ৰহঢলা পথাৰত, আহিবা ঐ নিজানত... ! অস্তিত্বৰ সংকটত ঐতিহাসিক ৰহঢলা পথাৰৰ পুখুৰী
আহোম ৰাজত্বৰ কীৰ্তিচিহ্নতো বেদখল ! কুঁহিয়াৰ ৰস পুখুৰীত ঢালি পানী উলিওৱা কাহিনী হেৰাই যাব নেকি ?

Published : July 29, 2025 at 9:31 AM IST
|Updated : July 29, 2025 at 9:36 AM IST
গোলাঘাট: "মন হীৰা দৈ চাইকেল নহয় টিলিঙা" গীতটো আপোনাৰ বাৰু মনত আছে নে ? অভিনেতা বিজু ফুকনে ডিঙিত দৈৰ টেকেলি লৈ চাইকেল চলাই গোৱা সেই গীতটো ৷
আশীৰ দশকত অসমৰ বোলছবি জগতত খলকনি লগোৱা 'বোৱাৰী' ছবিখনত জনপ্ৰিয় গায়ক মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠত বিজু ফুকনে কৰা অভিনয়ৰ কথা কোনেও পাহৰিব নোৱাৰে । সেই বিখ্যাত গীতটোত এখন বিশেষ পথাৰৰ কথা উল্লেখ কৰা হৈছিল । সেই পথাৰখনৰ নাম আছিল ৰহঢলা ।
গোলাঘাট জিলাৰ এই ৰহঢলা পথাৰখনৰ অৱস্থা কেনে আছে সেয়া আপোনাৰ জানিবলৈ মন নাযায়নে ? আজি এই ঐতিহাসিক পথাৰখনত ইয়াৰ অস্তিত্ব বিচাৰি পাবলৈ টান হৈ পৰিছে । কাৰণ এই ৰজাদিনীয়া পথাৰখন আজি বেদখলৰ কৱলত ।
ইয়াত থকা ঐতিহাসিক পুখুৰীৰ অস্তিত্বই নাই বুলি ক'ব পাৰি । এই ৰহঢলা পথাৰৰ নামৰ উৎপত্তি ক'ৰ পৰা হৈছিল আৰু এতিয়া কোনে এইবোৰ ভূমিত বেদখল চলাইছে সেয়া জানিবলৈ যদি আপুনি ইচ্ছুক তেনেহ'লে পঢ়ক ই টিভি ভাৰতৰ এই প্ৰতিবেদন ।

ৰহঢলা পথাৰ গোলাঘাটৰ পৰা দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ মাজভাগত অৱস্থিত এখন বিশাল ঐতিহাসিক পথাৰ । কেইবা শ হেক্টৰ কৃষিভূমিৰে আৱৰি থকা এইখন পথাৰৰ সৌন্দৰ্যই সকলোকে হাতবাউলি মাতে । এই পথেৰে অহা-যোৱা কৰা পথচাৰীসকলে ক্ষন্তেক সময়ৰ বাবে হ'লেও থিয় হৈ উপভোগ কৰে এই সু-বিশাল ঐতিহাসিক পথাৰৰ সৌন্দৰ্য ।
ৰহঢলা পথাৰ নামৰ আঁৰৰ কাহিনী :
এই পথাৰৰ নাম কেনেকৈ ৰহঢলা পথাৰ হৈছে আপুনি জানিবলৈ নিশ্চয় আগ্ৰহী ? এই সু-বিশাল পথাৰৰ মাজভাগত আছে আহোম ৰাজত্বকালৰ তিনিটা বৃহৎ আকাৰৰ পুখুৰী । এই পুখুৰী তিনিটাৰ বাবেই এই সু-বিশাল পথাৰৰ নাম ৰহঢলা পথাৰ বুলি কোৱা হয় । জনশ্ৰুতি অনুসৰি আহোম ৰাজত্বকালত গোলাঘাটত মোমাই তামুলী বৰবৰুৱাক বাৰী পাতি দিয়াৰ লগতে উক্ত অঞ্চলৰ ৰাইজক কৃষিকৰ্মৰ লগত জড়িত কৰিবলৈ নিৰ্দেশ দিছিল । সেই নিৰ্দেশ মোমাই তামুলী বৰবৰুৱাই পালন কৰিবলৈ যাওঁতে কৃষি পথাৰত পানী যোগানৰ সমস্যাত পৰিছিল ।

সেই পানীৰ সমস্যা সমাধান কৰিবলৈ খন্দা হৈছিল এই বৃহৎ আকাৰৰ তিনিটা পুখুৰী; কিন্তু পুখুৰী খন্দা হ'ল যদিও তাত পানী নোলোৱা দেখি চিন্তিত হৈ পৰিছিল মোমাই তামুলী বৰবৰুৱা । অৱশেষত বহু চিন্তা- চৰ্চা কৰি কুঁহিয়াৰ পেৰি তাৰ ৰস পুখুৰীত ঢালি পানী উলিওৱাৰ পদ্ধতি ব্যৱহাৰ কৰিছিল । সেইবাবেই এই পুখুৰীৰ নাম ৰহঢলা পুখুৰী বুলি জনা যায় । পৰৱৰ্তী সময়ত এই ৰহঢলা পুখুৰীৰ চাৰিওফালে থকা বৃহৎ পথাৰখনৰ নাম ৰহঢলা পথাৰ বুলি পৰিচিত হৈ পৰে ।
অস্তিত্বৰ সংকটত ঐতিহাসিক ৰহঢলা পুখুৰী :

