৰ যিটো ব্যৱস্থা চলি আহিছে তাত কিছু সংশোধনীৰ প্ৰয়োজন আছে । এইক্ষেত্রত আমাৰ চৰকাৰৰ লগত আলোচনা হৈছে । চৰকাৰে আমাক গোটেই বিষয়টো চালিজাৰি চাই এখন খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব দিছে ।"

অভিযন্তাগৰাকীয়ে পুনৰ কয়, " ইতিমধ্যে এইক্ষেত্রত আমি কাম আৰম্ভ কৰিছো । বিল্ডিং উপ-বিধিৰ পৰিশিষ্ট ছয়ৰ সংশোধনৰ খচৰা প্ৰস্তুতৰ বাবে আমি চুৰাতৰ অভিজ্ঞ ড৹ ভাস্কৰ ভি ভট্টক যোগাযোগ কৰিছো । ড৹ ভট্ট এই বিষয়ত এগৰাকী বিশেষজ্ঞ ব্যক্তি । ইয়াৰ লগতে আই আই টি গুৱাহাটীৰ লগতো যোগাযোগ কৰা হৈছে । শীঘ্ৰেই এই খচৰা আমি চৰকাৰক দিবলৈ চেষ্টা কৰিম ।"

তেওঁ লগতে কয়, "আমাৰ ইয়াত ইমান বৰষুণ হোৱাৰ পিছতো খোৱাপানীৰ নাটনি আছে । গ্ৰাউন ৱাটাৰ অৰ্থাৎ ভূগৰ্ভৰ পানীৰ স্তৰ শুকাই গৈছে । বৰষুণৰ পানী ভূগৰ্ভৰ পানীৰ স্তৰলৈ নিব পাৰিলে খোৱাপানীৰ নাটনিৰ সমস্যা দূৰ হ'ব আৰু লগতে আবদ্ধ পানীৰ সমস্যাও যথেষ্ট পৰিমানে লাঘৱ হ'ব ।"

ইপিনে, বিল্ডিং উপ-বিধি, ২০১৪ সন্দৰ্ভত পি কে শৰ্মাই কয়, "বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰাৰ প্ৰণালী আগৰে পৰা চলি আহিছে । পৌৰ নিগমে জাৰি কৰা নিৰ্দেশনা অনুসৰি আইন মতে সেয়া কাৰ্যকৰী কৰা হৈছে নে নাই সেয়া নিৰীক্ষণ কৰাৰ কথা কোৱা হৈছে । এই ব্যৱস্থাটো নতুন নহয় । আমাৰ ধাৰণা হয় যে গোটেই প্ৰক্ৰিয়াটোতে কিছু বিসংগতি আছে । সেয়ে ইয়াৰ সংশোধনীৰ বাবে খচৰা প্ৰস্তুতৰ কাম চলি আছে । পানী সংৰক্ষণৰ ব্যৱস্থা কেৱল এপাৰ্টমেণ্টেই নহয় ব্যক্তিগতভাৱে নিৰ্মাণ কৰা গৃহৰ ক্ষেত্রতো প্ৰযোজ্য । এপাৰ্টমেণ্টসমূহত বহু খৰচ কৰি এই ব্যৱস্থা কৰা হৈছে; কিন্তু এই ব্যৱস্থা প্ৰকৃতাৰ্থত সফল হৈছে নে নাই সেয়া চোৱাৰ বাবেও খচৰাখনত ব্যৱস্থা কৰা হ'ব। আইন অনুসৰি সকলো নিৰ্মাণতে এই ব্যৱস্থা কৰাৰ নিয়ম আছে । গৃহনিৰ্মাণৰ অনুমতি লোৱাৰ ক্ষেত্রত এই আইনী দিশ আছে ।"

বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষণ কৰাৰ প্ৰণালী সন্দৰ্ভত পি কে শৰ্মাই কয়, "বৰষুণৰ পানীখিনি গোটাই পাইপেৰে ভূগৰ্ভৰ বালিৰ স্তৰলৈ নিব লাগিব । বৰিঙত পানী তলৰ পৰা ওপৰলৈ উঠোৱাৰ দৰে ইয়াত ওপৰৰ পানী তললৈ নিব লাগিব । ইয়াৰ বাবে বৰষুণৰ পানী জমা কৰি নিষ্কাষিত কৰি তললৈ নিব লাগিব । সেইদৰে ভূমিৰ পৰিমাণৰ ২০ শতাংশত গছ-গছনি লগোৱাৰ নিয়ম আছে ।"

লগতে পঢ়ক:মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান সম্ভৱ কেনেকৈ ? ক'লে বিশেষজ্ঞ অভিযন্তাই - ASSAM FLOOD 2025

বৰষুণৰ পানী ভূগৰ্ভৰ গভীৰতালৈ নিয়াৰ প্ৰক্ৰিয়া আছে বিল্ডিং উপ-বিধিত : ক'লে অভিযন্তাই - GUWAHATI FLOOD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.