কিন্তু অতি পৰিতাপৰ বিষয় যে এই ঐতিহাসিক ৰহঢলা পুখুৰী এতিয়া অস্তিত্বৰ সংকটত । কিয়নো এই বৃহৎ আকাৰৰ পুখুৰীৰ গৰ্ভত বৰ্তমান খেতি কৰিব ধৰিছে স্থানীয় লোকে । যাৰ বাবে এতিয়া পুখুৰীকেইটাৰ পাৰ সমূহেহে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে । এই সম্পৰ্কে স্থানীয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সাহিত্যক পাৰিজাত বৰুৱাই কয়, "ৰহঢলা পুখুৰীত পানী নোহোৱা হৈছিল আৰু কৃষি পথাৰত পানী নথকাৰ ফলত ঢেঁকী পাতি পুখুৰী খন্দাৰ পৰাই ঠাইখনৰ নাম ঢেকীয়াল বুলি কোৱা হয় । আনহাতে পুখুৰী খন্দাৰ পাছত যেতিয়া পানী ওলোৱা নাছিল তেতিয়া মোমাই তামুলী বৰবৰুৱাক পানীৰ উৎস বিচাৰিবৰ বাবে কুঁহিয়াৰৰ ৰস ঢালি দিবলৈ কৈছিল আৰু কুঁহিয়াৰৰ ৰস ঢালি দিয়াৰ পাছত পুখুৰীত পানী ওলাইছিল । তেতিয়াৰ পৰাই ৰহঢলা পুখুৰীৰ লগতে সেই বৃহৎ ৰহঢলা পথাৰৰ নাম ৰখা হৈছিল ।"
কোনে কৰিছে বেদখল ?
এই ৰহঢলা পথাৰ এখন ঐতিহাসিক স্থান য'ত পৰ্যটনৰ যথেষ্ট পৰিমাণে থল আছে বুলি সকলোৱে কয় । এইদৰে মন্তব্য় কৰি তেওঁ কয়, "এই অঞ্চলত তিনিটা পুখুৰী আছে । এই তিনিটা পুখুৰীৰ কাষে কাষে মানুহে খেতি কৰিবলৈ ল'লে, যাৰ বাবে পুখুৰী কেইটা দিনে দিনে বাম হৈ গৈ আছে । ইয়াৰ উপৰি এই ঐতিহাসিক তিনিটা পুখুৰী কিছুমান মানুহৰ ম্যাদী পট্টাত অন্তৰ্ভুক্ত হৈছে বুলি জানিব পাৰিছো, যাৰ বাবে এই পুখুৰীৰ যি ঐতিহ্য আছিল সেইটো নাথাকিব ।"

এই সম্পৰ্কে আগৰ পৰাই চৰকাৰক কৈ থকা হৈছে আৰু এতিয়া চৰকাৰে গুৰুত্ব দিব লাগে বুলি আহ্বান জনাই অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে পুনৰ কয়, "যদি গুৰুত্ব আৰোপ কৰে তেনেহ'লে অসমৰ এটি ঐতিহ্য হৈ ৰব আৰু পুখুৰী কেইটা দ'কৈ খান্দি দিলে পানীৰ ব্যৱস্থা হ'লেহেঁতেন । পিছৰ প্ৰজন্ম তাৰ পৰা উপকৃত হ'ব । ইয়াৰ উপৰি মাছ পোহা আদিৰ ব্য়ৱস্থা যদি এই চৰকাৰে কৰিলেহেঁতেন তেতিয়া এই ঐতিহাসিক পুখুৰী আৰু ৰহঢলা পথাৰ জীৱন্ত হৈ থাকিব ।"
পৰ্যটনৰ সুবিধা কৰিবলৈ আহ্বান :
আনহাতে এই সম্পৰ্কে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৃষক হেমেন বৰাই কয়, "ৰহ ঢালি এই পুখুৰীত পানী উলিয়াইছিল বাবে ৰহঢলা পথাৰ হ'ল । বৰ্তমান এইটো অৱহেলিত হৈ আছে আৰু পুখুৰীকেইটা মানুহৰ পট্টাত অন্তৰ্ভুক্ত হৈছে । চৰকাৰে এই পুখুৰীকেইটাত পৰ্যটনৰ সুবিধা কৰিব লাগে । মাছ পোহাৰ লগতে ইয়াৰ শোভাবৰ্ধন কৰিলে নিশ্চয় ইয়ালৈ মানুহ আহিব । আমাৰো এটা পুখুৰীৰ পট্টা আজে; কিন্তু প্ৰয়োজন হ'লে আমি এৰি দিবলৈ প্ৰস্তুত ।"

পঞ্চায়তে দিয়া নাই গুৰুত্ব :
এই সম্পৰ্কে বহুবাৰ পঞ্চায়তত জনোৱাৰ পিচতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি কৃষক হেমেন বৰাই কয়, "পঞ্চায়তে কাণসাৰ দিয়া নাই । এবাৰ এই পুখুৰীৰ বাবে পইচা আহিছিল বুলি শুনিছিলো; কিন্তু কি হ'ল নাজানো । যদি এই পুখুৰীকেইটা জলাশয় হিচাপে প্ৰতিষ্ঠা কৰে তেনেহ'লে ৰহঢলা পথাৰত পানীৰ অভাৱ নহ'ব আৰু গ্ৰাম্য পৰ্যটনক্ষেত্ৰ হ'ব ।"

